নিদ্ৰা মানৱ জীৱনৰ এক সহজাত প্ৰবৃত্তি । শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন মানুহে এক নিৰ্দিষ্ট সময়ৰ বাবে নিদ্ৰাত আসক্ত হয় আৰু কেইঘণ্টামানৰ বাবে নিদ্ৰামগ্ন হৈ গভীৰ প্ৰশান্তি লাভ কৰে । নিদ্ৰামগ্ন অৱস্থাত আমাৰ মগজুটোৱে বিশ্ৰাম লয় । নিদ্ৰাৱস্থাত আমি লাভ কৰো মধুৰতম সুখ আৰু শান্তি, দূৰ হয় আমাৰ শাৰীৰিক-মানসিক অৱসাদ । নিদ্ৰাৰ যোগেদি আমি আমাৰ সকলো দুখ-ভাগৰ আঁতৰাই পুনৰ পিচদিনাৰ বাবে নিজকে সক্ৰিয় কৰি তোলো । পিচে এই নিদ্ৰাৰ প্ৰয়োজন প্ৰতিজন মানুহৰ বাবে বেলেগ বেলেগ । এজন সুস্থ-সবল প্ৰাপ্তবয়স্ক মানুহৰ প্ৰতিদিনে সাত-আঠ ঘণ্টাৰ নিদ্ৰাৰ প্ৰয়োজন হয় । বয়স অনুপাতে অৱশ্যে নিদ্ৰাৰ তাৰতম্য ঘটে । সদ্যোজাত এটি শিশুক ১৮ ঘণ্টাৰ পৰা ২০ ঘণ্টাৰ নিদ্ৰাৰ প্ৰয়োজন হয় । এই সময়খিনি তেওঁলোকৰ বাবে স্বাভাৱিক । ঠিক তেনেকৈ এজন কিশোৰৰ ৮-১০ ঘণ্টা নিদ্ৰাৰ বিপৰীতে এজন বৃদ্ধৰ বাবে ৪-৫ ঘণ্টাৰ নিদ্ৰাই যথেষ্ট । সাধাৰণতে এজন মানুহ নিদ্ৰামগ্ন হোৱাৰ ২ ঘণ্টামান পিচতহে গভীৰ নিদ্ৰা হয় । ইয়াৰ আগৰ আৰু পিচত সময়ছোৱাত সাধাৰণতে নিদ্ৰা পাতল হোৱা দেখা যায় ।

নিদ্ৰাৱস্থাত হোৱা দৈহিক পৰিবৰ্তন -

আমাৰ দেহত নিদ্ৰামগ্ন অৱস্থাত প্ৰথম প্ৰভাৱটো পৰে আমাৰ মূল্যৱান চকুযুৰিত । নিদ্ৰাৰ ফলত চকু দুটাৰ বা ইয়াৰ লগত সংলগ্ন স্নায়ুসমূহৰ বিশেষ বিশ্ৰাম হয় ।

