আজিকালি বহু ল’ৰা-ছোৱালীয়ে অনবৰতে ম’বাইলৰ হেডফোন দুটা দুটা কাণত গুঁজি লৈ কথা পাতে নাইবা গান শুনি থাকে। বহুতেতো ৰাতি শুই থকা অৱস্থাতো কাণত হেডফোন লগাই থয়। আৰু তেনেদৰেই টোপনি যায়।

এইদৰে অনবৰত গান শুনি থকা বা কথা পাতি থকা কাৰ্যই মানুহৰ মগজুক অস্থিৰ কৰি তোলে আৰু মগজুৰ এই অস্থিৰ অৱস্থাৰ বাবে টোপনি নাহে, স্মৃতিশক্তিত ব্যাঘাত হয়।

পেছাত এগৰাকী চিকিৎসক তথা শিশু বিকাশৰ পৰামৰ্শদাতা হোৱা বাবে শিশুৰ বিভিন্ন সমস্যাৰ বিষয়ে প্ৰতিদিনে জানিব পাৰোঁ।

অলপতে এটা ১০ বছৰীয়া ল’ৰা মাক-দেউতাকৰ সৈতে মোৰ ওচৰলৈ পৰামৰ্শ বিচাৰি আহিছিল।

ল’ৰাজন বৰ্তমান গুৱাহাটী মহানগৰীৰ এখন অভিজাত ব্যক্তিগত বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ। মোৰ ক্লিনিকত সোমোৱাৰ পিছত তেওঁলোকৰ মতে নিজৰ একমাত্ৰ পুত্ৰ সন্তানটো আগতে পঢ়া-শুনাত ভালেই আছিলে।

কিন্তু লাহে লাহে সি তাৰ পঢ়াতকৈ ম’বাইল ফোনটোৰ প্ৰতিহে বেছি আগ্ৰহী হৈ পৰিছে। প্ৰথমতে তেওঁলোকে মহানগৰীৰ জীৱনত ল’ৰাটোৰ লগ-সংগ নাই বা খেলিবলৈ লগ নাই বাবে ম’বাইল ফোনতে কিছুমান ভিডিঅ’ গেম খেলি ব্যস্ত হৈ থাকিবৰ বাবে ব্যৱস্থা কৰি দিছিল।

কিন্তু এতিয়া ল’ৰাজনে ফোন নহ’লে থাকিবই নোৱাৰা হ’ল। কোনো কোনো সময়ত সি ইমান মনোযোগেৰে গেম খেলি থাকে যে তাৰ ওচৰত কোনোবা বহি থাকিলে সি গমকে নাপায় বা চিঞৰি মাতিলেও গম নাপায়।

স্কুলৰ পৰা আহিয়েই স্কুল বেগটো দলিয়াই থৈয়ে ম’বাইল ফোনটো হাতত লয় আৰু গেম খেলিবলৈ আৰম্ভ কৰে। সেইখিনি সময়ত তাক কোনোবাই আমনি কৰিলে সি অত্যধিক খঙাল হৈ পৰে। লাহে লাহে তাৰ চকুৰ পানী ওলোৱা, দৃষ্টিশক্তি হ্ৰাস পোৱা আৰু মেজাজী বা খঙাল স্বভাৱৰ হৈ গৈছে।

এয়া যদিও মই এজন ল’ৰাৰ কথা কৈছোঁ, কিন্তু মোৰ ওচৰলৈ প্ৰায়ে এনে সমস্যা লৈ বহু অভিভাৱক আহে।

দিনে দিনে এই সংখ্যা বৃদ্ধি পাইছে আৰু স্কুলৰ স্বাস্থ্য আঁচনিৰ অধীনত বহু স্কুলৰ অভিভাৱকৰ অভিযোগ আছিল যে তেওঁলোকৰ শিশুৱে ম’বাইলৰ গেমত বহু সময় ব্যয় কৰে।

প্ৰকৃততে বৰ্তমান যুগত এই ম’বাইলৰ ফোনৰ অত্যধিক ব্যৱহাৰ শিশুসকলৰ মাজত বৃদ্ধি পাব ধৰিছে। বহু অভিভাৱকে আকৌ ম’বাইল ফোন যে স্বাস্থ্যৰ পক্ষে হানিকাৰক সেই কথাও নাজানে।

ম’বাইল ফোন বৰ্তমান সমাজত পৰচলিত বৈদ্যুতিক আহিলাবোৰৰ ভিতৰত সৰ্বাধিক ব্যৱহৃত আহিলা।

প্ৰায় প্ৰতিজন মানুহেই ম’বাইলৰ জালত বন্দী এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ম’বাইল প্ৰস্তুত কৰা কোম্পানীবোৰে অধিক সহজলভ্য কৰি বজাৰত উলিয়াই দিছে।

অৱশ্যে ম’বাইল কিনিলে লগত দিয়া মেনুৱেল বুকখনত ম’বাইলৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়ে উল্লেখ আছে -

ক)ৰশ্মিজনিত প্ৰতিক্ৰিয়া:

ম’বাইল ফোনৰ পৰা কিছুমান অনাতাঁৰ তৰংগ বিচ্ছুৰিত হয়। এই তৰংগবোৰ মগজুৱে শোষণ কৰি লয়। মানুহৰ শৰীৰত কিমান তৰংগ শোষণ হয় তাক Specific absorption rate বা চমুকৈ SAR বুলি কোৱা হয়।

এই ৰ পৰিমাণ দেশভেদে বেলেগ বেলেগ হয়। ইয়াক বিভিন্ন দেশৰ চৰকাৰে নিৰূপণ কৰে আৰু নিয়ন্ত্ৰণত ৰাখে। কিন্তু তথাপি অত্যধিকভাৱে ম’বাইল ফোন ব্যৱহাৰ কৰিলে মানৱ দেহত বিশেষকৈ শিশুসকলৰ দেহত ই প্ৰভাৱ পেলাব পাৰে।

খ)তাপজনিত প্ৰতিক্ৰিয়া(Theramal effect):

ম’বাইল ফোন কাণত লৈ বেছি সময় কথা পাতিলে কাণখন বা ম’বাইল হেণ্ডছেটটো গৰম হয়। ইয়াৰ ফলত মগজুত তেজৰ চলাচল বৃদ্ধি পায়।

ইয়াৰ দ্বাৰা উচ্চ ৰক্তচাপত ভোগা মানুহে অস্বস্তি অনুভৱ কৰে। এই তাপজনিত ক্ৰিয়াৰ দ্বাৰা মগজুৰ লগতে কাণ, চকু আদিও প্ৰভাৱিত হয়।

গ)শব্দজনিত প্ৰতিক্ৰিয়া:

সাধাৰণতে ম’বাইলৰ শব্দ উচ্চ তৰংগৰ হয়। সেয়েহে একেৰাহে বহু সময় ধৰি ম’বাইল ফোনত কথা পাতিলে কাণৰ স্নয়ুজনিত সমস্যাত ভুগিব পাৰে।

আজিকালি বহু ল’ৰা-ছোৱালীয়ে অনবৰতে ম’বাইলৰ হেডফোন দুটা কাণত গুঁজি লৈ কথা পাতে নাইবা গান শুনি থাকে। বহুততো ৰাতি শুই থকা অৱস্থাতো কাণত হেডফোন লগাই থয়।

আৰু তেনেদৰেই টোপনি যায়। এইদৰে অনবৰত গান শুনি থকা বা কথা পাতি থকা কাৰ্যই মানুহৰ মগজুক অস্থিৰ কৰি তোলে আৰু মগজুৰ এই অস্থিৰ অৱস্থাৰ বাবে টোপনি নাহে, স্মৃতিশক্তিত ব্যাঘাত হয়।

ঘ)দৃষ্টিশক্তিজনিত প্ৰতিক্ৰিয়া:

শিশুসকলে মূলতঃ ভিডিঅ’ গেম বা চুটি দৃশ্যশ্ৰাব্য ছবি চোৱাৰ বাবে ম’বাইল ফোন ব্যৱহাৰ কৰে। শিশু অৱস্থাত ম’বাইল ফোনৰ উচ্চ ৰশ্মি বা পোহৰ একেৰাহে চলি থকাটো চকুৰ বাবে অত্যন্ত হানিকাৰক। তদুপৰি ভিডিঅ’ গেমবোৰ শিশুসকলক আসক্ত কৰিব পৰাকৈ তৈয়াৰ কৰা হয়।

এনে গেমবোৰৰ দ্বাৰা মগজুৰ গতি ত্বৰান্বিত কৰি শিশুটিক আমোদ দিবলৈ চেষ্টা কৰা হয়। সেয়েহে বেছি পৰিমাণে এনে গেম বা ভিডিঅ’ চাই থাকিলে শিশুটিৰ স্বভাৱ বা আচৰণত এক অদ্ভুত পৰিৱৰ্তন দেখা যায়।

ইয়ে শিশুসকলৰ মন-মগজু অধিকাৰ কৰি তেওঁলোকক এক কাল্পনিক জগতলৈ লৈ যায়। ফলত পৰিয়ালৰ লোক বা বাস্তৱত হোৱা ঘটনা আদিৰ প্ৰতি অনীহা বাঢ়ে। এনে পৰিৱৰ্তন শিশুটিৰ ভৱিষ্যতৰ বাবে অতি ক্ষতিকাৰক।

প্ৰতিজন অভিভাৱকে তেওঁলোকৰ শিশুটি যাতে ‘ম’বাইল মোনিয়া’ৰ চিকাৰ নহয়, তাৰ বাবে ম’বাইল ফোন ব্যৱহাৰৰ ওপৰত নজৰ দিব লাগে। অৱশ্যে অভিভাৱকসকলে নিজেও ম’বাইল ফোন কমকৈ ব্যৱহাৰ কৰিব লাগে।

লেখক: হেমন্ত কলিতা(নিয়মীয়া বাৰ্তা)