বহুদিন আগতে লিখা এটি কবিতা আজি অসম্পূৰ্ণ ভাবে ৰিণিকি ৰিণিকি মনত পৰিছে

মোক অকণমান বিষ দিয়া

মোৰ দেহৰ কোষত সৃষ্টি হোৱা এই বিষ

মই শুনিব বিচাৰিছো মোৰ দেহৰ আর্তনাদ

কি কব বিচাৰিছে বাৰু ?

খাদ্য লাগে,ৰক্ত লাগে নে ৰংবিহীন অক্সিজেন?

কিয় বাৰু কষ্ট দিছে মোৰ মনক?

ক'ত বাৰু এই বিষ?

মোৰ মাংসপেশীত?

মোৰ হাড়ত?

মোৰ গাঠিত?

মোৰ ছালত?

নে মোৰ মনত?

মোক অকণমান বিষ দিয়া

মোক অনুভৱ কৰিব দিয়া

এই বিষ

মোৰ বিষ

মোৰ কোষৰ আর্তনাদ

একান্ত ব্যক্তিগত এই বিষ

নোৱাৰো ভগাব তোমাৰ সৈতে

বুজাব নোৱাৰো এই আর্তনাদ।

মোক অকমান বিষ দিয়া।

মই মোৰ কোষবোৰক বুজিবলৈ

মোক অকণমান বিষ দিয়া।

সম্পূৰ্ণ মনত নথকা মোৰ এই কবিতা সদৃশ আত্মনুভূতিৰ মূলটোৱেই হৈছে আমি সদায়ে অনুভৱ কৰা বিষ।

আজি আমি এই বিষৰ কাৰণ সমূহৰ বিষয়ে আলোচনা কৰিম।প্ৰতিজন ব্যক্তিয়ে জীৱনত শৰীৰত বিষ অনুভৱ কৰে।

চিকিৎসক হিচাবে প্ৰায়বোৰ ৰোগীয়েই কয়- গাটো খুব বিষাই থাকে, কোনো কাম কৰিব মন নাযায়, শুই থাকিবলৈ মন যায়।আন কেতবোৰ কয় খোজ কাঢ়িলে বিষায়, আৰাম কৰিলে ভাল পাওঁ। আৰু আন কেতবোৰ কয় অনবৰতে বিষায় থাকে, না শুলে শান্তি না চলাফুৰা কৰিলে শান্তি।

এনেবোৰ কথা আমি সদায়ে শুনিব লগা হয়।

কিয় বিষায় বাৰু?

১)মানসিক উত্তেজনা(tension):

শৰীৰ আৰু মনৰ এক নিবিড় সম্পৰ্ক আছে।শৰীৰৰ অনুভূতিয়ে মনক আৰু মনৰ অনুভূতিয়ে শৰীৰক প্ৰভাৱিত কৰে।আমি অত্যাধিক চাপযুক্ত হৈ থাকিলে আমাৰ নাৰ্ভ সমূহ উত্তেজিত হৈ থাকে আৰু এনে অৱস্থাত শৰীৰৰ ৰক্ষ্যাকাৰী কেতবোৰ তত্ত্ব যাক healing factor আৰু anti inflamatory factor বুলি কোৱা হয় তেনেবোৰ তত্ত্বৰ অভাৱ হবলৈ ধৰে যাৰ ফলত শৰীৰত বিষ অনুভৱ হয়।

২)টোপনি ক্ষতি:

টোপনি আমাৰ অতি প্ৰয়োজন।(আমাৰ গোটত ডাঃ মনোজ গোস্বামীযে টোপনিৰ ওপৰত এটি সুন্দৰ লেখা আগবঢ়াইছিল। মনত আছে ছাগে)।

আমাক নিতৌ ৬-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। ইয়াতকৈ কম তথা সুখকৰ নিদ্ৰা নহলে মস্তিস্ক উত্তেজিত হৈ থাকে।

যাৰ ফলত শৰীৰৰ মাংসাপেশী সমূহো উত্তেজিত আৰু সংকুচিত অৱস্থাত থাকে। এনে অৱস্থাত শৰীৰত লৰচৰ কৰিলেই গাৰ বিষ অনুভৱ হয়।

৩)ৰক্তহীনত:

ৰক্তহীনত, যাক anaemia ৰোগ বুলি কোৱা হয় এনে ৰোগত গাৰ বিষ হয়। আমাৰ ৰক্তৰ হিমোগ্লবিনৰ পৰিমাণ কমি যোৱাক এনিমিয়া ৰোগ বোলে। পুৰুষ মহিলা তথা বয়স অনুপাতে ৰক্তত হিমোগ্লবিনৰ পৰিমাণ ভিন্ন ভিন্ন।

পুৰুষৰ তেজত মহিলাৰ তুলনায় ইয়াৰ পৰিমাণ বেছি। হিমোগ্লবিনে আমাৰ হাওঁফাওঁৰ পাৰে অক্সিজেন কঢ়িয়াই নিয়ে কোষবোৰলৈ। অক্সিজেন হ'ল কোষ বোৰৰ ইন্ধন। এই ইন্ধনৰ সহায়ত কোষবোৰে বিভিন্ন লাগতিয়াল কৰ্ম সম্পাদন কৰে।

