মগজুৰ তৰংগ। বিষয়টো পঢ়ি অকমান আচৰিত হৈছে নহয় জানো! কাৰণ আমাৰ বহুতৰে মাজত বিষয়টো অকমান আচহুৱা আৰু অপৰিচিত। এই মগজুৰ তৰংগই আমাৰ চিন্তাচৰ্চা পৰিচালিত আৰু কাৰ্যপন্থা স্থিৰ কৰে।

অন্যঅৰ্থত আমি যি ধৰণে কাৰ্য সম্পন্ন কৰো মগজুৰ তৰংগও তদ্ৰূপ আচৰণ কৰে। নিম্ন তৰংগৰ অধিপত্যত ব্যক্তি ভাগৰুৱা আৰু উচ্চ তৰংগৰ অধিপত্যত ব্যক্তি অত্যাধিক সচেতন হৈ পৰে।

মগজুৰ তৰংগক সংগীতৰ লহৰৰ লগত তুলনা কৰিব পাৰি। যিদৰে উচ্চ আৰু নিম্ন স্তৰৰ তৰংগই সুষম ভাৱে সংমিশ্ৰিত হৈ এক সুমধুৰ সংগীত সৃষ্টি কৰে।

মগজুত মূলত ৫ ধৰণৰ বৈদুতিক তৰংগ দেখা যায়। ই হৈছে: ডেল্টা, থেটা, আলফা, বেটা আৰু গামা। এই তৰংগ দৈৰ্ঘৰ একক গৈছে হাৰ্টজ বা চাইকেল/চেকেন্ড। প্ৰতিটোৰে চমু বিবৰণ তলত আগবঢ়োৱা হ'ল।

ডেল্টা (০-৩ হাৰ্টজ):

এই তৰংগবোৰ নিম্ন কম্পনাংকৰ কিন্তু অতি শক্তিশালী। গভীৰ নিদ্ৰা আৰু যোগৰ সমাধি অৱস্থাত ই প্ৰাপ্ত হয়। এই অৱস্থাত সপোন দেখাটো সম্ভৱপৰ নহয়।

ই পৰম আৰোগ্যকাৰী আৰু অমৃততুল্য। সেয়েহে ব্যক্তিৰ হৃত স্বাস্থ্য ঘুৰাই পাবলৈ গভীৰ নিদ্ৰাৰ প্ৰয়োজন অনুভৱ কৰা যায়।

থেটা (৪-৭ হাৰ্টজ):

এই তৰংগদৈৰ্ঘ অগভীৰ নিদ্ৰা আৰু ধ্যানৰ সময়ত উপলব্ধ হয়। ই শিক্ষণ, প্ৰশিক্ষণ,স্মৃতি আৰু চিন্তাশক্তিৰ বাহক।

এই সময়ত আমাৰ ইন্দ্ৰিয় সমূহে বিষয় বস্তুৰ পৰা দূৰত অৱস্থান কৰি নিজৰ মাজত কেন্দ্ৰভূত হয়।ব্যক্তি স্বপ্নত বিভোৰ হয়। নিজৰ ভিতৰত সোমাই থকা ভয়, অনিশ্চয়তা আৰু বিভিন্ন সমস্যাৰ সন্মূখীন হয়।

আলফা(৮-১২ হাৰ্টজ):

এই তৰংগ সমূহ ব্যক্তিৰ ভাৱ প্ৰবণ, শান্ত আৰু সমাহিত অৱস্থাত প্ৰাপ্ত হয়। ই বৰ্তমানৰ লগত সংলগ্ন। ই মগজুৰ জিৰণিৰ সময়। ব্যক্তিৰ মানসিক শক্তি বৃদ্ধিত ই বিশেষ ভাবে সহায় কৰে।

বেতা (১৩-৩৮ হাৰ্টজ):

এই তৰংগ ব্যক্তিৰ জাগ্ৰত অৱস্থাত প্ৰাপ্ত হয়। ব্যক্তি কোনো সমস্যাৰ সমাধান বিচাৰি মনযোগ দিলে বেতা তৰংগই তাক সাধিত কৰে। কৰ্মৰ গতিৰ উপৰত নিৰ্ভৰ কৰি বেতা তৰংগ সমূহ নিম্ন, মজলীয়া আৰু উচ্চ তিনি ভাগত বিভক্ত কৰা হৈছে। উচ্চ বেতা তৰংগ ব্যক্তিৰ উদ্বেগৰ কাৰণ হৈ পৰিব পাৰে।

গামা (৩৯-৪২ হাৰ্টজ):

গামা আটাইতকৈ দ্ৰুতবেগী তৰংগ। ই বিভিন্ন তথ্যৰ বিশ্লেষণ একে সময়তে কৰাত সহায়ক হয়। ই অতি সুক্ষ্ম বাবে, ব্যক্তি অতি শান্ত অৱস্থালৈ যোৱাৰ প্ৰয়োজন আহি পৰে।

গবেষকৰ মতে এক অনাবিল শান্তি আৰু একাত্মবোধৰ জ্ঞানপ্ৰাপ্তিৰ সময়ত এই তৰংগ উপলব্ধ হয়।

আচলতে মগজুৰ তৰংগ আৰু ব্যক্তিৰ দৈনিক অভিজ্ঞতা এটা আনটোৰ পৰিপূৰক। মগজুৰ তৰংগৰ বৈষম্যত ব্যক্তিৰ মানসিক ব্যাহত হ'ব পাৰে।

ইয়াৰ হ্ৰাস আৰু বৃদ্ধিত ব্যক্তি বিভিন্ন স্নায়বিক দূৰ্বলতা, বিষ, উদ্বেগ, হতাশা, নিদ্ৰাহীনতা, অনিদ্ৰা, মুৰঘুৰণী আদি ব্যাধিত পতিত হয়।

ব্যক্তিৰ দৃষ্টিভঙ্গী পৰিবৰ্তনৰ লগে লগে মগজুৰ তৰংগৰ পৰিবৰ্তনো সম্ভৱ। মগজুৰ কিছুমান প্ৰশিক্ষণে এই প্ৰক্ৰিয়া তৰাম্বিত কৰে। যোগ, ধ্যান আৰু প্ৰাণায়মে মগজুৰ তৰংগক সাম্যাৱস্থা প্ৰদান কৰে।

বিভিন্ন খাদ্যবস্তু আৰু ঔষধি এই ক্ষেত্ৰত সহায়ক হয়। আধুনিক জীৱনশৈলীৰ কিছু ধনাত্মক পৰিবৰ্তনও এইক্ষেত্ৰত বহুখিনি সহায়ক হব পাৰে।

লেখক: ডা: কমল কৃষ্ণ নাথ।

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