পুৱাৰ ভাগত -

১) শীতকালত দিনে-নিশাই ঠাণ্ডা বতাহ বৈ থাকে । গতিকে প্ৰাত:ভ্ৰমণ কৰাৰ অভ্যাস থাকিলে কিছু পলমকৈ ওলাব তথা কাণে-ডিঙিয়ে মাফলাৰ বান্ধি ল’ব ।

২) পুৱাৰ আৰম্ভণি কুহুমীয়া পানী পি কৰিব ।

৩) নিশাৰ ভাগত পানীত তিয়াই ৰখা আখৰোট, বাদাম, কিচমিচ আদি শক্তি আৰু বয়স অনুসাৰে চোবাই চোবাই খাব ।

৪) তুলসীৰ পাঁচখিলা পাত খালীপেটত খোৱাৰ অভ্যাস কৰিলে আপুনি গোটেই বছৰটোলৈ বহু ৰোগৰ পৰা মুক্ত হ’ব পাৰিব ।

৫) চাহ সেৱন কৰে যদি তুলসী-আদা মিশ্ৰিত সাধাৰণ চাহ খোৱাটো উচিত হ’ব ।

৬) পুৱা-গধূলি এক চামুচকৈ চৱনপ্ৰাশ খোৱাটো লাভদায়ক ।

৭) পুৱা ঘৰৰ পৰা ওলোৱাৰ আগেয়ে নাক, নাভি আৰু কাণ দুখনত সামান্য সৰিয়হৰ তেল সানি ল’ব ।

দুপৰীয়াৰ ভাগত -

১) ঠাণ্ডাৰ দিনকেইটাত দহ-এঘাৰ বজাৰ কোমল ৰ’দত অৱশ্যেই বহিব ।

২) সৰিয়হ তেলৰ মালিচ কৰি যদি আপুনি দহ-পোন্ধৰ মিনিট ৰ’দত বহে, তেতিয়া শৰীৰলৈ সতেজতা আহিব ।

৩) বতৰৰ ফল, পাচলি খোৱাটো উত্তম ।

৪) দুপৰীয়াৰ আহাৰৰ সৈতে গাজৰ, কমলা বা মৌচম্বীৰ ৰস গ্ৰহণ কৰিব পাৰে । মনত ৰাখিব, জুচ খালি পেটতহে পিব ।

৫) কেঁচা পাচলি যেনে- গাজৰ, মূলা, মটৰ দুপৰীয়াৰ আহাৰ কৰাৰ পিছত খাব ।

৬) দুচকীয়া বাহনেৰে যদি চলাচল কৰে, তেন্তে হেলমেট পিন্ধিবলৈ নাপাহৰিব । ঠাণ্ডা বতাহ তথা ৰ’দৰ পৰা ৰক্ষা পৰিব । দিনটোৰ ভিতৰত যিমান পাৰে পনীয়া দ্ৰব্য সেৱন কৰিব ।

৭) চেষ্টা কৰিব যাতে ফ্ৰিজৰ ব্যৱহাৰ কমকৈ কৰা হয় ।

৮) গৰম গাখীৰত হালধি মিহলাই মাজে সময়ে পিব পাৰে ।

নিশাৰ ভাগত -

১) ঠাণ্ডা বস্তুৰ সেৱন শীতকালত বৰ্জনীয় । ধ্যান ৰখা ভাল যাতে ঠাণ্ডা খোৱাৰ পিছত গৰম বস্তু খোৱা নহয় ।

২) অকাৰণত বহু ৰাতিলৈ সাৰে নাথাকিব । ইয়াৰ ফলত শৰীৰত গেচট্ৰিকৰ সমস্যা বাঢ়িব ।

৩) নিশাৰ আহাৰ অত্যধিক গুৰুপাকী হোৱা উচিত নহয় । এই দিশলৈ গুৰুত্ব দিব ।

৪) মুকলি আকাশৰ তলত শুদা মূৰেৰে নিশাৰ ভাগত থিয় নহ’ব ।

৫) নিশা শোৱাৰ সময়ত আপুনি পাঁচটা তুলসীৰ পাত, পাঁচটা নিমপাত, লং এটা, দুই-চাৰিটা জালুক- আটাইখিনি পানীত উতলাই নেমুৰ ৰস অলপমান মিহলাই পিব । ডিঙি, কাণ তথা নাকৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰিব ।

