ঋতুভেদে প্ৰাকৃতিক পৰিৱৰ্তন অনুযায়ী সুস্বাস্থ্যৰ কাৰণে আহাৰ-বিহাৰৰ ক্ষেত্ৰত কিছুমান নীতি-নিয়ম মানি চলিব পাৰিলেহে ৰোগৰ পৰা হাত সাৰিব পৰা যায়। প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত ঋতু অনুসৰি আহাৰ-বিহাৰৰ স্পষ্ট নিৰ্দেশনা দিয়া আছে। ঋতুভেদে খাদ্যাভ্যাসৰ সালসলনি কৰিলে ঋতুকালীন ৰোগ হোৱাৰ সম্ভাৱনা কমে। তেনেদৰে শৰৎ ঋতুত লঘু ভোজন, বিৰেচক ঔষধ, পিত্তনাশক তিতাগুণসম্পন্ন খাদ্য শৰীৰৰ কাৰণে উপকাৰী। অন্যহাতে এই সময়ত- দৈ, সহজে হজম নোহোৱা খাদ্য, দিনত শোৱা, প্ৰখৰ ৰ’দত ভ্ৰমণ কৰা, পূব দিশৰ প্ৰবাহিত বায়ু আৰু মদ্যপান অহিতকৰ বুলি প্ৰাচীন চিকিৎসকসকলে উল্লেখ কৰিছে। কিন্তু বৰ্তমান আমি যি পৰিৱেশত বাস কৰিছো, এই পৰিৱেশে সদায়েই ৰোগ সৃষ্টিত অৰিহণা যোগাই আহিছে। শৰৎ ঋতুৰ এটি বৈশিষ্ট্য হৈছে বতৰৰ স্থিৰতা আৰু বতাহৰ শীতলতা। সেই কাৰণে এই সময়ত সঞ্চিত ৰোগৰ উপৰিও বতৰৰ পৰিৱৰ্তনৰ ফলত- বহুতো লোক জ্বৰ, কফজনিত ৰোগ, পানীলগা, ডায়েৰিয়া আদি অসুখত ভোগে। আমি খোৱা দৈনন্দিন খাদ্যবোৰত ৰোগ প্ৰতিৰোধী গুণ থাকে। আয়ুৰ্বেদৰ মতে আমাৰ খাদ্য কিছুমানৰ দ্ৰব্যগুণ তলত উল্লেখ কৰা হৈছে, যিবোৰৰ পথ্যাপথ্য ৰোগ অনুসৰি ৰোগীয়ে নিজেই বিচাৰ কৰিব পাৰিব। ধান(শালিধান): ই কফ আৰু আয়ুবৰ্ধক হ’লেও- পিত্তনাশক, মূত্ৰবৰ্ধক আৰু পুষ্টিকাৰক। মচুৰ দাইল: ই- কফ, পিত্ত আৰু দাহনাশক। মগুমাহ: ই কফ আৰু আয়ুবৰ্ধক হ’লেও- অৰ্শ, শ্বাস, পৰিণাম শূলনাশক(Diodenal Ulcer), মূত্ৰবৰ্ধক আৰু বলকাৰক। সৰিয়হৰ তেল(মিঠাতেল): ই- চৰ্মৰোগ, কফ, বাতনাশক, হজমীকাৰক আৰু ক্ষুধাবৃদ্ধিকাৰক। হালধি: ই- ৰোগ প্ৰতিৰোধক, বিশেষকৈ চকু আৰু চৰ্মৰোগত সুফলদায়ক। গৰুৰ গাখীৰ: ই- বায়ু, ৰক্তপিত্তনাশক। আদা: ই- অতিসাৰ, বমি, জলোদৰ(Ascites) আৰু দন্তৰোগনাশক। আলু: মূত্ৰকৃচ্ছ(Dysuria) আৰু দাহনাশক। কেৰেলা: ই- কৃমি, কফ, পিত্ত জ্বৰ আৰু মেহনাশক। মধুমেহ ৰোগীৰ উত্তম পথ্য। বেঙেনা: গুৰুপাকী আৰু পিত্তবৰ্ধক। কোমোৰা: পিত্তনাশক। পদিনা: বায়ু, কফ আৰু অৰুচিনাশক। পটল: ই- জ্বৰ, কৃমি, কাহ আৰু ৰক্তদোষ নাশ কৰে। মূলা: চকুৰ ৰোগ, নাকৰ ৰোগ, কাহ আৰু জ্বৰনাশক। পালেংশাক: ই- বাতবৰ্ধক আৰু শ্লেষ্মাজনক হ’লেও শ্বাস-প্ৰশ্বাসৰ দোষ, ৰক্তপিত্ত আৰু মেহৰোগত সুপথ্য। জাতিলাও: ধাতুবৰ্ধক আৰু পুষ্টিকাৰক। খিচমিচ: মূত্ৰকৃচ্ছ, শোথ, কাহ, কামলা(Jaundice), জ্বৰ, পিত্ত আৰু তৃষ্ণানাশক। কৰ্দৈ: মূত্ৰকাৰক আৰু কোষ্ঠশোধক। খেজুৰ: ই পেট ঠাণ্ডা ৰাখে আৰু পুষ্টিকাৰক, কিন্তু পিত্তবৰ্ধক। তেতেলী(পকা): ক্ষুধাবৃদ্ধিকাৰক, কফ আৰু বায়ুনাশক। নাৰিকলৰ পানী: ই- পেট ঠাণ্ডা ৰাখে, পুষ্টকাৰক আৰু কৃমিনাশক। অমিতা: ই পাচক আৰু ৰক্তপিত্তনাশক। অৰ্শ ৰোগীৰ বিশেষ উপকাৰী। সুমথিৰা টেঙা: ই- অৰুচি, বমি, পিত্ত, তৃষ্ণা, বায়ু আৰু বিষদোষনাশক। কল: তৃষ্ণা, প্ৰমেহ আৰু চকুৰোগ নাশক। শৰৎ ঋতুত কিছুমান লোক জ্বৰত ভোগে। জ্বৰৰ লক্ষণ অনুযায়ী তলত দিয়া ধৰণেৰে ঔষধ ব্যৱহাৰ কৰিলে সুফল পাব। সামান্য- জ্বৰ, শৰীৰ গধুৰ অনুভৱ কৰা, ঠাণ্ডা লগা, সকলো সময়তে টোপনি ভাব হ’লে সমান পৰিমাণৰ কন্টিকাৰী(কঁটাহী বেঙেনা), গুলঞ্চ পিপল আৰু শুঁঠ(শুকান আদা) পানীত উতলাই ল’ব। এই মিশ্ৰণ ভালদৰে সিদ্ধ হ’লে দিনে দুচামুচকৈ তিনিবাৰ বা চাৰিবাৰ খাব। মাজে সময়ে জ্বৰ হৈ থাকিলে বা সম্পূৰ্ণৰূপে জ্বৰ ভাল নহ’লে আধাকাপ শেৱালি পাতৰ ৰস পুৱা আবেলি খাব। নাইবা পিপলি চূৰ্ণ দহ গ্ৰাম দুই-তিনি চামুচ মৌৰ লগত মিহলাই দিনে দুই-তিনিবাৰ খাব। সকলোধৰণৰ জ্বৰৰ মহৌষধ - আমলখি, গুলঞ্চ আৰু ৰক্তচন্দন- প্ৰত্যেকৰে পাঁচ গ্ৰাম একলিটাৰ পানীত উতলাব, যেতিয়া এই মিশ্ৰণ চাৰিভাগৰ এভাগ থাকিবলৈ, তেতিয়া চেকনিৰে চেকি ল’ব। ঠাণ্ডা হ’লে তিনি-চাৰি চামুচকৈ মৌ মিহলাই দিনে তিনিবাৰমান খাব। জ্বৰৰ লগতে কাহ হ’লে আৰু বুকুত কফ থকা যেন অনুভৱ হ’লে দোৰোণ গছৰ ফুল গৰম পানীত উতলাই দিনে এবাৰকৈ পুৱা খাব। (উল্লেখযোগ্য যে দোৰোণ পাত সিদ্ধ নকৰাকৈ কেতিয়াও নাখাব)। ফেৰিঞ্জাইটিছৰ কাৰণে শুকান কাহ হ’লে একাপ গৰম পানীৰ লগত তিনি চামুচ ৰক্ত পূৰ্ণনৱা শাকৰ ৰস মিহলাই ৰাতি শোৱাৰ আগতে খাব। শৰৎ ঋতুত অনবৰতে পানীলগা, হাঁচি হৈ থাকিলে লতাকস্তুৰী বীজ ১০ টা, জালুক ১২ টা, সৰু ইলাচি ১০ টা পানীত উতলাই লৈ দিনে তিনিবাৰকৈ খাব। অলপ খাদ্য খোৱাৰ পিছত পেটত গেছ হ’লে আমলখি ৰস দুচামুচৰ লগত চেনি আৰু চেঁচা পানী মিহলাই দিনে দুবাৰকৈ আহাৰ খোৱাৰ পিছত খাব। এনে বহুতো লোক আছে যাৰ কোনো শাৰীৰিক ৰোগৰ লক্ষণ নাই, কিন্তু দুশ্চিন্তা তথা বিষণ্ণতাৰ কাৰণে কোনো কামতে উৎসাহ নাই, আয়ুৰ্বেদত এই ৰোগক কোৱা হয়- ‘বিষাদ বায়ু’(Melancholia)। এনেধৰণৰ ৰোগীয়ে শৰৎ কালৰ পৰা শীতকাল পৰ্যন্ত ‘অশ্বগন্ধা চূৰ্ণ’ গাখীৰৰ লগত খালে আশ্চৰ্যজনক ফল পাব। এই ঋতুত কিছুমান ৰোগৰ পৰা হাত সাৰিবলৈ কেইটিমান সহজ আৰু সৰু উপায় আছে- খোৱাপানী পৰাপক্ষত সলনি নকৰিব। কফজনিত ৰোগৰ লক্ষণ অনুভৱ কৰিলে গৰম পানী ব্যৱহাৰ কৰিব। উন্মুক্ত বাহনত ফুৰা-চকা কৰিলে ‘মাস্ক’ ব্যৱহাৰ কৰিব। প্ৰদূষিত ঠাই বা মুকলি ঠাইত তৈয়াৰ কৰা খাদ্য নাখাব। গা ধোৱাৰ আগতে কফ ৰোগীয়ে সৰিয়হ তেলেৰে সমস্ত শৰীৰ মালিচ কৰিব। প্ৰখৰ ৰ’দত ‘চান গ্লাচ’ ব্যৱহাৰ কৰিব। চাহৰ লগত তুলসী পাতৰ ৰস ব্যৱহাৰ কৰিব পাৰে। গাখীৰৰ লগতো তুলসী ৰস খাব পাৰে। তুলসী ৰসে কাহ-কফ প্ৰতিৰোধ কৰাৰ লগতে বহুতো ৰোগ প্ৰতিৰোধ কৰে। লেখক: অচিন্ত্য প্ৰতিম মহন্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)