ঠাণ্ডাৰ দিনকেইটা অহাৰ লগে লগে কব নোৱাৰাকৈয়ে আমি সূৰ্য্যৰ ৰশ্মিৰ প্ৰেমত পৰো। ৰাতিপুৱা শুই উঠিয়েই এচেৰেঙা ৰ'দৰ স্পৰ্শ বিচাৰি থাকো আৰু গৰমৰ দিনত সূৰ্য্যটো দেখিলেই খং উঠে। ছাতিটোৰে ঢাকি ৰাখো। গছৰ ছাঁ বিচাৰো আৰু যে কি কি নকৰো।

দৰাচলতে সূৰ্য্যৰ ৰশ্মি গোটেই জীৱ জগতৰ লগতে গছ গছনিৰো অতিকৈ প্ৰয়োজনীয়। সূৰ্য্যৰ ৰাস্মিত তিনি প্ৰকাৰৰ বৈদ্যুতিক চুম্বকীয় তৰঙ্গ পোৱা যায়।

ইয়াৰে-

*৫২ ৰ পৰা ৫৫ শতাংশ infra ৰশ্মি,

*৪২ৰ পৰা ৪৩ শতাংশ দৃশ্যমান ৰশ্মি(vissible light)আৰু

*৫ শতাংশ হৈছে UV অৰ্থাৎ আলট্ৰা ভায়োলেট ৰশ্মি।

সূৰ্য্যৰ এই ৰশ্মি তথা উত্তাপৰ প্ৰভাৱ আমাৰ শৰীৰত পৰে। ইয়াৰ প্ৰভাৱ অতি প্ৰয়োজনীয় তথা অত্যাধিক ৰশ্মিয়ে হানিয়েও কৰিব পাৰে।

আমাৰ চাৰিওপিনে গছ গছনি কমি অহাৰ ফলত সূৰ্য্যৰ ৰশ্মিৰ প্ৰভাব বাঢ়িব ধৰিছে আৰু প্লাষ্টিক জাতীয় সামগ্ৰী তথা বিভিন্ন উদ্যোগৰ পৰা নিঃসৰিত ধোঁৱাই বায়ুমণ্ডলৰ অতি প্ৰয়োজনীয় ওজনৰ তৰপৰ হানি কৰিবলৈ ধৰিছে। আমি মনত ৰখা উচিৎ যে বায়ু মণ্ডলত ওজন নামৰ এটি তৰপ থাকে।

এই ওজন তৰপৰ ফলত সূৰ্য্যৰ ৰশ্মিত থকা বহু হানি কাৰক ৰশ্মি পৃথিৱীলৈ আহি নাপায়। এই ৰশ্মি সমূহ পৃথিৱীত প্ৰৱেশ কৰিলে জীৱ জন্তুৰ লগতে গছ গছনিৰো বহু অনিষ্ট হব পাৰে।

ওজন তৰপে ২৯০ নেনো মিটাৰতকৈ বেছি দৈৰ্ঘ্যৰ তৰংগ সমূহ পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। বিশেষকৈ UV ৰশ্মিৰ বেছি অংশ ইয়াতেই শোষিত হয় আৰু অতি কম পৰিমানেহে পৃথিৱীত পৰে। কেতবোৰ দেশত এই তৰপ পাতল হয়।উদাহৰণ স্বৰূপে অষ্ট্ৰেলিয়া।

সেই বাবেই অষ্ট্ৰেলিয়াত ছালৰ কেন্সাৰ ৰোগ অতি বেছি। UV তৰপ তলৰ পৰা ওপৰলৈ সাধাৰণতে ১৫ ৰ পৰা ৩৫ কিলোমিটাৰ পৰ্য্যন্ত থাকে আৰু ই UV C ৰশ্মি শোষিত কৰি জীৱ কূলক মাৰাত্মক বহু ৰোগৰ পৰা বচাই ৰাখিছে।

