কলৰ ভালেমান উপকাৰী গুণ আছে। কলৰ উপকাৰী ঔষধীয় গুণবোৰৰ কাৰণে বহু মহিলা আৰু যুৱতীয়ে কল ব্যৱহাৰ কৰে ৰূপচৰ্চাৰ ক্ষেত্ৰত। আজিকালি ৰূপচৰ্চাত কল বহুলভাৱে ব্যৱহাৰ হয়। প্ৰাকৃতিক ফেচিয়েল ৰূপে কলৰ বাকলিৰ ব্যৱহাৰ বেছি ব্যয়সাধ্য নহয় আৰু ব্যৱহাৰৰ পদ্ধতিও সহজ।

আহকচোন, আজি তাৰে দুটিমান দিহা শিকি লওঁ:

ছালখন কোমল আৰু উজ্জ্বল কৰিবলৈ -

মুখমণ্ডলৰ ছালখন কোমল আৰু উজ্জ্বল কৰি ৰাখিবলৈ যুৱতী আৰু মহিলাসকলে পকা কলৰ বাকলিৰে ফেচপেক প্ৰস্তুত কৰি লয়। এই ফেচপেক ব্যৱহাৰ কৰি থাকিলে তেওঁলোকৰ চেহেৰা আৰু সুন্দৰ হৈ উঠে। অন্য বহুতো সৌন্দৰ্যচৰ্চাৰ উপায়তকৈ এই উপায়টো অধিক ফলপ্ৰসূ আৰু সহ।

কলৰ বাকলিৰে প্ৰ্স্তুত কৰা ফেচ মাস্কেৰে আপোনাৰ ছালত পৰা দাগ বা বলিৰেখা কম সময়ৰ ভিতৰতে নাইকিয়া কৰিব পাৰি। অথচ এনে ধৰণৰ দাগবোৰ আঁতৰাবৰ কাৰণে বিউটি পাৰ্লাৰলৈ গৈ ফেচিয়েল এটা কৰাব লগা হ’লহেতেন।

তাৰোপৰি আপুনি নিজে যিহেতু এই মাস্ক ব্যৱহাৰ কৰিব, সেয়ে বাহিৰলৈ ওলাই গৈ সময় খৰচ কৰাৰো প্ৰয়োজন নহ’ব। পাৰ্লাৰলৈ গৈ এবাৰ মাত্ৰ ফেচিয়েল কৰোৱালে আপুনি আশা কৰা মতে ফলাফল নেপাবও পাৰে। ছালখনৰ উজ্জ্বলতা বিশেষ চকুত পৰাকৈ ঘূৰি নাহিব পাৰে।

তেনে ক্ষেত্ৰত পকা কলৰ বাকলিয়ে আপোনাক সহায় কৰিব আৰু আপুনিও ঘৰতে বহি আপোনাৰ ছালখন উজ্জ্বল, কোমল আৰু মোলায়েল কৰি তুলিব পাৰে।

বলিৰেখা নিৰ্মূল কৰিবলৈ -

যদি আপোনাৰ মুখমণ্ডলৰ কোনো কোনো অংশত বলিৰেখা পৰিছে তেনেহ’লে চিন্তা নকৰিব। বয়স হ’লে এটা সময়ত বলিৰেখা পৰাটো স্বাভাৱিক কথা। বিশেষভাৱে কপাল আৰু চকুৰ বাহিৰৰ কোণত আৰু মুখত দুয়োকাষে বয়সত বলিৰেখা পৰিবই। কিন্তু কম বয়সতে বলিৰেখা পৰাটো বৰ স্বাভাৱিক কথা নহয়। আপুনি এই বলিৰেখা নাইকিয়া কৰিবলৈ কলৰ শাহ প্ৰয়োগৰ ঘৰুৱা দিহা মানি চলিব পাৰে। ইয়াৰ বাবে আপুনি ভালদৰে পকা কল এটাৰ শাহ পিটিকি মগু এটা প্ৰস্তুত কৰি লওক। এই মগু সনাৰ আগতে মুখখন ফেচৱাশ্ব সানি ভালদৰে ধুই শুকুৱাই লওক।

এতিয়া সমগ্ৰ মুখমণ্ডলত এই মগুৰে এটা প্ৰলেপ সানি ৩০ মিনিট সময় ৰৈ দিয়ক। পিছত সাধাৰণ পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক। এই ব্যৱস্থা আপুনি দুসপ্তাহ ধৰি প্ৰতিদিনে এবাৰকৈ কৰক। পিছত দেখিব আপোনাৰ মুখমণ্ডলৰ পৰা বলিৰেখা লাহে লাহে নাইকিয়া হৈছে।