৬) শীতকালীন অন্যান্য সমস্যাৰ ক্ষেত্ৰত ঔষধ সেৱন কৰাৰ পৰিৱৰ্তে যদি আপুনি ঘৰুৱা কিছু উপায় অৱলম্বন কৰিব পাৰে , সেয়া বেছি ভাল হ’ব ।

লেখিকা :- ৰীণা দেৱী

উৎস :- নন্দিনী

বাহিৰত খোৱা-বোৱা আৰু ল’ব লগা কিছু সাৱধানতা -

অতিৰিক্ত কেল’ৰি অবিহনে উদযাপন :-

ই সত্য যে উৎসৱ উপলক্ষে ঠায়ে ঠায়ে ৰং-বিৰিঙৰ মিঠাই তথা অন্য লোভনীয় খাদ্যবস্তুসমূহ দেখি সকলোৰে খাবলৈ মন যায় অথবা বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্বৰ সৈতে লান্স বা ডিনাৰ কৰাৰ ইচ্ছা হয় । এনেস্থলত আপুনি ঘৰৰ পৰা ওলোৱাৰ সময়ত এবিধ পুষ্টিকৰ খাদ্য নতুবা স্নেকচ খাব বা পেট ভৰাই পানী পি ল’ব । এনে কৰাৰ ফলত আপুনি অতিমাত্ৰা ভোজনৰ পৰা বিৰত থাকিব পাৰিব । একেদৰে অকস্মাতে কাৰোবাৰ সৈতে এসাঁজ খাবলগীয়া হ’লে প্ৰথমতে আপুনি চালাড কিছু পৰিমাণে খাই ল’ব বা ফ্ৰুট জুচ খাব পাৰে । যদি উৎসৱ উপলক্ষে মিঠাই বা মিঠাজাতীয় বস্তু খোৱাটো জৰুৰী হয়, তেন্তে কেৱল আইচক্ৰীম খাব । ইয়াৰ পিছত মূল আহাৰ গ্ৰহণ কৰিব ।

নঞৰ্থক প্ৰত্যুত্তৰ :-

নিজৰ বন্ধু-বান্ধৱ তথা আপোনালোকক ভালদৰে লগ পোৱাৰ বাবে উৎসৱ-পাৰ্বণৰ এই সময়খিনিয়েই সবাতোকৈ উত্তম । এনেক্ষেত্ৰত বিভিন্নজনক লগ পাই হাঁহি-স্ফূৰ্তি কৰাৰ মাজতে ক’ত, কিমান পৰিমাণৰ খাদ্যগ্ৰহণ কৰা যায় তাৰ কোনো লেখ-জোখ নাথাকে । ফলস্বৰুপে নিজৰ অজ্ঞাতেই শৰীৰত কেল’ৰিৰ মাত্ৰা বাঢ়ি আহিবলৈ ধৰে । সেয়ে এনে হোৱাৰ পৰা নিজক বচাবলৈ আপুনি কোনো সময়ত নঞৰ্থক প্ৰত্যুত্তৰ দিবলৈও সংকোচ নকৰিব । বৰঞ্চ এনেদৰে কোৱাৰ ফলত আপোনাৰ স্বাস্থ্য ঠিকে থাকিব ।

