খোৱাৰ প্ৰতি লোভ থাকিলেও বয়স বৃদ্ধিৰ লগে লগে কিছুমান খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সতৰ্ক হ’লে সুফল পোৱা যায়। বয়স বঢ়াৰ লগে লগে হ্ৰাস পায় ৰোগ প্ৰতিৰোধ ক্ষমতা। সেয়ে এনে এখন খাদ্য তালিকা আপোনাৰ বাবে দৰকাৰ, যিয়ে আপোনাক সু-স্বাস্থ্যৱানকৈ ৰাখিব।

(১) ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ ভিটামিন ‘এ’ সমৃদ্ধ খাদ্য যেনে- গাজৰ, বন্ধাকবি আদি খাদ্যৰ তালিকাত সংযোজন কৰক।

(২) ৬০ বছৰৰ পাছত গাৰ বিষত বহুতেই কষ্ট পায়। বিষৰ পৰা উপশম পাবলৈ মাছ খাওক। কাৰণ মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটিএচিড পোৱা যায়।

(৩) খাদ্যৰ তালিকাত পালেং শাক, গাখীৰ সংযোজন কৰক। ইয়ে শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰিব।

(৪) ষ্ট্ৰ’ক আৰু হাৰ্ট এটেকৰ শংকা বৃদ্ধি পায় এই সময়ত। সেয়ে ইয়াৰ পৰা আঁতৰত থাকিবলৈ নিতৌ ব্যায়াম কৰাৰ লগতে চেৰী আৰু ষ্ট্ৰবেৰী খাওক।

(৫) শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ পূৰণ কৰিবলৈ কণীৰ বগা অংশ খোৱাৰ অভ্যাস কৰক।

উৎস: নিয়মীয়া বাৰ্তা