চকুৰ তলত পৰা ক’লা দাগ -

বহুতো মহিলাৰ কম বয়সতে চকুৰ তলত ক’লা ঘূৰণীয়া দাগ পৰে। এই দাগক ‘ডাৰ্ক চাৰ্কোল’ বুলি কোৱা হয়। এনেধৰণৰ দাগ পৰিলে কেতিয়াও চিন্তা নকৰিব।

ইয়াৰ কাৰণে ঘৰুৱা দিহা হৈছে এনেধৰণৰ। প্ৰথমে আপুনি এটা পকা কলৰ বাকলি যিমান পাৰে হাতেৰে মোহাৰি বা পিটিকি তাৰ আঁহবোৰ উলিয়াই লওক।

এই আঁহবোৰৰ লগত এলোভেৰাৰ(চালকুঁৱৰী) জেল মিহলাই চকুৰ তলৰ পৰা দাগৰ ওপৰত লগাওক। পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক। এই ব্যৱস্থা একেৰাহে এসপ্তাহ কৰিলে চকুৰ তলত পৰা ক’লা দাগ নাইকিয়া হ’ব।

ছালৰ যতন -

ছালখন স্বাস্থ্যবান আৰু উজ্জ্বল কৰি ৰাখিবৰ কাৰণে ছালখনৰ প্ৰতি সততে মনোযোগ ৰাখিব লাগিব। ছালখন সুন্দৰ আৰু মিহি কৰি ৰাখিবলৈ হ’লে তেজ পৰিষ্কাৰ হোৱাটো অতি দৰকাৰী।

যদি আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ হৈ থাকে, তেনেহ’লে আমি কেবাবিধো ৰোগৰ পৰা বাছি থাকিব পাৰিম আৰু আমাৰ ছালখনো উজ্জ্বল মোহনীয় হৈ থাকিব।

ছালৰ যতনৰ কেইটিমান দিহা দিয়া -

*নেমু, বীট, গাজৰ আৰু সেউজীয়া পাতৰ শাক আদি নিজৰ আহাৰত নিয়মীয়াকৈ ৰাখক। এনেবিলাক খাদ্যই আমাৰ তেজ পৰিষ্কাৰ কৰি ৰাখিব।

*চেনি নিদিয়াকৈ আঙুৰৰ ৰস খাওক, এই ৰসে তেজৰ হিমোগ্ল’বিন বৃদ্ধি কৰিব।

*মৌয়ে তেজৰ হিমোগ্ল’বিন বৃদ্ধি কৰাৰ লগতে ৰক্ত সঞ্চালন কাৰ্য বৃদ্ধি কৰে। মৌ আয়ৰণ, মেংগানিজ আৰু কপাৰৰ ভাল উৎস।

*নহৰু তিনি ফোটা পানীৰ লগত নিয়মীয়াকৈ এমাহমান খাই থাকিলে তেজ পৰিষ্কাৰ হয়।

*ডালিমৰ বাকলি শুকুৱাই গুড়ি কৰি লওক আৰু এই গুড়ি এগিলাছ গৰম পানীত এচামুচ মাত্ৰাত মিহলাই প্ৰতিদিনে পুৱা খাওক।

*তিয়হে তেজ পৰিষ্কাৰ কৰিব পাৰে। সেয়ে প্ৰতিদিনে এটা মধ্যমীয়া আকাৰৰ তিয়হ খাই থাকক।

*এইবিলাকৰ উপৰি প্ৰতিদিনে গাখীৰ এগিলাছ, দৈ এবাটি আৰু দৈৰ ঘোল এগিলাছ খাওক।

কিছু দিহা:

*প্ৰয়োজনতকৈ কম সময় শুলে, চকুৰ আশে-পাশে ক’লা দাগ(ব্লেক চাৰ্কোল) পৰিব পাৰে। লগতে ছালখনো শুকান আৰু নিস্তেজ যেন দেখাব পাৰে।

সেয়ে ছালখন পূৰঠ আৰু কোমল দেখাবৰ কাৰণে প্ৰতিদিনে ৭-৮ ঘন্টাকৈ শোৱক।

ব্যায়াম আৰু শাৰীৰিক শ্ৰম -

প্ৰ্তিদিনে নিয়মীয়াকৈ অতি কমেও ৪৫ মিনিট সময় খৰকৈ খোজ কঢ়াৰ অভ্যাস কৰক। নহ’লে অতি কমেও মুকলি হাতেৰে ব্যায়াম কৰক।

উদ্বেগ-দুশ্চিন্তাৰ পৰা আঁতৰি থাকক -

*দুশ্চিন্তা আৰু উদ্বেগে চকুৰ তলত ক’লা দাগ হোৱাৰ আৰু চেহেৰা নিষ্প্ৰেভ আৰু নিস্তেজ হোৱাৰ আশংকা বঢ়ায়।

ইয়াৰ পৰা বাচি থাকিবলৈ যোগ, ধ্যান, ব্যায়াম আৰু বডি মাছাজ আদি কৰিব লাগে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(অলকানন্দা)