ফিটনেছ অটুট ৰাখিবলৈ -

*ক’লড ড্ৰিংকছৰ পৰিৱৰ্তে নেমুপানী খাওক ।

*চাট-পকৰিৰ সলনি ইডলি খাওক ।

*ফলমূল সেউজীয়া শাক-পাচলি খাওক উৎসৱৰ দিনতো ।

*নিশাৰ ভাগত বাহিৰত খাব লগা হ’লেও লঘু আহাৰ গ্ৰহণ কৰা ভাল ।

আনুষংগিক কিছু সাৱধানতা -

১) উৎসৱাদিত বাহিৰৰ দোকান-ৰেস্তোৰাঁ ভুলতো চালাড নাখাব, কিয়নো বহু সময়ৰ পূৰ্বেই চালাড কাটি ৰখা হয়, য’ৰ পৰা বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা বেছি থাকে ।

২) বজাৰৰ চুপ বা চৰবতৰ পৰিৱৰ্তে কফি পিব ।

৩) আপোনাৰ সন্মুখতে হয়তো চাইনীজ বা ইটালিয়ান খাদ্য ৰান্ধি থকা দেখিবলৈ পাব আৰু তাৰে গোন্ধ আহি নাকত লগাৰ লগে লগে খাই চাবৰো মন যাব । তথাপি খোৱাৰ আগেয়ে এবাৰ চিন্তা কৰি চোৱা উচিত, কাৰণ উচ্চ ৰক্তচাপৰ ৰোগী বা গৰ্ভৱতী মহিলা হ’লে এনে খাদ্যই উপকাৰতকৈ অপকাৰহে বেছি কৰিব ।

৪)আজিকালি প্ৰায়ে আমি চাহ, কফি, ক’লড ড্ৰিংক আদি প্লাষ্টিকৰ গিলাচত খাওঁ । কিন্তু ই স্বাস্থ্যসন্মত নহয় । ইয়াৰ পৰা কেন্সাৰ সৃষ্টি কৰিব পৰা তত্ত্ব উৎপন্ন হোৱাৰ সম্ভাৱনা থাকে । এই কাৰণতে প্লাষ্টিকৰ ব্যৱহাৰ নকৰিব ।

৫) ফ্ৰুট জুচ যদি তৈয়াৰ কৰাৰ আধাঘণ্টাৰ পিছত খায়, তেতিয়া তাত থকা পুষ্টিসাধক উপাদানখিনি নষ্ট হৈ যায় । সেয়ে জুচ তৈয়াৰ কৰাৰ ক্ষন্তেক পিছতে পি ল’ব ।

৬) সৰহসংখ্যকৰে ষ্ট্ৰীট ফুডৰ প্ৰতি আকৰ্ষণ বেছি । কিন্তু আমাৰ অজ্ঞাতেই তেনেবোৰ খাদ্যবস্তু বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হৈ বিষাক্ত হ’ব পাৰে । সেয়ে সাৱধান হোৱা উচিত ।

৭) পেকেটত থকা ফল বা বিদেশী খাদ্য খোৱাৰ পৰিৱৰ্তে স্থানীয় বজাৰত উৎপাদিত খাদ্য গ্ৰহণ কৰিব ।

বাচন-বৰ্তনৰ প্ৰতিও ধ্যান ৰাখিব :-

১) তাম বা এলুমিনিয়ামৰ বাচনত ৰখা খাদ্য নাখাব, কিয়নো ইয়াৰ পৰা ৰাসায়নিক বিক্ৰিয়া হোৱাৰ ভয় থাকে ।

২) সেউজীয়া শাক-পাচলি লোহাৰ বাচনত খালে তাত লৌহ তত্ত্ব বাঢ়ি যায় ।

৩) তামৰ বাচনত গাখীৰ, দৈ নাখাব ।

সৰ্বশেষত এষাৰ কথা উনুকিয়াই থওঁ, খোৱাৰ পূৰ্বে নিজৰ হাত দুখন ধুবলৈ নাপাহৰিব । এনেভাৱে প্ৰতিটো মূহূৰ্ত অতিবাহিত কৰিলে সুস্বাস্থ্য অটুট থাকিব ।

উৎস :- নন্দিনী