আজিৰ দিনত মেদ বঢ়াতো অতি ভয়ানক। মেদ বঢ়াৰ লগে লগে বহু বেমাৰে মানুহৰ শৰীৰত লগ দিয়ে। মেদ কেনেকৈনো কমাব পাৰি কিছুমান কিটিপ আমি পঢ়িব বিচাৰিছো: প্ৰথমতে মছলা, তেলজাতীয় আহাৰ খোৱাৰ পৰা বিৰত থাকক। এগিলাচ কুহুমীয়া পানীৰ লগত নেমুটেঙাৰ ৰসৰ লগত মৌ মিহলাই পুৱা প্ৰতিদিনে খালী পেটত খালে উপশম পাব পাৰিব। কেঁচা ফল-মূল, কেঁচা বুট, টেঙা দৈ, নেমুৰ চৰবত খাওক। ভাত কমকৈ খাব। ভাতৰ সলনি শুকান ৰুটি খাওক। সিজোৱা পাচলি, দাইল, চালাড, সেউজীয়া পাচলি আদি খাওক। চাহ খালে চেনি নিদিয়াকৈ খাওক। খোজ কঢ়াটো অতি জৰুৰী। দিনে অন্তত: ৩-৪ কিলোমিটাৰ যদি সম্ভৱ হয় খোজ কাঢ়িব লাগে। মেদজাতীয় আহাৰ যেনে: আলু, মিঠাই, ভাত, মাখন, ফাষ্ট ফুড কমাই খাব লাগে। ব্যায়াম কৰক। নিয়মিত ব্যায়ামে শৰীৰ সুঠাম আৰু সুশ্ৰী কৰে। নিতৌ নেমু খাবলৈ নাপাহৰিব আৰু প্ৰচুৰ পৰিমাণে পানী খাওঁক। গীতাশ্ৰী বেজবৰুৱা।