আপোনাৰ ছালখনৰ কাৰণে গাখীৰৰ সৰ বৰ উপকাৰী। এই সৰ প্ৰতিদিনে নিজৰ মুখমণ্ডলত সানিব লাগে।

আগত দিনত যেতিয়া ৰাসায়নিক উপাদান মিহলাই প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা হোৱা নাছিল, তেতিয়া সৌন্দৰ্যপ্ৰিয় মহিলাসকলে মুখত গাখীৰৰ সৰহে সানিছিল।

গাখীৰৰ সৰ প্ৰাকৃতিক ময়শ্চাৰাইজৰ। ইয়াত প্ৰোটিন আৰু চৰ্বিৰ দৰে উপকাৰী উপাদান কিছুমান থাকে।

এই উপাদানবিলাকে মানুঅহৰ শৰীৰৰ নষ্ট হোৱা কোষৰ পুনৰ গঠনৰ কামত সহায় কৰে।

গাখীৰৰ সৰে সৌন্দৰ্য চৰ্চাত কেনেদৰে সহায় কৰে জানি লঁও আহকচোন।

*গাখীৰৰ সৰ এবিধ উৎকৃষ্ট ক্লিনজাৰ।

এই সৰ হাতেৰে ভালদৰে মথি হৈ মুখমণ্ডলত সানি ১৫-২০ মিনিট সময় ৰাখিব লাগে।

পিছত কুহুমীয়া গৰম পানীৰ মুখখন ধুই পেলাব লাগে।

*মুখত কম বয়সতে পৰা বলি ৰেখাৰ পৰা মুক্ত হৈ থাকিবলৈ মুখত গাখীৰৰ সৰ সানি থাকিলে বলি ৰেখা নিমূল হয়।

ইয়াত থকা ভিটামিন আৰু প্ৰোটিন ছালৰ কাৰণে অতি উপকাৰী।

*প্ৰতিদিনে নিজৰ মুখমণ্ডলত গাখীৰৰ সতেজ সৰ সানিব লাগে।

এই ব্যৱস্থাৰ ফলত আপোনাৰ ছালখন কোমল হৈ থাকিব।

লগতে ইয়াত নিহিত থকা উপাদানে ছালখনলৈ উজ্জ্বলতা আৰু কমনীয়তা আনিব।

*গাখীৰৰ সৰ সানি থাকিব মুখখন সুন্দৰ হৈ উঠে।

যদি আপোনাৰ ছালখন শুকান, তেনেহ’লে প্ৰতিদিনে গাখীৰৰ সৰ ব্যৱহাৰ কৰক।

এই ব্যৱস্থাৰে ছাললৈ আৰ্দ্ৰতা ঘূৰাই আনিব আৰু মুখখনলৈ যৌৱনসুলভ কমনীয়তা ঘূৰি আহিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন