১) হালধিৰ গুড়ি বা কেঁচা হালধি বটি, কেঁচা চূণ আৰু নিমখ এচামুচ লৈ ২৫০ গ্ৰাম পানীত উতলাই মিশ্ৰণটো যেতিয়া ডাঠ হ’ব (মলমৰ নিচিনা), তেতিয়া নমাই অলপ গৰম থাকোতেই মোচোকা খোৱা ঠাইত প্ৰলেপ দিলে বিষ আৰু ফুলা কমে । এনেদৰে ৩/৪ দিন দিব ।

২) বটগছৰ ছাল/ আকাশী লতা/ হাড়জোৰা লতা/ ভেদাই লতা/ কেঁচা হালধি/ বৰুণৰ ছাল (যিকোনো এবিধ বা দুবিধ) বটি প্ৰলেপ দি ৪/৫ দিন বান্ধি ৰাখিলে মোচোকা খোৱা ভাল হয়।

৩) ভেদাইলতাৰ ৰস ৩ চামুচকৈ দিনে দুবাৰকৈ খাব ।

৪) সিৰ লৰিলে ভেদাইলতাৰ ৰসত সমানে তিল তেল মিহলাই মৃদু মালিচ কৰিলে ৪/৫ দিনত মোচোকা খোৱা আৰোগ্য হয় ।

৪) পচতীয়াৰ পাত খুন্দি কাপোৰত টোপোলা কৰি আঘাত হোৱা স্থানত সেক দিব । ইয়াৰ ৰস গৰম কৰি মৃদু মালিচ কৰিলেও উপকাৰ পোৱা যায় ।

৫) সৰিয়হৰ তেলত সমানে তিল তেল মিহলাই তাৰ লগত কেইকোঁহমান নহৰু বটি একেলগে গৰম কৰি লৈ লাহে লাহে মালিচ কৰিলে ভাল উপকাৰ পোৱা যায় ।

৬) বিষ কমাবলৈ হ’লে কেঁচা হালধি আৰু নহৰু বটি আঘাত হোৱা স্থানত প্ৰলেপ দিব ।

৭) চজিনাৰ পাত আৰু গেন্ধাই ফুলৰ পাত একেলগে বটি ২/৩ দিন বান্ধি ৰাখিলে বিষ-বেদনা নাইকিয়া হয় ।

৮) ফুলিলে আকাশীলতা বটি গৰম কৰি লেপ দিলে ফুলা কমে ।

৯) ক’ৰবাত খুন্দা খাই ফুলিলে ফ্ৰিজত থকা বৰফ লগে লগে লগালে ফুলা কমে ।

১০) হাড়জোৰা লতা বটি লেপ দিলে ফুলা কমে ।

১১) জলফাইৰ তেলৰ লগত নাৰিকলৰ তেল মিহলাই লগালে ভাল কাম কৰে ।

১২) ভেদাইলতাৰ পাত বটি পাতল কাপোৰত টোপোলা কৰি কেটলিৰ মুখত তপতাই সেক দিব ।

১৩) তেঁতেলীৰ পাত বটি তাৰ লগত গুড় মিহলাই উখহা ঠাইত লগালে উখহা আৰু বিষ কমে নাইবা গৰম কৰি সেক দিলে ফুলা আৰু বিষ কমে ।

১৪) কান্নিৰ পাতত এৰাতেল সানি পাতখন জুইত সেকি মোচোকা খোৱা ঠাইত লাহে লাহে সেক দিলে বিষ কমি আৰোগ্য হয় ।

উৎস :- দেওবৰীয়া সম্ভাৰ