শীতৰ বতৰত ভৰিৰ গোৰোহা ফটাটো এটা সাধাৰণ সমস্যা৷ ই কেতিয়াবা বৰ কষ্টদায়ক সমস্যা হৈ পৰে৷ গ্ৰাম্য শ্ৰমজীৱি লোকসকলৰ বহুতেই ইয়াক এটা সৰু সমস্যা বুলিয়েই আওকান কৰা দেখা যায়৷

কেতিয়াবা ই ইমানেই ভয়ানক ৰূপ লয় যে ফাঁটবোৰৰ মাজেদি ভিতৰৰ ৰঙা কেঁচা মঙহো দেখা পোৱা যায়৷ ৰক্তক্ষৰণ হয় আৰু খোজকঢ়া অসম্ভৱ হৈ পৰে৷

এনে অৱস্থাত সংক্ৰমণ ঘটি বিপদ সৃষ্টি হব পাৰে৷ অকল গোৰোহাই নহয়, কিছুমান লোকৰ ভৰিৰ তলুৱাও ফাঁটি কলা চিৰিলাচিৰিল হোৱা দেখা যায়৷

এই সমস্যাক আওকান নকৰিব৷ ঘৰত বা হাততে পোৱা সামগ্ৰীৰে ইয়াৰ নিৰাময় সম্ভৱ৷ আপোনাৰ গোৰোহাও সমস্যাহীন, মশৃণ, কোমল আৰু আকৰ্ষণীয় কৰি তুলিব পাৰে৷ আপোনাৰ শৰীৰটো কঢ়িয়াই লৈ ফুৰা ভৰি হালৰ প্ৰতিও সচেতন হওক৷

গোৰোহা বা ভৰিৰ তলুৱাৰ ছাল প্ৰকৃতিগত ভাৱেই ডাঠ৷ সেয়ে শৰীৰৰ ভিতৰত উৎপন্ন হোৱা চিৰাম বা প্ৰাকৃতিক (শাৰিৰীক) আৰ্দ্ৰতা ৰক্ষক তেল তলুৱা বা গোৰোহাৰ বাহিৰৰ তৰপলৈকে গৈ নাপায়৷

এই পৌষ্টিক তত্ব আৰু তেল বা শৰীৰক তৈলাক্ত কৰি ৰাখিব পৰা উপাদান ভৰিৰ গোৰোহা বা তলুৱালৈকে গৈ নোপোৱাৰ বাবেই গোৰোহা খঁহটা হৈ ফাটে৷

এইখিনি সাধাৰণ কাৰণ৷ ইয়াৰ উপৰিও আন কিছুমান কাৰণতো এই সমস্যা সৃষ্টি হব পাৰে৷ যেনে–

গোৰোহা ফটা সমস্যা -

১. আৰ্দ্ৰতাহীনতা৷

২. একজিমা/ছৰাইঅচিচ/মধুমেহ জনিত বা আন ছালৰ শুষ্কতা৷

৩. বৃক্ক বা কিডনীৰ সমস্যা৷

৪. পুষ্টিহীনতা (ভিটামিন/খনিজ/জিংকৰ অভাৱ)

৫. জোতা বা চেণ্ডেলৰ দোষত৷

৬. পৰিচ্ছন্নতাৰ অভাৱ৷

৭. অবেচিটি বা ওজন বৃদ্ধি৷

৮. আনুবংশিক৷ ইত্যাদি৷

ইয়াত সাধাৰণ গোৰোহা ফটাৰ ঘৰুৱা নিৰাময়ৰ বিষয়ে আলোচনা কৰিম৷

এটা প্লাস্টিক বা স্টিলৰ চৰিয়াত কুহুমিয়া গৰম পানী লৈ তাত দুচামুচ নিমখ আৰু অলপ চেম্পু মিহলাই ভৰিহাল ১০ মিনিট জুবুৰিয়াই থব৷

(ইচ্ছা কৰিলে ১ চামুচ খোৱা চডা আৰু কেইটোপাল মান ডেটলো পানী খিনিত মিহলাই লব পাৰে) গোৰোহাৰ ফাটত সোমাই থকা ধুলি-বালি, জীৱানু আদি ওলাই পৰিব আৰু গোৰোহাৰ ফটা ছাল বোৰ কোমল হব৷

এতিয়া পিউমিচ শিলেৰে (কচমেটিক্সৰ দোকানত পাব) ঘঁহি গোৰোহা আৰু আন ফটা অংশ পৰিস্কাৰ কৰিব৷ এই প্ৰক্ৰিয়াৰে ভৰিৰ মৃতকোষ বোৰ পৰিস্কাৰ হব৷

এতিয়া পৰিস্কাৰ কুহুমীয়া গৰম পানীৰে ভৰিহাল ভালদৰে ধুই শুকান কাপোৰেৰে মচি লৈ তলৰ যি কোনো এবিধেৰে ভৰিৰ তলুৱা আৰু গোৰোহাত কোমল হাতেৰে দহ মিনিট ভালদৰে মালিচ কৰি মোজা পিন্ধি শুব৷

কিটিপ -

(ক) দুই চামুচ মিঠাতেলত এক ইঞ্চি মম মিহলাই গৰম কৰি বনাই লোৱা মলম কুহুমীয়া গৰম থকা অৱস্থাত৷

(খ) দেৰ চামুচ বগা ভেচলিন এক চামুচ বৰিক মিহলাই বনোৱা মিশ্ৰণ বা মলম৷

(গ) মৌ আৰু ছালকুৱঁৰীৰ ৰসৰ মিশ্ৰণ৷

দিনত গা ধুৱাৰ আগত কুহুমীয়া গৰম পানীত দুচামুচ নিমখ মিহলাই ভৰিহাল ১০ মিনিট জুবুৰিয়াই কোমল কৰি পিউমিচ স্টোনৰে পৰিস্কাৰ কৰি মচি কেঁচা গাখীৰ আৰু পিঠাগুৰিৰ থুপথুপিয়া মিশ্ৰণ অথবা পকা কল ফেনেকি আক্ৰান্ত অংশত লেপি লাহে লাহে ১৫ মিনিট মালিচ কৰি পৰিস্কাৰ পানীৰে ধুই গা ধুব৷

ভৰিহাল ভালদৰে শুকান কৈ মচি ক/খ বা গ যিকোনো মিশ্ৰণ ১০ মিনিট মালিচ কৰি মোজা পিন্ধি থাকিব৷

এই ঘৰুৱা উপচাৰেৰে ১০-১৫ দিনত আপোনাৰ গোৰোহা সুন্দৰ আৰু নিমজ হৈ পৰিব৷

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