নেমুটেঙা, মৌজোল আৰু পানীৰে সৈতে ৰাতিপুৱাৰ শুভাৰম্ভ কৰাটো লাভজনক বুলি কোৱা হয়।কোনোবাই যদি ছালৰ উজ্জলতা বৃদ্ধি কৰিবলৈ মৌজোল আৰু নেমুটেঙাৰ ৰস সেৱন কৰে। কোনোবাই আকৌ ওজন কমাবলৈ ইয়াক ব্যৱহাৰ কৰা দেখা যায় । দৈনন্দিন জীৱনত মৌজোল আৰু নেমুটেঙাৰ পানী প্ৰয়োগ কৰাৰ আৰু বহতো উপকাৰিতা আছে । সেই বিষয়ে কিছু কথা জানো আহক…. (১) আধা টুকুৰা নেমুটেঙাৰ ৰস,এচামুচ মৌজোল আৰু অলপ গৰম পানী একেলগে মিহলাই ইয়াক ৰাতিপুৱা খালি পেটত লগে লগে সেৱন কৰক। এইখিনি সেৱন কৰাৰ এক ঘণ্টাৰ পিছতহে চাহ বা কফি গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপুনি গোটেই দিনটো সজীৱ আৰু ফুৰ্তিবান হৈ থাকিব পাৰে । মৌজোলে শৰীৰত Energy booster হিচাপে কাম কৰে। পানীয়ে আপোনাৰ মস্তিষ্ক সজীৱ কৰি ৰাখে আৰু নেমুৰ সুগন্ধই আপোনাৰ ভাগৰুৱা শৰীৰক কিছু সকাহ প্ৰদান কৰে। (২) নেমুটেঙাৰ ৰস,মৌজোল আৰু গৰম পানী, এই তিনিওটা মিহলাই আপুনি শৰীৰৰ পাচন প্ৰক্ৰিয়া বৃদ্ধি কৰি তুলিব পাৰে। নেমুত থকা কিছুমান পোষক পদাৰ্থ লিভাৰৰ কাৰণে ভাল যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে। (৩) আপোনাৰ Acidityৰ সমস্যা আছে নেকি ? তেন্তে নেমুটেঙাৰ ৰস আৰু মৌজোল সেৱন কৰক। মৌজোল হ’ল এক প্ৰকাৰৰ Enti-Oxident যি আপোনাৰ শৰীৰৰ বেক্টেৰীয়া আৰু বীজাণুবোৰ ধ্বংস কৰে। (৪) আহাৰ খোৱাৰ পিছত মৌজোল আৰু নেমুটেঙাৰ ৰস সেৱন কৰিলে শৰীৰত সৃষ্টি হোৱা অলাগতিয়াল পদাৰ্থ(Toxin)বোৰ বাহিৰলৈ ওলাই অহাত সুবিধা হয়। ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায়। (৫) ওজন কম কৰাৰ ক্ষেত্ৰটো মৌজোল,নেমুটেঙাৰ ৰস আৰু গৰম পানীৰ মিশ্ৰণ লাভজনক । এই মিশ্ৰণে শৰীৰৰ Metabolism অৰ্থাৎ প্ৰয়োজনীয় দৈহিক উপাদানবোৰ বৃদ্ধি কৰে আৰু ইয়াৰ দ্বাৰা ওজন কম হয় । (৬) নেমুটেঙাৰ ৰস,মৌজোল আৰু গৰম পানী একেলগে মিহলাই সেৱন কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হয় । তদুপৰি ইয়াৰ মিশ্ৰণে আমাৰ শৰীৰত Skin purifier ৰ কাম কৰে । ৰিদিপ ৰঞ্জন চেতিয়া