১) নিদ্ৰাৱস্থাত আমাৰ শ্বাস-প্ৰশ্বাসৰ বিশেষ পৰিবৰ্তন হয় । গতি ধীৰ আৰু গভীৰ হয় ।

২) ৰক্তচাপ কমি যায় ।

৩) হৃদযন্ত্ৰৰ কাম মন্থৰ হয় অৰ্থাৎ গতি আৰু শক্তি দুয়োটাই কমে ।

৪) দেহত অক্সিজেনৰ খৰচ কমকৈ হয় ।

৫) প্ৰস্ৰাৱ নি:সৰণ পৰিমাণ কমে ।

নিদ্ৰাৱস্থাত আমাৰ দেহত হোৱা এই পৰিবৰ্তনসমূহ নিদ্ৰা শেষ হোৱাৰ লগে লগেই আকৌ সঠিক অৱস্থালৈ আহে । সকলো দুখ-যন্ত্ৰণা পাহৰি আমি লাভ কৰো প্ৰতিটো নিশাতেই গভীৰ প্ৰশান্তি । পিচে আধুনিক জীৱন-যাত্ৰাত আমি লাভ কৰা এই সুখনিদ্ৰা আজি যেন বহুতৰ জীৱনৰ পৰাই হেৰাই যোৱাৰ উপক্ৰম হৈছে । দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত নিশা শোৱাপাটীত পৰি টোপনিৰ অপেক্ষাত ঘণ্টাৰ পিচত ঘণ্টা ছটফটাই থাকিবলগীয়া হয় । অৱশেষত যেনিবা টোপনি আহিলেও সেয়া স্থায়ী বা গভীৰ নহয় । ক’ৰবাত কিবা অকণমান শব্দ কাণলৈ আহিলেই নিদ্ৰা আঁতৰি যায় । কেতিয়াবা আকৌ কিছুমান ব্যক্তিয়ে টোপনি গৈ থকা অৱস্থাতেই আচৰিত আচৰণ কৰে । নিশা দুৱাৰ বুলি বাহিৰলৈকে ওলাই যায় ক’ব নোৱাৰাকৈয়ে । এইদৰে যেতিয়া বহু দিন বহু ৰাতি অতিবাহিত হয়, পিচলৈ তেনে ব্যক্তি নিদ্ৰাহীনতাৰ কবলত পৰে । নিদ্ৰাহীনতাই এবাৰ যদি আপোনাক গ্ৰাস কৰে, তেতিয়াহ’লে সহজে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা টান । যাৰবাবে বিশ্বব্যাপী নিদ্ৰাহীনতাই মানৱ সমাজৰ বাবে এক ভয়ানক সংকটৰ সৃষ্টি কৰিছে । এই সংকট সমাধানৰ বাবে বিশ্বব্যাপী চিকিৎসা আৰু মনোবিজ্ঞানীসকল ব্যস্ত হৈ পৰিছে আৰু গৱেষণা চলাই গৈছে ।

চিকিৎসা বিজ্ঞানীসকলে নিদ্ৰাহীনতাক তিনি ভাগত ভাগ কৰিছে -

১) ডিছ’মনিয়া

২) পাৰছ’মনিয়া

৩) ইন্স’মনিয়া

নিদ্ৰাজনিত এই তিনিওবিধ সমস্যাৰ ভিতৰত ইন্স’মনিয়াৰ সমস্যাটোক বেছি জটিল বুলি ধৰা হৈছে । ইন্স’মনিয়াত কম দিনৰ ভিতৰতে দেহ-মনলৈ অৱসাদ নামি আহে । এই অৱসাদগ্ৰস্ত মগজুৰ স্নায়ুসমূহ উদ্বিগ্ন হৈ উঠে আৰু জটিলৰ পৰা জটিললৈ যায় । তেতিয়া শৰীৰত কিছুমান বিশেষ লক্ষণ দেখা পোৱা যায় ।

১) নিশা বিছনালৈ যোৱাৰ সময়ত মনটোক অযথা চিন্তাই আমনি কৰে ।

২) নিদ্ৰা আহিলেও পাতল হয় আৰু সপোন দেখে ।

৩) নিশা পেটত বায়ু জমা হয় ।

৪) শৌচ খোলোচা নহয় ।

৫) মূৰটো গধুৰ গধুৰ লাগে আৰু বিষ অনুভৱ হয় ।

৬) দৈহিক জঠৰতা

৭) মানসিক অস্থিৰতা

৮) খং ভাব বেছি হয় ।

অৱশ্যে এইবোৰ সমস্যা বা লক্ষণ দেখা পোৱাৰ পিচতো বহুতে ইয়াক নিৰ্দিষ্টকৈ ৰোগ হিচাপে গণ্য কৰিবলৈ টান পায় । কাৰণ আগৰে পৰা দেহত থকা অন্য জটিল সমস্যাৰ বাবেহে মানুহ এই সংকটৰ কবলত পৰে । এই সমস্যাবোৰক তিনি ধৰণে ভাগ কৰিব পাৰি, যেনে- শাৰীৰিক কাৰণ, মানসিক কাৰণ আৰু পাৰিপাৰ্শ্বিকতাজনিত সমস্যা ।

শাৰীৰিক কাৰণ -

শৰীৰত দুৰাৰোগ্য আৰু জটিল ৰোগৰ আক্ৰমণ, দৈহিক উত্তেজনা, খং, শৰীৰত পোৱা যিকোনো আঘাত, বিষ, নিচাজাতীয় দ্ৰব্য সেৱন কৰা ব্যক্তিয়ে হঠাৎ সেই অভ্যাস ত্যাগ কৰা, অত্যধিক ভোজন অথবা অধিক ভোকত থকাৰ ফলত নিদ্ৰাহীনতা সৃষ্টি হ’ব পাৰে ।

মানসিক কাৰণ -

মনলৈ অহা উদ্বেগ, দুশ্চিন্তা আৰু হতাশা, নিৰাপত্তাহীনতা, পাৰিবাৰিক জটিলতা, কোনো আত্মীয়ৰ আকস্মিক দুৰ্যোগ বা মৃত্যু, কৰ্মক্ষেত্ৰত দেখা দিয়া জটিলতা, কৰ্মহীনতা, প্ৰেমজনিত সমস্যা, অধ্যয়নত বিফলতা, মাদক দ্ৰব্যত আসক্তি, অভাৱনীয় আৰ্থিক ক্ষয়-ক্ষতিৰ বাবে নিদ্ৰাহীনতাৰ সৃষ্টি হ’ব পাৰে ।