অক্সিজেনৰ অভাৱত কোষবোৰে যথেষ্ট কষ্ট অনুভৱ কৰে কাৰণে শৰীৰটো বিষাবলৈ ধৰে। বিশেষকৈ অকণমান কাম কৰিলেই ভাগৰি যোৱা, বুকু ধপধঁপাই থকা আদি আনুসংগিক লক্ষণো পোৱা যায়।

৪)এলেহুৱা তথা আৰামী জীৱন শৈলী:

মই চিকিৎসক হিচাবে এনে বহু ৰোগী পাইছো যিয়ে সদায় দেহৰ কোনোবা নহয় কোনোবা এঠাইত বিষ অনুভৱ কৰে। পৰীক্ষাৰ অন্তত কোনো কাৰণ ওলাই নপৰে। যেতিয়া নিজৰ জীৱন শৈলীৰ কথা সোধো তেতিয়াই ওলাই পৰে মূল কাৰণ সমূহ।

আমি আটায়ে এটি আৰামদায়ক জীৱন বিচাৰো। কিন্তু জানেনে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ প্ৰতিটো কোষৰ ক্রিয়াশীলতাৰ প্ৰয়োজন।লগতে তেজ চলাচলো ঠিকমতে হোৱা দৰকাৰ।

আৰামী জীৱনে কেতবোৰ কোষক অকৰ্মন্য কৰি তোলে যাৰ ফলত শৰীৰত বিষ অনবৰতে লাগি থাকে।

৫)কেলচিয়াম আৰু ভিটামিন ডি ৰ অভাৱ:

চহৰীয়া জীৱন শৈলীয়ে আমাক সূৰ্যৰ ৰশ্মিৰ পৰা আতৰাই ৰাখিছে। সূৰ্যৰ ৰাস্মিত আলট্ৰা ভায়লেট আভা থাকে যাৰ সহায়ত আমাৰ ছালে ভিটামিন ডি উৎপাদনত সহায় কৰে। এই ভিটামিন ডি য়ে শৰীৰত কেলচিয়ামৰ ব্যৱহাৰত সহায় কৰে।

ভিটামিন ডি অবিহনে কেলচিয়ামে কোনো কাম কৰিব নোৱাৰে। শুনি আচৰিত হব যে বেছিভাগ ৰোগীৰ শৰীৰত আজিকালি এই ভিটামিনৰ যথেষ্ঠ অভাৱ দেখা যায়। ইয়াৰোপৰি কেলচিয়ামৰ অভাবটো শৰীৰত বিষ হয়।

৬)কেতবোৰ ৰোগ:

ডায়েবেটিচ:

অনিয়ন্ত্ৰিত ডায়েবেটিচ ৰোগীৰ নাৰ্ভ বোৰ বেয়াৰ পিনে যোৱাৰ ফলত মাংসাপেশীৰ বিষ হোৱা দেখা যায়। কেতিয়াবা এই ৰোগ পুৰণা হলে বিষ ভাল পোৱাৰ কোনো পথ বাছি নাথাকে।

ফাইব্ৰ'মায়েলজিয়া:

এই ৰোগত মাংসাপেশী সমূহ কঠিন হৈ পৰে আৰু গোটেই গাটো বিষাবলৈ ধৰে।

ক্ৰনিক ফেটিগ চিনদ্ৰ'ম:

এই ৰোগত কোনো কাৰণ অবিহনে ৰোগীয়ে ভাগৰুৱা অনুভৱ কৰে। লগতে ডিঙিৰ বিষ, নিদ্ৰাহীনত আদি লক্ষণো দেখা দিয়ে।

কেতবোৰ গাঁঠিৰ বিষ -

অষ্টিও আৰথ্ৰাইটিছ, ৰিউমতইড আৰথ্ৰাইটিছ, চিষ্টেমিক লুপাছ ইৰেথিমেটচিছ, সংক্ৰামনজন্য আৰথ্ৰাইটিছ ইত্যাদি বিভিন্ন গাঁঠিৰ বিষত শৰীৰৰ বিষ হোৱা দেখা যায়(এই সম্পৰ্কত পিছলৈ লেখা এটি আগবঢ়াম কাৰণে ইয়াত বিতংক আলোচনা কৰা নহ'ল)।

৭)সাধাৰণ ফ্লু:

সাধাৰণ চৰ্দি জ্বৰত গাৰ বিষ হয়। ইয়াৰ কাৰণ শৰীৰত ভিতৰত হোৱা inflamatory response ৰ বাবে।

৮)জলঅল্পত:

যাক dehydration বুলি কোৱা হয়। শৰীৰ জলীয়াংশ কমি গলেও গাৰ বিষ আৰম্ভ হয়।

৯)কেতবোৰ আন সংগক্রমন জন্য ব্যাধি:

নিমোনিয়া, মনোনিউক্লিওচিছ, লাইম ডিজিজ, আন যিকোনো সংক্ৰমনত গাৰ বিষ হব পাৰে।

১০)মাল্টিপুল sclerosis:

নাৰ্ভৰ অৱৰণৰ(myelin sheath) নষ্ট হোৱাৰ বাবে সৃষ্টি হোৱা এইবিধ ৰোগত ৰোগীয়ে গাৰ বিষৰ লগতে আন বহুতো লক্ষণ পোৱা যায়।

লেখক: ডাঃ অনুপ বৈশ্য।

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং-8638211711