এটি মেদবহুল শৰীৰ সকলোৰে অপ্ৰিয়। ব্যস্ততাপূৰ্ণ সময়ছোৱাৰ মাজতে সুস্থ-সবল আৰু এটি সুগঢ়ী শৰীৰৰ বাবে কেইটিমান বিশেষ দিশৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। ইয়াতে আগবঢ়োৱা হৈছে ওজন কমোৱাৰ কেইটিমান টিপ্ছ-

হেল্থী শৰীৰৰ বাবে প্ৰধান মন্ত্ৰ হৈছে নিতৌ গ্ৰহণ কৰা এটি হেল্থী ডায়েট। বহুতে ওজন কমোৱাৰ বাবে প্ৰয়োজনীয়খিনিও খাবলৈ এৰা দেখা যায়। কিন্তু এনে কৰিলে শৰীৰৰ অপকাৰহে হয়। ইয়াৰ পৰিৱৰ্তে নিতৌ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক।

বৰ্তমান সময়ত আমি প্ৰায় সকলো অতি ব্যস্ত। এনে সময়ৰ মাজতে প্ৰতিদিনে কিছু সময় পুৱা বা গধূলি ব্যায়াম, খোজকঢ়া, শাৰীৰিক অনুশীলন আদিৰ অভ্যাস কৰক। ই ওজন কমোৱাত সহায়ক হ’ব।

অতিমাত্ৰা ভজা বা মছলাযুক্ত খাদ্য, বাহিৰৰ ফাষ্টফুড, চিপ্ছ, আন বাহিৰৰ মুখৰোচক খাদ্য আদি পৰিহাৰ কৰক। এনে খাদ্য শৰীৰৰ বাবে অনিষ্টকৰ।

টোপনি ক্ষতি, মানসিক চাপ, অতিমাত্ৰা চিন্তা আদিয়ে শৰীৰৰ ক্ষতিৰ লগতে মেদবহুল শৰীৰৰ অন্যতম কাৰক। প্ৰতিদিনে পৰিমিত টোপনি সুস্থ দেহ-মনৰ বাবে অতি আৱশ্যক। ইয়াৰ লগতে দৈনন্দিন কৰ্মব্যস্ত তথা ব্যক্তিগত জীৱনৰ পৰা উদ্ভৱ হোৱা বিভিন্ন সমস্যা, চাপ আদি দূৰীকৰণৰ উচিত পদক্ষেপ গ্ৰহণ কৰক।

প্ৰতিদিনে ব্যস্ততাৰ মাজতে নিজৰ বাবে আছুতীয়াকৈ কিছু সময় লওক আৰু আপুনি বিচৰা কিছু কাম কৰিব পাৰে, যিয়ে আপোনাক আনন্দ দিব। প্ৰতিদিনে স্ফূৰ্তি, আনন্দ মনেৰে থাকিবলৈ চেষ্টা কৰক, ই মানসিক অৱসাদ দূৰ কৰিব। সুস্থ এটি প্ৰফুল্ল মন আৰু হেল্থী ডায়েট আপোনাৰ সুস্থ শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ অন্যতম উপাদান।

লেখিকাঃ স্বপ্না দেৱী

উৎস: অসমীয়া খবৰ।