পাৰিপাৰ্শ্বিক প্ৰভাৱ :-

আজিৰ আধুনিক আৰু যন্ত্ৰ যুগৰ ভয়াৱহ ফল, পাৰিপাৰ্শ্বিক প্ৰদূষণৰ বাবেও-মানৱ সমাজলৈ নামি আহিছে অভাৱনীয় উদ্বেগ-উত্তেজনা আৰু নানা ৰোগ-ব্যাধি । আজিৰ ভোগবাদী সমাজত পাৰ্থিৱ ভোগ-বিলাসৰ পিচত দৌৰি দৌৰি মনউহে নিজক নিঠৰুৱা আৰু ভাগৰুৱা কৰিছে । কিন্তু ফলাফল শুন্য । এনেদৰে হেৰাই যাব ধৰিছে আমাৰ সুখনিদ্ৰা ।

এই অৱস্থাত আপুনি কি কৰিব -

এইটো সঁচা কথা যে নিদ্ৰাহীনতাৰ জটিলতাই আমাৰ জীৱনৰ শান্তি বিনষ্ট কৰে । ইয়াত পোনপটীয়া আৰু তাৎক্ষণিক প্ৰভাৱৰ বাবে মৃত্যুৰ আশংকা নাই যদিও ই এটা জটিল সমস্যা । এই সমস্যা সমাধানাৰ্থে আধুনিক চিকিৎসা পদ্ধতিত বিভিন্ন বিধি-বিধান আৰু ঔষধ-পাতি আৱিষ্কৃত হৈছে । চিকিৎসকৰ পৰামৰ্শমতে এইবোৰ ব্যৱহাৰ কৰিলে ৰোগীয়ে তৎক্ষণাতে নিদ্ৰাৰ কোলাত পৰে । কিন্তু ই এটা সাময়িক উপশমহে । আচলতে ৰোগীজনৰ কি হৈছে, তাৰ এটা কাৰণভিত্তিক বিচাৰ বা চিকিৎসা কৰা নহয় । ইয়াৰ ফলত মানসিক অন্তৰ্দ্বন্দ্ব দূৰ নহয়, বৃদ্ধিহে পায় । এই ৰোগৰ স্থায়ী নিৰাময়ৰ বাবে এক ফলপ্ৰসু আৰু পাৰ্শ্বক্ৰিয়াহীন চিকিৎসা হৈছে যোগ চিকিৎসা বা যোগ সাধনা ।

যোগ চিকিৎসা -

যিকোনো ৰোগ নিৰাময়ৰ বাবে সুকীয়া যোগ চিকিৎসাৰ বিধান আছে । নিয়মিত যোগাভ্যাসআৰু নিয়ম-নীতি পালনেই এই চিকিৎসাৰ আধাৰ । ইয়াৰ ফলত দেহস্থ গ্ৰন্থিসমূহ সুস্থ-সবল হৈ সেই গ্ৰন্থিবোৰৰ পৰা সঠিক মাত্ৰাত নিৰ্গত হোৱা গ্ৰন্থিৰসে শৰীৰটোক কম সময়ৰ ভিতৰতে স্বাস্থ্যৱান কৰি ৰোগ নিৰাময়ত বিশেষ ভূমিকা পালন কৰে । এনেদৰে দেহ সুস্থ হোৱাৰ লগে লগে মনো সুস্থ হৈ পৰে । দেহ-মনৰ এই সমতা স্থাপনে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাও স্থাপন কৰে । লগতে প্ৰবল ইচ্ছাশক্তি বৃদ্ধি পায় আৰু জীৱনৰ প্ৰতি সজাগতা বৃদ্ধি হয় । এনেদৰে মানুহে সফল জীৱন-যাপনৰ দিশত আগবাঢ়ে ।

যোগা তালিকা (পুৱাৰ বাবে )-

যোগ পদ্ধতিৰ বিধি-বিধানমতে সূৰ্যোদয়ৰ আগতে শোৱাপাটী এৰিব লাগে । তাৰ পিচত দুই গিলাচ পানী খাই (প্ৰাত: কৃত সম্পন্ন হ’লে ভাল) মুকলি ঠাইত প্ৰাত:ভ্ৰমণ কৰক ২০-৩০ মিনিট । ভ্ৰমণ সমাপ্ত কৰি ঘৰলৈ ঘূৰি আহি চিৎ হৈ শুই দিয়ক বা শৱাসন কৰক । এনেদৰে ২-৩ মিনিট বিশ্ৰাম ল’ব । তাৰ পিচত তলত দিয়া ধৰণে যোগাভ্যাস কৰিব ।

