শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দেহত সঠিকভাৱে ৰক্ত প্ৰৱাহ হোৱাটো অতি প্ৰয়োজনীয়। সঠিকভাৱে হোৱা ৰক্তপ্ৰৱাহে আমাৰ দেহৰ বিভিন্ন অংগলৈ পুষ্টি, খনিজ দ্ৰব্য আৰু অক্সিজেন কঢ়িয়াই নি প্ৰতিটো অংগৰ দেহকোষৰ সৃষ্টি বৃদ্ধি আৰু অন্যান্য কাম-কাজসমূহ উন্নত কৰি তোলে। দূৰ্বল ৰক্তপ্ৰবাহৰ ফলত শৰীৰৰ বিভিন্ন অংগ যেনে, মগজু, হৃদযন্ত্ৰ, যকৃত, বৃক্ক, আৰু আন আন অংগসমূহৰ ক্ষতি কৰিব পাৰে। শৰীৰত ৰক্ত প্ৰবাহ দূৰ্বল হোৱাৰ লক্ষণ কিছুমান হ’ল অনবৰতে হাত-ভৰিবোৰ ঠাণ্ডা হৈ থকা, অলপতে ভাগৰ বোধ কৰা, মূৰ ঘূৰোৱা, বেছিকৈ চুলি সৰা, ছাল শুকাই যোৱা, মূৰৰ বিষ, শৰীৰৰ বিভিন্ন পেশীৰ বিষ, ভৰিৰ বিষ আৰু অনিয়মিত হৃৎস্পণ্ডন। ৰক্তপ্ৰবাহ দূৰ্বল হোৱাৰ কেইটামান কাৰণ তলত উল্লেখ কৰা হ’ল: অনিয়মিত জীৱনশৈলী। ধূমপান আৰু ধঁপাতজাতীয় সামগ্ৰী গ্ৰহণ। অত্যাধিক মাদক দ্ৰব্য পান। উচ্চ ৰক্তচাপ, কেফেইনৰ ব্যৱহাৰ। খোৱা-বোৱা অনিয়মীয়া হোৱা। অধিক সময় ধৰি একে ঠাইতে বহি কাম কৰি থকা। আন কিছুমান শাৰিৰীক সমস্যাৰ বাবে ৰক্তপ্ৰবাহ দূৰ্বল হব পাৰে। যেনে: মধুমেহ উচ্চ কলেষ্ট্ৰেৰল গৰ্ভাৱস্থা। অতিৰিক্ত ওজন। থাইৰয়ডৰ সমস্যা। উচ্চ ৰক্তচাপ। বিভিন্ন স্নায়ুৰোগ। ৰক্তশূণ্যতাত। ৰক্তবাহী নলী বন্ধ হৈ যোৱা। খোৱা বস্তু গ্ৰহণত এলাৰ্জীৰ সমস্যা। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ হ’লে শৰীৰত ৰক্তপ্ৰবাহ সঠিক হাৰত বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে। সাধাৰণভাৱে জীৱন শৈলীৰ পৰিৱৰ্তন আৰু উপযুক্ত আহাৰ গ্ৰহণ কৰি ৰক্তপ্ৰবাহ বৃদ্ধি কৰিব পৰা যায়। অৱশ্যে ৰক্তপ্ৰবাহ দূৰ্বলৰ লক্ষণবোৰ দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি জৰুৰী। তথাপিও সাধাৰণ কেইটামান উপায় অৱলম্বন কৰি আপুনি ঘৰতে ৰক্তপ্ৰবাহৰ গতি বৃদ্ধি কৰিব পাৰে। ৰক্তপ্ৰবাহ বৃদ্ধিৰ আটাইতকৈ ভাল উপায় হ’ল ব্যায়াম কৰা। ইয়াৰ বাবে কঠিন ব্যায়ামৰ কোনো প্ৰয়োজন নাই। সাধাৰণ যিকোনো ব্যায়ামে শৰীৰত সঠিক ৰক্তপ্ৰবাহ প্ৰদান কৰে। প্ৰতি সাতদিনৰ কমেও পাঁচদিন ৩০ মিনিট সময় খোজ কাঢ়ক। সাঁতোৰা, চাইকেল চলোৱা, দৌৰা আদিসমূহো মাজে-সময়ে কৰিব পাৰে। প্ৰতিদিনে কমেও ১৫ মিনিট সময় হাত আৰু ভৰিৰ সাধাৰণ ব্যায়াম কৰক। যদিহে আপোনাৰ দেহত ৰক্তপ্ৰবাহ অতি বেছি দূৰ্বল হয় তেন্তে অতিৰিক্ত ব্যায়াম নকৰাই ভাল। জল চিকিৎসা শৰীৰত ৰক্তপ্ৰবাহ বৃদ্ধি কৰিবলৈ জল চিকিৎসা অতি ফলপ্ৰসূ। ইয়াৰ ফলত শৰীৰৰ ৰক্তবাহী ধমনীবোৰ উন্নত হয় আৰু ৰক্তপ্ৰবাহ বৃদ্ধি পায়। সেয়েহে পাৰিলে হটবাথ বা ষ্ট্ৰিমবাথ মাজে মাজে কৰিব পাৰে। নাৰিকল তেল নাৰিকল তেলে শৰীৰৰ ৰক্তপ্ৰবাহ উন্নত কৰে। নাৰিকল তেলত স্বাস্থ্যৰ বাবে ভাল ৬ বিধ উপাদানৰ লগতে মিডিয়াম চেইন ট্ৰাইগ্লিচাৰাইড নামৰ উপাদান থাকে যিয়ে ৰক্তধমনী প্ৰশমন কৰি সম্পূৰ্ণ শৰীৰটোত ৰক্তপ্ৰবাহ বৃদ্ধি কৰে। প্ৰতিদিনে দুই চামুচ খাটি নাৰিকলৰ তেল গ্ৰহণ কৰিব পাৰে। নাৰিকল তেল গৰম কৰি হাত আৰু ভৰিৰ মালিচ কৰিলে ৰক্তপ্ৰবাহ বৃদ্ধি হয়। সেউজীয়া চাহ সেউজীয়া চাহত প্ৰতিজাৰক উপাদান থাকে যিয়ে শৰীৰত ৰক্তপ্ৰবাহ বৃদ্ধি কৰিব পাৰে। একাপ গৰম পানীত সেউজীয় চাহপাত দি ৫ মিনিট ৰাখক। এতিয়া চাহখিনি চেকি লওঁক। ইয়াত এই চাহকাপৰ লগত এচামুচ মৌজোল মিহলি কৰক। প্ৰতিদিনে ২-৩ কাপ এনে সেউজীয়া চাহ পান কৰক। উৎস: ইন্টাৰনেট।