প্লাষ্টিক পুৰিলে যি ধোঁৱাৰ সৃষ্টি হয় সেই ধোঁৱাই ওজনৰ আৱৰণত ফুটাৰ সৃষ্টি কৰে যিয়ে এদিনাখন মানৱ সমাজলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব। কথাখিনি চিন্তনীয়।

সূৰ্য্যৰ ৰশ্মিৰ সুপ্ৰভাৱ -

আগতেই উল্লেখ কৰিছোঁ যে সূৰ্য্যৰ ৰশ্মি অবিহনে আমি জীয়াই থাকিব নোৱাৰো। আমাৰ শৰীৰত ইয়াৰ প্ৰভাৱ সমূহ হ'ল এনে ধৰণৰ

ভিটামিন ডি ৰ উৎপাদনত সূৰ্য্যৰ ৰশ্মিৰ প্ৰভাৱ:

ভিটামিন ডি ৰ আমাৰ শৰীৰত অতি প্ৰয়োজনীয়।অতি কম সংখ্যক খাদ্যতহে ইয়াক পোৱা যায় বা যিখিনি পোৱা যায় সেইখিনি শৰীৰৰ কাৰণে যথেষ্ট নহয়।

ভিটামিন ডি য়ে আমি খোৱা খাদ্যত থকা কেলচিয়াম আৰু মেগনেছিয়ামৰ শোষণ কৰাত সহায় কৰে। শৰীৰত কেলচিয়াম আৰু মেগনেছিয়ামৰ সন্তুলন বজাই ৰাখে। ইয়াৰ অভাৱত হাড় বোৰ ঠুনুকা হয় আৰু ভাঙি যাৱ ও পাৰে।

ভিটামিন ডিৰ প্ৰয়োজনীয় অংশৰ বেছিভাগেই আমাৰ শৰীৰত উৎপাদিত হয় সূৰ্য্যৰ ৰশ্মিৰ UV ৰ সহায়ত।

আমাৰ ছাল খন যেতিয়া সূৰ্য্যৰ সংস্পৰ্শলৈ আহে তেতিয়া শৰীৰৰ 7 দি হাইড্ৰ'কলেষ্টেৰল ৰ এটি অংশ কলিকেলচি ফেৰললৈ ৰূপান্তৰিত হয়।

এই কলি কেলচিফেৰল লিভাৰত গৈ 25 হাইড্ৰক্সি কলি কেলচিফিৰলৈ ৰূপান্তৰিত হয়। আমি সাধাৰণতে পৰীক্ষাগাৰত কৰা ভিটামিন ডি পৰীক্ষাত এই 25 হাইড্ৰক্সি কলি কেলচিফিৰল অংশহে চোৱা হয়।

এই কেলচিফেৰল কোনো কাম কৰিব নোৱাৰে অৰ্থাৎ ইয়াক ভিটামিন ডি ৰ inactive form বুলি কোৱা হয়।

কেলচিফেৰল ক বৃক্কই 125 দিহাইড্ৰকচি কলিকেলচি ফেৰললৈ ৰূপান্তৰিত কৰে আৰু এই যৌগ বিধ হে ভিটামিন ডি ৰ প্ৰকৃত কৰ্ম কৰে।

গতিকে আমি বুজি পালো যে সূৰ্য্যৰ ৰশ্মি অবিহনে ভিটামিন ডি শৰীৰে পৰ্য্যাপ্ত পৰিমানে নাপায়।লগতে লিভাৰ আৰু কিডনিৰ ভূমিকাও অপৰিসীম।

বৰ্তমান অমিবোৰে সূৰ্য্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ খুব কমেই আহো। বিশেষকৈ নব প্ৰজন্ম লগতে মহিলাসকল।

মহিলাসকলে ছালত sunscreen ব্যৱহাৰ কৰে লগতে ছাতি ব্যৱহাৰ কৰে। যাৰ ফলত সূৰ্য্যৰ UV ৰশ্মি শৰীৰত প্ৰবেশত বাধা প্ৰদান কৰে।

