নেমুৰ ৰস, গোলাপ জল আৰু গ্লিচাৰিণ মিহলাই প্ৰতিদিনে গা-ধোৱাৰ পিছত সানিলে ৰুক্ষ ছাল মসৃণ হৈ পৰিব। চাবোনৰ সলনি মুখ ধুওঁতে বেচনহে ব্যৱহাৰ কৰিব। মাজে মাজে অলিভ অইল মালিচ কৰিলে ছাল নিমজ হৈ থাকে। মৌ আৰু গাখীৰৰ ৰস মিহলাই ১৫-২০ মিনিট সময় মুখত ঘঁহি ঠাণ্ডা পানীৰে ধুই পেলাওঁক। মছলাযুক্ত খাদ্য খাব নালাগে। পেট পৰিষ্কাৰ থাকিলে গালত দাগ পৰাৰ সম্ভাৱনা নাথাকে। ছালৰ মসৃণতা অটুট ৰাখিবলৈ জহকালিতকৈ জাৰকালি হাত ভৰিৰ ছাল একেবাৰে খহটা আৰু ৰুক্ষ হৈ পৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ হ’লে নেমুৰ ৰস, গোলাপজল আৰু গ্লিচাৰিণ মিহলাই প্ৰতিদিনে গা-ধোৱাৰ পিছত সানিলে ৰুক্ষ ছাল মসৃণ হৈ পৰিব। গোৰোহাত সদায় তেল মালিচ কৰিলে ছালখন কোমল হৈ পৰে। ৰাতি শোৱা পাটিত যোৱাৰ আগতে ওঁঠযুৰিত ভেছলিন লগাই শুব লাগে। দেখিব ৰাতিপুৱা ওঁঠযুৰি কোমল হৈ পৰিছে। লেখিকা: বৰ্ণালী দেৱী।