বৃদ্ধাৱস্থাত নিজকে সুস্বাস্থ্যৰে তজবজীয়া হৈ ৰাখিবলৈ কিছুমান নীতি-নিয়ম বা যত্নৰ প্ৰয়োজন। নিজকে ধুনীয়াকৈ ৰাখিবৰ বাবে খাদ্যাভ্যাস, পৰিশ্ৰম, নিজৰ প্ৰয়োজন অনুসৰি বয়সত কাম-কাজৰ লগতে জিৰণি এই আটাইবোৰৰ প্ৰয়োজন। বৃদ্ধ বয়সত সাধাৰণতে নানা ৰোগে দেখা দিয়ে। এই সমস্যাসমূহৰ ভিতৰত মুখত বলিৰেখা, চুলি পকা, চুলি সৰা, চকুৰ গুৰি ক’লা পৰা ইত্যাদি নানা সমস্যা। শোটোৰা ছালৰ বাবে ঘৰুৱাভাৱে ল’ব পৰা উপায় নাৰিকলৰ গাখীৰ মুখত সানি ১০-১৫ মিনিটৰ পিচত ধুই পেলাওক। পকা কল ভালদৰে পিটিকি কণীৰ বগা অংশৰ লগত মিহলাই ১৫ মিনিট লগাওক। নাৰিকল তেল মুখত ১০ মিনিট মালিচ কৰক লাহে লাহে। তিয়হৰ ৰসৰ লগত সম পৰিমাণৰ গৰু গাখীৰৰ সৰ মিহলাই ১০ মিনিট সানি পানীৰে ধুই দিয়ক। আমাৰ ছালখনৰ শুকান ভাব আঁতৰাবলৈ ফেটি এচিডৰ প্ৰয়োজন। এই ফেটি এচিড সূৰ্যমুখী ফুলৰ দ্বাৰা তৈয়াৰী তেলত যথেষ্ট পৰিমাণে পোৱা যায়। এনেধৰণৰ তেলে আমাৰ শৰীৰৰ পানী নিষ্কাশনত বাধা দিয়ে। যাৰ বাবে আমাৰ শৰীৰৰ ছাল শোটোৰা নপৰে। ছাল ভালে ৰাখিবৰ বাবে নিয়মীয়াকৈ ছালকুঁৱৰীৰ বীজল অংশ সানিব লাগে। সদায় নিজৰ মনটো পৰাপক্ষত প্ৰফুল্ল কৰি ৰাখিব লাগে। যিসকলৰ মুখত শোটোৰা-শোটোৰা হৈ পৰিছে তেওঁলোকে পাৰিলে পকা অমিতা ছালত ছালত সদায় সানিব। পাৰিলে সদায় খাব। খাদ্য হজম হ’ব। ছাল নিমজ হোৱাৰ উপৰি মুখৰ দাগ দূৰ হোৱাত সহায় কৰিব। নিজকে তজবজীয়া কৰি ৰাখিবৰ বাবে কেইটামান আমলখি ৰ’দত শুকুৱাই এটা আইনাৰ বটলত মৌ দি ভালদৰে বতাহ সুমুৱাব নোৱাৰাকৈ থ’ব এমাহ। এই আমলখি পিচত খালে নিজকে তজবজীয়াকৈ ৰাখিব পাৰি। খাদ্য তালিকাত দৈ থাকিব লাগে। পাৰিলে নিজেই ঘৰতে দৈ বনাই খাব। দৈয়ে আমাৰ খাদ্য হজম কৰে। আমাৰ শৰীৰৰ স্নায়ুসমূহ সবল কৰি ৰাখিবলৈ ব্ৰাহ্মী শাক, মৰিচা শাক, মানিমুনি, আমলখি, কোমোৰা আদি খোৱা উচিত। সকলো প্ৰকাৰৰ বতৰ অনুযায়ী ফলৰ ৰস বা ফল খাব লাগে। ছালখন ভালদৰে ৰাখিবৰ বাবে খাদ্যপ্ৰাণ ‘চি’যুক্ত ফল-মূল পাচলি খাব লাগে। যেনে-শিলিখা, আমলখি, টেঙাজাতীয় ফল, সেউজীয়া শাক-পাচলি ইত্যাদি। সদায় মনত ৰাখিব লাগে যে চাফ-চিকুণতা আমাৰ সুস্বাস্থ্যৰ মূল চাবিকাঠী। বৃদ্ধাৱস্থাত আমাৰ শৰীৰ দুৰ্বল হোৱাৰ লগতে পাকস্থলীও দুৰ্বল হয়। সেইবাবে এনে খাদ্য খাব লাগে, যিবোৰ সহজে হজম হয়। আহাৰ খোৱাৰ মাজত পানী খাব নালাগে। খাদ্য গ্ৰহণ কৰাৰ আধা ঘন্টাৰ পিচতহে খাব লাগে। দিনটোত তিনি লিটাৰ পানী খালে ভাল। শুই উঠি খালী পেটত পানী খাব। উৎস: সম্ভাৰ।