আমি চিকিৎসক হিচাবে প্ৰায়েই দেখো যে পুৰুষৰ তুলনাত মহিলাৰ ভিটামিন ডি হীনতা ৰোগ বেছি দেখা যায়। ভিটামিন ডিৰ অভাৱত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়।

ইয়াৰ অভাৱত-

*কঁকালৰ বিষ,

*গাঁঠিৰ বিষ,

*মাংসপেশীৰ বিষ,

*ভাগৰুৱা অনুভৱ কৰা,

*টোপনি কম হোৱা আদি লক্ষণ দেখা দিবলৈ ধৰে।

মস্তিষ্কৰ সন্তুলনত সূৰ্য্যৰ ৰশ্মিৰ প্ৰভাৱ -

সূৰ্য্যৰ ৰশ্মিৰ প্ৰভাৱত আমাৰ মস্তিষ্কত চেৰেটনিন নামৰ এবিধ হৰমনৰ নিঃসৰণ হয়। চেৰেটনিন পৰ্য্যাপ্ত পৰিমানে নিঃসৰীত হলে আমি ফুৰ্তি অনুভৱ কৰো আৰু কমি গলে উদাসীনতা তথা ডিপ্ৰেছন ৰোগত ভূগো।

লগতে এই হৰমন বিধ কমি গলে কৰ্মস্পৃহা কমি যায় আৰু কাম কৰাৰ হেঁপাহ কমি যায়। এই বাবেই ঠাণ্ডাৰ দিনত কাম কৰাৰ হেঁপাহ কমি যায় আৰু গৰমৰ দিনত গৰম হলেও সকলোৱে বেছি সময় কামত ব্যস্ত থাকে।

নিদ্ৰাৰ বাবে সূৰ্য্যৰ ৰশ্মি -

নিদ্ৰাৰ মূল কাৰণ হৈছে মস্তিষ্কৰ ভিতৰৰ পিনীয়েল নামৰ এবিধ গ্ৰন্থিৰ পৰা নিঃসৰিত হোৱা মেলাটনিন নামৰ এবিধ হৰমনৰ বাবে।

এই হৰমন বিধ সূৰ্য্যৰ ৰশ্মিৰ কম পোহৰত নিঃসৰিত হয়। যেতিয়া সূৰ্য্যৰ ৰশ্মি কম থাকে বা নিশা আমাৰ টোপনি অহাৰ মূল কাৰণ হৈছে মেলাটনিনৰ নিঃসৰণ এন্ধাৰত হয়।

সেয়েহে অত্যাধিক টোপনি নাশ কৰিবলৈ সূৰ্য্যৰ পোহৰৰ অতি প্ৰয়োজন। অৱশ্যে যিকোনো পোহৰেও নিদ্ৰা নাশ কৰিব পাৰে।

উদাহৰণ স্বৰূপে আপোনাৰ চেল ফোনৰ পোহৰ, টিভিৰ পোহৰ।ৰাতি শুৱাৰ পিছত এন্ধাৰত মোবাইল টিপি থাকিলে টোপনিত ব্যাঘাত জন্মাৰ কাৰণো এয়াই।

অত্যাধিক টোপনিয়ে শৰীৰৰ ওজন বৃদ্ধি কৰাৰ উপৰিও ডায়েবেটিজ, হাই ব্লাড প্ৰেচাৰ প্ৰভৃতি ৰোগক আমন্ত্ৰণ জনায়। সেই বাবেই নিয়ন্ত্ৰিত প্ৰয়োজনীয় নিদ্ৰাৰ বাবে সূৰ্য্যৰ ৰশ্মি বা পোহৰৰ সংস্পৰ্শ অতিকৈ প্ৰয়োজন।

