আজিকালি চহৰে-নগৰে, গাঁৱে-ভূঞেও ফাষ্টফুড ইমান জনপ্ৰিয় হৈ পৰিছে যে ল’ৰা-ছোৱালীটো বাদেই ডেকা-বুঢ়াসকলৰো ফাষ্টফুডৰ প্ৰতি দুৰ্বলতা বাঢ়িছে। সেয়েহে আলিয়ে-গলিয়ে, ৰাস্থাই-ঘাটে ফাষ্টফুডৰ দোকানৰ অভাৱ নাই। সময়ৰ অভাৱৰ অজুহাতত ল’ৰা-ছোৱালীয়েও ঘৰত প্ৰস্তুত কৰা খাদ্য গ্ৰহণত অনিচ্ছা ইত্যাদি বহু কাৰণত আজিকালি ফাষ্টফুড এক শ্ৰেণী লোকৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষকৈ বিজ্ঞাপনবোৰত ফাষ্টফুডবোৰ বৰ আকৰ্ষণীয়কৈ দেখুওৱা কাৰণে ল’ৰা-ছোৱালীটো বাদেই ডাঙৰো আকৰ্ষিত হয়। বৰ্তমান ল’ৰা-ছোৱালীৰ টিফিনত মাতৃসকলে মেগি, চাওমিন, বাৰ্গাৰ আদি দিয়ে আৰু ল’ৰা-ছোৱালীয়েও মাতৃসকলক এনেধৰণৰ খাদ্য দিবলৈ খাটনি ধৰে। সন্তানৰ তাগিদাত মাতৃসকলৰো উপায় নাই। নহলে যে সন্তানে নোখোৱাকৈ থাকিব। বাধ্য হৈ মাতৃসকলে এনেধৰণৰ খাদ্য দি পঠিয়াই। ফাষ্টফুড যিমানেই সহজলভ্য সিমানেই শৰীৰৰ কাৰণে অপকাৰী। উদাহৰণস্বৰূপে চাওমিন। এই চাওমিন খাবলৈ অতি সোৱাদযুক্ত যদিও ই অন্য আহাৰ হজম হোৱাত বাধা প্ৰদান কৰে। তাৰ কাৰণ হৈছে চাওমিনত এবিধ সোৱাদযুক্ত ৰাসায়নিক মছলা ‘আজিনে’মাটো’ মিহলায়। ফলত চাওমিন খাবলৈ সোৱাদযুক্ত হয় যদিও ই আভোক কৰি পেলায় আৰু অন্য আহাৰ হজম হোৱাত বাধা প্ৰদান কৰে। ই বিভিন্ন ৰোগ বিশেষকৈ হৃদৰোগ হোৱাত অৰিহণা যোগায়। ফাষ্টফুডত মাংস আদি ভালে ৰাখিবলৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে। সোৱাদযুক্ত হ’বলৈ চেকাৰিণ ব্যৱহাৰ কৰে যিটো স্বাস্থ্যৰ কাৰণে হানিকাৰক। তদুপৰি ফাষ্টফুডৰ খাদ্য বহু সময়লৈ ভালে ৰাখিবলৈ আৰু সোৱাদযুক্ত হৈ থাকিবলৈও কৃত্ৰিম ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে, যিবোৰ খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্যৰ উন্নতি হোৱাতকৈ অৱনমিতহে ঘটে। ফাষ্টফুডত ব্যৱহাৰ কৰা এই ৰাসায়নিক দ্ৰব্যবোৰৰ বাবে ফাষ্টফুডত থকা ভিটামিন, লৌহ পদাৰ্থ, কেলচিয়াম আদি শৰীৰৰ বাবে প্ৰয়োজনীয় পদাৰ্থবোৰ অতি কম পৰিমাণে থাকে। সেই উপাদানবোৰ ৰাসায়নিক পদাৰ্থবোৰে নষ্ট কৰি পেলায়। ফলত শৰীৰে প্ৰয়োজনীয় উপাদাবোৰ কম পৰিমাণে গ্ৰহণ কৰাৰ কাৰণে বহু দিন ধৰি ফাষ্টফুড গ্ৰহণ কৰা লোকক বিভিন্ন ধৰণৰ ৰোগে আক্ৰমণ কৰে। সেয়েহে সৰু ল’ৰা-ছোৱালী উঠি অহা অৱস্থাত খাদ্য হিচাপে ফাষ্টফুড ব্যৱহাৰ নকৰাই ভাল বা কৰিলেও অতি কম পৰিমাণেহে ব্যৱহাৰ কৰিব লাগে। মাতৃসকলে কষ্ট কৰি হ’লেও সন্তানক ঘৰত তৈয়াৰী খাদ্য খাবলৈ শিকাব লাগে। নিয়মীয়াকৈ যিসকলে ফাষ্টফুড ব্যৱহাৰ কৰে, সেইসকলৰ ল’ৰা-ছোৱালীৰ স্বাভাৱিক শাৰীৰিক বিকাশ ঘটাত বাধাপ্ৰাপ্ত হয়। কাৰণ বয়স অনুযায়ী ল’ৰা-ছোৱালীয়ে প্ৰয়োজনীয় কেল’ৰি আৰু পুষ্টিগুণ লাভ নকৰে। গৱেষণাৰ তথ্য অনুযায়ী জানিব পৰা গৈছে যে ফাষ্টফুড ব্যৱহাৰ কৰাৰ ফলত শিশুৰ শ্ৰৱণশক্তি, দৃষ্টিশক্তি আদি লোপ পাব পাৰে। গতিকে ফাষ্টফুড নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ শিশুসকলৰ মাতৃসকলে বিশেষ সচেতনতা অৱলম্বন কৰিব লাগে। আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। বৰ্তমান আধুনিকতাৰ কৱলত পৰি বহুতো মাতৃয়ে পাকঘৰত বেছিকৈ সোমায় থাকিবলৈ টান পায়। লগতে মানুহৰ ব্যস্ততাৰো সীমা নাই। সন্তানক ধেমালি কৰি নি ফুচুলাই বিভিন্ন কাহানী, সাধুকথাৰ মাজেৰে ঘৰত প্ৰস্তুত কৰা বিভিন্ন খাদ্য জলপান, ভাত খোৱাৰ অভ্যাস কৰিলে নিশ্চয়কৈ সন্তানে খাব। যিহেতু বহুতো শিশুৱে ভাত খাবলৈ ইচ্ছা নকৰে। কিন্তু তাকে কৰিবলৈ বা ফাষ্টফুডৰ অপকাৰিতাৰ কথা ভাবিবলৈ আজিৰ বহুতো নাৰীৰ সময় নাই। কিন্তু এটা কথা সত্য যে ‘স্বাস্থ্য ধন পৰম ধন’, ‘দেহা থাকিলেহে বেহা’ এই শাশ্বত আপ্তবাক্যশাৰী সাৰোগত কৰি মাতৃসকলে সন্তানৰ সুস্বাস্থ্যৰ কথা চিন্তা কৰি অলপ যত্ন আৰু কষ্ট কৰি ঘৰতে তৈয়াৰী খাদ্য গ্ৰহণ কৰিবলৈ ল’ৰা-ছোৱালীক শিকাব লাগে। লেখক: ঊষা দেৱী, নিয়মীয়া বাৰ্তা।