১) সূৰ্য নমস্কাৰ – ৫ বাৰ

২) কটিচক্ৰাসন – ১০ বাৰ

৩) তিৰ্ষক তাৰাসন- ১০ বাৰ

৪) সহজ বিপৰীতকৰণী মুদ্ৰা – ৩ মিনিট

৫) পৱনমুক্তাসন- ৪ বাৰ

৬) সহজ প্ৰাণায়াম নং ৭,৮ প্ৰত্যেকটো দুই মিনিটকৈ ।

৭) ওম প্ৰাণায়াম- ৩ মিনিট

৮) শৱাসন- ২ মিনিট

১০) যোগাভ্যাসৰ আধাঘণ্টাৰ পিচত টাববাথ কৰিব ১০ মিনিট । (নাভি তল যোৱাকৈ পানীত বহা) । আবেলি মুকলি ঠাইত মুক্ত বায়ু সেৱন অৰ্থাৎ ভ্ৰমণ প্ৰাণায়াম ২০-২৫ মিনিট, ৪+৬ , ৬+৮ ক্ৰম অনুসাৰে ।

গধূলি -

*সৰ্বাংগাসন :- ৩-৫ মিনিট

*মৎস্যাসন :- ২ মিনিট

*অগ্নিসাৰধৌতি নং ১- ২০ বাৰ

*সহজ প্ৰাণায়াম নং ৭ – ৩ মিনিট

*শশাংগাসন – ৫ বাৰ

*ভ্ৰামৰি প্ৰাণায়াম- ১০ বাৰ

*শৱাসন- ২ মিনিট

*গোমুখাসন-৫-১০ মিনিট (নিশা শুবৰ সময়ত, বিছনাত বহি) ।

*বজ্ৰাসন – ১০ মিনিট (প্ৰধান আহাৰৰ পিচত)

*যোগনিদ্ৰা – ২০-২৫ মিনিট ।

নিয়ম আৰু পথ্য -

*নিশা সোনকালে শুই পুৱা সোনকালে উঠাৰ অভ্যাস কৰক ।

*দিনত শোৱা বদ অভ্যাস ত্যাগ কৰক । ই নিশাৰ টোপনি পাতল কৰে ।

* পুৱা নিদ্ৰা ভাগিলে এনেয়ে বিছনাত শুই নাথাকিব ।

*অত্যধিক মানসিক পৰিশ্ৰম আৰু খং, উত্তেজনা এৰাই চলক ।

*উত্তেজক খাদ্য, নিচাজাতীয় দ্ৰব্য ত্যাগ কৰক ।

*ঔষধ সেৱন কৰি নিদ্ৰা অনাৰ চেষ্টা নকৰিব ।

*জীৱনৰ গুৰুত্ব উপলব্ধি কৰক । এইক্ষেত্ৰত পৰিয়ালৰ লোকে সহায় কৰিব ।

*গধুলি কম পোহৰত মধুৰ সংগীত শুনিব ।

*শোৱাৰ আগতে মুখ-হাত ধুই এগিলাচ গাখীৰ খাব ।

*শুবৰ সময়ত সৰিয়হ তেলেৰে ভৰিৰ তলুৱাত পাতল বৃত্তাকাৰ মালিচ কৰিলে নিদ্ৰা আহে ।

*আমিষ খাদ্য বৰ্জন কৰিব । সেউজীয়া শাক-পাচলি, ৰসাল ফল, মানিমুনি, টেঙেচি টেঙা, পূৰৈ শাক, দৈ সু-পথ্য । এই ৰোগৰোগ্যৰ বাবে উক্ত নিয়ম-পথ্য আৰু যোগ চিকিৎসাৰ যৌগিক ক্ৰিয়া যেনে- নাসাপান, ধৌতিক্ৰিয়া আৰু সহজ বস্তিক্ৰিয়া সপ্তাহত দুদিনকৈ অভ্যাস কৰক । অচিৰেই সুন্দৰ টোপনিৰ জৰিয়তে সুন্দৰ আৰু সুস্থ জীৱন লাভ কৰিবলৈ সক্ষম হ’ব ।

লেখক :- হৰিপ্ৰসাদ তালুকদাৰ

উৎস :- দেওবৰীয়া সম্ভাৰ