প্ৰাকৃতিক উপাদানেৰে তিল আঁতৰোৱাৰ উপায় এচামুচ মূলা বটা, আধা চামুচ সৰতোলা গাখীৰ, আধা চামুচ নেমুৰস একেলগ কৰি ভালদৰে মিহলাই ফুট-ফুটকৈ লগাব আৰু গা ধোৱাৰ সময়ত ধুই পেলাব। নিশা একাপ গাখীৰত পাঁচ টোপাল নেমু ৰস দি ঢাকি থ’ব। পুৱা টেঙা হোৱা এই দৈ খিনিৰ লগত এক চামুচ মূলা বটি, লগতে এচামুচ ওটমিলৰ গুড়ি ভালদৰে মিহলাব। গা ধোৱাৰ এঘণ্টাৰ আগতে কপাহত মিশ্ৰণখিনি লৈ তিলৰ ওপৰত লগাই থ’ব। ৰ’দৰ তাপ বংশগতিৰ ফলতেই সৃষ্টি হয় শৰীৰত তিল অনেক সময়ত দেখা যায় নিয়মিত নানা যত্ন লোৱা সত্বেও মানুহৰ ছালত ব্ৰন বা শালমইনা, ব্লেকহেড, ক’লা ক’লা বিন্দু বা গুটি ইত্যাদিয়ে ছালত সমস্যাৰ সৃষ্টি কৰে। আপুনি নিজেই সামান্য পৰিচৰ্য্যা কৰিলেই এনেবোৰৰ পৰা হাত সাৰিব পাৰে। অৱশ্যে জটিল ছালৰ সমস্যাৰ কাৰণে চৰ্মৰোগ বিশেষজ্ঞৰ ওচৰ চপা ভাল। তদুপৰি বহু সময়ত মানুহৰ দেহৰ নানা অংশত ক’লা ক’লা বিন্দু দেখা যায়। এইবিলাকক কোৱা হয় ‘তিল’। সাধাৰণতে ৰ’দৰ তাপ বা বংশগতিৰ কাৰণে এইবিলাক সমস্যাৰ সৃষ্টি হয়। এনে তিলে ছালৰ কোনো ক্ষতি নকৰে। কিন্তু আকাৰত ডাঙৰ হ’লে বা খহটা হৈ ৰঙচুৱা বৰণৰ হ’বলৈ ল’লে চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব। দেখা যায় যে বহুতৰে মুখ বা ওঁঠৰ থুঁতৰিত থকা তিলে ‘বিউটি স্পট’ ৰ দৰে সৌন্দৰ্য্য বৃদ্ধি কৰে। আনহাতে শৰীৰত বেছি পৰিমাণে তিল থাকিলে অস্ত্ৰোপচাৰৰ সহায়ত তুলি পেলোৱা সম্ভৱ। উৎস: সম্ভাৰ।