ছালৰ বীজাণু নাশত সূৰ্য্যৰ ৰশ্মিৰ প্ৰভাৱ -

এন্ধাৰ বা শৰীৰৰ যিবোৰ অংশত সূৰ্য্যৰ ৰশ্মি নপৰে, তেনেবোৰ অংশত fungus বা ভেঁকুৰ জাতীয় বীজাণুৰ আক্ৰমণ হোৱা দেখা যায়। পৰ্য্যাপ্ত পৰিমানে সূৰ্য্যৰ ৰশ্মি যদি সেই অংশত পৰে তেন্তে এই বীজাণু সমূহে আক্ৰমণ কৰিব নোৱাৰে।

অৱশ্যে এটি কথা মনত ৰখা প্ৰয়োজন যে অধ্যাধিত গৰমত বা প্ৰসৰ ৰ'দত ঘাম বেছি ওলালেও fungus য়ে আক্ৰমণ কৰিব পাৰে। সেয়েহে সন্তুলিত সূৰ্য্যৰ ৰশ্মিৰ উত্তাপ লব লাগে।

ছালৰ বগা বেমাৰত(vitiligo) সূৰ্য্যৰ ৰশ্মিৰ প্ৰভাৱ -

আমাৰ ছালৰ কোষৰ অন্য কোষসমূহৰ লগতে মেলানোচাইট নামৰ এবিধ কোষ থাকে। এই কোষ বিধৰ পৰা মেলানিন নামৰ এবিধ ৰস নিঃসৰিত হয়।

যাৰ ফলত ছালৰ ৰঙ ক'লা হয়।ইয়াৰ সন্তুলিত নিঃসৰণৰ ফলত ছালৰ স্বাভাৱিক ৰং দেখা যায়। কম নিঃসৰিত হলে ছালৰ ৰং বগা পৰে যাক vitiligo বুলিক কোৱা হয়।

মানুহজনৰ শৰীৰৰ বিভিন্ন অংশত বগা দাগ পৰে। সূৰ্য্যৰ ৰশ্মি যদি এই অংশত পৰে তেন্তে ছালৰ ৰং স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

আমি চিকিৎসক সকলে কেতবোৰ ঔষধ সেই ঠাই টুকুৰাত লগাব দি ৰাতিপুৱা প্ৰথম সূৰ্য্যৰ ৰশ্মি কমেও আধা ঘণ্টাকৈ লগাব দিওঁ আৰু সময়ত ছালৰ ৰং স্বভাবিক অৱস্থালৈ ঘূৰি আহে।

এটি কথা সকলোৰে জ্ঞাতাৰ্থে জনাওঁ যে ৰাতিপুৱাৰ সূৰ্য্যৰ ৰস্মিত লাগতিয়াল UVA ৰশ্মি পৰ্য্যাপ্ত পৰিমানে থাকে।

সেয়েহে আমি সকলোৱে ৰাতিপূৱা সূৰ্য্যৰ ৰশ্মি গাত লগাব লাগে। গৱেষণাত দেখা গৈছে যে কমেও আধা ঘন্টা নিতৌ সূৰ্য্যৰ ৰশ্মি শৰীৰত পৰিলে আমাৰ দিনটোৰ লাগতিয়াল ভিটামিন ডি ৰ উৎপাদন হয়।

অত্যাধিক সূৰ্য্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে ছালৰ কেন্সাৰ ৰোগ হোৱাৰ উপৰিও, ছালখন সোঁতোৰা পৰে, ছালত কলা দাগও পৰিব পাৰে। সেয়েহে সূৰ্য্যৰ ৰশ্মিৰ প্ৰয়োজনীয় পৰিমানেহে সংস্পৰ্শলৈ অহাটো উচিৎ।

আয়ুৰ্বেদিক দৃষ্টিভঙ্গী -

আয়ুৰ্বেদৰ মূল্যবান গ্ৰন্থ চৰক সংহিতাত মহৰ্ষি চৰকে এফাকি কথা কৈছিল-

"যৎ পিণ্ডে তত ব্ৰহ্মাণ্ডে" অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডত যি আছে আমাৰ শৰীৰটো ও একে তাত্ত্বৰেই গঠিত।বিশ্ব ব্ৰহ্মাণ্ড পঞ্চ মহাভূত পৃথিৱী,জল,তেজ,বায়ু আৰু আকাশৰ দ্বাৰা গঠিত।

*শৰীৰটোৰ গোটা অংশ পৃথিৱী মহাভূত,

*জলীয় অংশ জল বা অপ মহাভূত,

*গৰম বা পৰিপাক প্ৰক্ৰিয়া তেজ বা অগ্নি মহাভূতৰ দ্বাৰা,

*বায়ু মহাভূত সৰ্বত্ৰ বিৰাজমান আৰু আকাশ মহাভূত সকলো কোষৰ মাজৰ খালি অংশত থাকে।

এনেদৰেই আমাৰ শৰীৰটো গঠিত। আমাৰ শৰীৰৰ সমূহ প্ৰক্ৰিয়া প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে বিশ্ব ব্ৰহ্মাণ্ডৰ লগত জড়িত।

সূৰ্য্যৰ ৰশ্মিয়ে আমাৰ শৰীৰৰ পিত্ত দোষক নিয়ন্ত্ৰণ কৰে। পানীয়ে শৰীৰৰ জলীয় অংশ বা কফক নিয়ন্ত্ৰণ কৰে আৰু বায়ুয়ে শৰীৰৰ বায়ুক নিয়ন্ত্ৰণ কৰে।

এই-

১)বায়ু,

২)পিত্ত,

৩)কফক আয়ুৰ্বেদত ত্ৰিদোষ বুলি কোৱা হয়।

ত্ৰিদোষে শৰীৰটো নিয়ন্ত্ৰণ কৰে। ইয়াৰ বিষঙ্গতি হলে, শৰীৰৰ কোষ বা ধাতু সমূহৰ বিষঙ্গতি হয়, যাৰ ফলত ৰোগৰ প্ৰাদুৰ্ভাৱ হয়।

এই দোষ সমূহৰ প্ৰভাৱ সূৰ্য্যৰ ৰশ্মি, পানী আৰু বায়ুৰ লগতে আমি গ্ৰহণ কৰা খাদ্য আৰু আমাৰ চলন ফুৰণৰ ওপৰত নিৰ্ভৰ কৰে।

আয়ুৰ্বেদত সূৰ্য্যৰ ৰশ্মিক আঁতপ নামেৰে জনা যায়।খাদ্য নোখোৱাকৈ অকল সূৰ্য্যৰ ৰশ্মি সেৱন কৰিলেও লঘোণে থকা বুলি বুজা যায়।

এই প্ৰক্ৰিয়াৰ ফলত শৰীৰৰ আন্তঃশ্ৰাবি আৰু বহিঃ শ্ৰাবী গ্ৰন্থিৰ লগতে হজম শক্তিৰ বাবে প্ৰয়োজনীয় এনজাইমৰ নিঃসৰণৰ প্ৰয়োজনীয় বৃদ্ধি হয়।

সূৰ্য্যৰ ৰশ্মিৰ পৰা শৰীৰে উত্তাপ গ্ৰহণ কৰি বিভিন্ন কৰ্ম সম্পাদন কৰে।

সূৰ্য্যৰ ৰশ্মিয়ে -

*শৰীৰৰ অলাগতিয়াল কফৰ পৰিমাম কমাই শৰীৰটো সুদৃঢ় কৰি ৰাখে,

*ফুলি থকা গাঁঠি সমূহৰ ফুলা কমাই দিয়ে,

*শৰীৰত শক্তি প্ৰদান কৰে,

*ভোক বঢ়ায়,

*চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰে,

*ছালৰ উজ্জলতা বঢ়ায়,

*শৰীৰৰ দুৰ্গন্ধ নাশ কৰে।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 8638211711