কঁকালখন নিৰাপদে ৰাখিবলৈ শতকৰা আশীভাগ মানুহেই জীৱনৰ কোনো এটা সময়ত কঁকালৰ বিষত ভোগে। কঁকালৰ বিষৰ কাৰণ অনেক। কাৰণ অনুসৰি নিৰাময়ৰ বিধিও ভিন্ন। ৰাজহাড়ৰ দুটা খণ্ডৰ মাজৰ অৰ্ধ জুলীয়া পদাৰ্থৰ বাবে ৰাজহাড় লৰচৰ কৰিব পাৰি। সেই দুয়োটা খণ্ডৰ দূৰত্ব যদি কমি যায় বা অৰ্ধ জুলীয়া পদাৰ্থ, যাক ‘ডিস্ক’ বোলা হয়, অতিমাত্ৰা কামৰ বাবে ওলাই আহি কাষৰ স্নায়ুত হেঁচা মাৰি ধৰে, তেতিয়া কঁকালৰ বিষ হ’ব পাৰে। ৰাজহাড়ৰ ক্ষয় ৰোগ, যক্ষ্মা ৰোগ, কেন্সাৰ, বৃক্কৰ অসুখ আদিও কঁকালৰ বিষৰ কাৰণ। চিকিৎসকক দেখুৱাই কঁকালৰ বিষৰ কাৰণ নিৰ্ণয় কৰা ভাল। পলম হ’লে নতুবা নিজে চিকিৎসা ব্যৱস্থা ল’লে বিপদ হ’ব পাৰে। তথাপি সচৰাচৰ কৰা কেইটামান ব্যৱস্থা তলত দিয়া হ’ল - ওপৰমুৱাকৈ শুই কৰা ব্যায়াম: প্ৰথমতে দীঘল দীঘলকৈ টনা উশাহ বুকুৰ মাজত সঞ্চিত কৰি লাহে লাহে মুখেৰে এৰি দিব। এইদৰে উশাহৰ কছৰৎ কৰিলে কঁকালৰ মাংসপেশী শিথিল হৈ ব্যায়াম উপযোগী হয়। এতিয়া এটা ভৰি পোনাই ৰাখি আনটো গোৰোহা চোঁচৰাই আঁঠুত ভাঁজ দি সন্মুখভাগত দুই হাত জোৰা লগাই ধৰি লাহে লাহে বুকুৰ ফাললৈ চোঁচৰাই আনি দহ ছেকেণ্ড ৰাখিব। আকৌ ভৰিটো পোনাই দিব। এনে কৰোঁতে আনটো ভৰি পোনকৈ ৰাখিব। এইদৰে ছবাৰ কৰিব। একেদৰে আনটো আঁঠু ছবাৰ ভাঁজ কৰিব। এইবাৰ দুয়োটা আঁঠু একেলগে ভাঁজ কৰিব। দুয়ো হাত পেটৰ ওপৰত ৰাখি পেটৰ মাংসপেশী টানি কৰি কামিহাড় তললৈ সুমুৱাবলৈ চেষ্টা কৰি পাঁচ ছেকেণ্ড ৰাখি এৰি দিব। এইদৰে দহবাৰ কৰিব। উবুৰি হৈ খালী পেটে কৰা ব্যায়াম: কিলাকুটি ভাঁজ নকৰাকৈ হাত দুখন পোনকৈ ৰাখিব। ভাঁজ নকৰাকৈ আঁঠু পোনকৈ ৰাখিব। এতিয়া কিলাকুটি ভাঁজ নকৰাকৈ এখন এখনকৈ হাত পোনকৈ দহ-পোন্ধৰ চেঃমিঃমাৰ ওপৰলৈ উঠাব। দহবাৰ কৰিব। এখন এখনকৈ ভৰি আঁঠু ভাঁজ নকৰাকৈ পোনকৈ দহ-পোন্ধৰ চেঃমিঃমান ওপৰলৈ উঠাব। দহবাৰ কৰিব। এতিয়া আগৰ দৰেই কিন্তু একেলগে সোঁহাত আৰু বাওঁ ভৰি উঠাব। আগৰ দৰে বাঁও হাত আৰু সোঁ ভৰি উঠাব। আগৰ দৰে একেলগে দুয়ো হাত আৰু দুয়ো ভৰি উঠাব। হাত দুখন পাছফালে ৰাখি বুকুখন উঠাব। প্ৰতিটো ভংগী দহ ছেকেণ্ডকৈ দহবাৰ কৰিব। বেৰৰ ব্যায়াম: বেৰৰ ফালে পিঠি দি থিয় হওক। বেৰৰ পৰা ভৰি দুখন এফুটমান দূৰত ৰাখক। পেটৰ মাংসপেশী কঠিন কৰি লাহে লাহে আঁঠু ৪৫ ডিগ্ৰী ভাঁজ কৰি পাঁচ ছেকেণ্ড ৰাখক। আকৌ পোন হওক। একোটা ভংগীকে দহবাৰ পূনৰাবৃত্তি কৰিব। বেৰৰ ফালে মুখ কৰি আঙুলিৰ ওপৰত ভৰি দি শৰীৰটো পোনকৈ ৰাখি ওপৰলৈ উঠাওক আৰু লগাওক। দহবাৰ পুনৰাবৃত্তি কৰক। সাৱধানতা: গধুৰ বস্তু নুতুলিব। যদি বস্তু তুলিব লগা হয়, তেন্তে আঁঠু ভাঁজ কৰি পিঠিখন পোনকৈ ৰাখি ওচৰৰ পৰা তুলিব। আলমাৰিৰ ৱাৰ্ডৰব আদিত বস্তুবোৰ এনেধৰণে ৰাখিব যাতে সচৰাচৰ লগা বস্তু ওপৰৰ খলপাত পোৱা যায় আৰু নলগাবোৰ ক্ৰমে তলৰ খলপাত ৰাখক, যাতে সতকাই কুঁজা হ’ব নালাগে। পাকঘৰৰ বস্তুবোৰো এনেধৰণেই সজাব। মজিয়াত বহি কোমো কাম নকৰিব। চকী-মেজতহে কৰিব। ওখ চকী বা চাপৰ মেজ ব্যৱহাৰ কৰিব। চকীখন হেণ্ডেলযুক্ত, চকা নথকা, পিছফালে মূৰলৈকে আঁউজিব পৰা ব্যৱস্থা থাকিলে ভাল। বহোঁতে ভৰিৰ পতা চাপৰ পিৰা এখনত ৰাখিব পাৰে। যাতে আঁঠুকেইটা কৰঙনৰ লেভেলতকৈ ওপৰত থাকে। ওখ গোৰোহাৰ জোতা বা চেণ্ডেল নল’ব। গোৰোহা পাতল আৰু চেপেটা হ’ব লাগে। চিকিৎসকৰ পৰামৰ্শ লৈ নিয়মীয়াকৈ ব্যায়াম কৰিব। দেহ ভংগী স্বাভাৱিক কৰি কঁকালৰ বিষৰ পৰা নিৰাময় পোৱা সহজ। লেখিকা: মনোৰমা বৰুৱা(নিয়মীয়া বাৰ্তা) নৱজাত সন্তানৰ বাবে - শিশুসকলক ছমাহৰ পৰাই গোটা আহাৰ খাবলৈ দিব লাগে। খাদ্যখিনি মাকৰ গাখীৰতকৈ অকণমানহে গোটাকৈ বনাব লাগে। ৬-৭ মাহ: গোটা আহাৰ দিনটোত দুই-তিনিবাৰকৈ দিব লাগে। খাদ্য সামগ্ৰী: চাউলৰ গুড়(লুথৰী) দাইল/সিজোৱা আলু সফনা/গাজৰ সিজোৱা/পকা কল/অমিতা/আম। ৭-৮ মাহ: দিনটোত দুবাৰ বা তিনিবাৰ দিব। সামগ্ৰী: চাউল আৰু দাইল(১:৩), খিচিৰি, চুজি/হালোৱা/চাও/ওটছ ইত্যাদি। ইয়াত আপুনি তেল/বাটাৰ আৰু ঘিউ দিব পাৰে। ৮-৯ মাহ: গোটা আহাৰ দিনটোত ৩-৪ বাৰ দিব পাৰিব। সিজোৱা সামগ্ৰী: কণীৰ হালধীয়া অংশ, ফলমূল, ফলমূলৰ ৰস, সিজোৱা শাক-পাচলি, চাউল-দাইল-শাক পাচলি সিজোৱা খাদ্যও খুওৱাব পাৰে। গোটা আহাৰ দিনটোত দুই-তিনিবাৰ। ৯-১২ মাহ: শিশু অৱস্থাত এটি শিশুৱে- চাউলৰ গুড়ি, দাইল, ৰুটী, ব্ৰেড, সিজোৱা শাক-পাচলি, বতৰৰ ফলমূল, কোমল মাছ, কণীৰ হালধীয়া অংশ, দৈ, পায়স, ডালিয়া ইত্যাদি খাব পৰা হয়। এবছৰৰ পৰা দিনটোত কমেও পাঁচবাৰ খুৱাবলৈ যত্ন কৰিব। এবছৰীয়া শিশুক প্ৰায়ে পৰিয়ালৰ সদস্যৰ খাদ্যৰ পৰাই খুৱাই দিয়া যায়। কিন্তু সহজতে হজম নোহোৱাৰ বাবেদু বছৰ নোহোৱালৈকে শিশুক মাংস খুওৱা উচিত নহয়। লাগতিয়াল টিপছ: খোৱাৰ আগতে আপোনাৰ আৰু শিশুটিৰ হাত দুখন ধুই লওক। শিশুটিৰ বাবে খাদ্য প্ৰস্তুত কৰোঁতে পৰিষ্কাৰ-পৰিচ্ছন্নতা পালন কৰিব। টিনত প্ৰস্তুত কৰা খাদ্য পৰিহাৰ কৰিব। বয়স বাঢ়ি অহাৰ লগে লগে খাদ্যভাগ গোটা কৰিবলৈ যত্ন কৰিব। ঘৰত প্ৰস্তুত কৰা খাদ্যই মুখত ৰুচি অনাৰ লগতে খাদ্য চোবাই খোৱাৰ অভ্যাসো গঢ়ি তোলে। দুগ্ধপান কৰোৱাৰ পদ্ধতিসমূহ: মাকৰ কোলাত শিশুটিয়ে আৰামদায়কভাৱে দুগ্ধপান কৰিব পৰাকৈ বহুৱাই লওক। মাতৃগৰাকীয়ে শিশুটিৰ মুখৰ ভিতৰত নিপলটো সুমুৱাই দিব। মাকে গাখীৰ খুওৱাৰ আগে আগে নিপলটো শিশুৰ গালত লগাব লাগে। এনে কৰিলে শিশুৰ মুখখন মেলি দিয়ে আৰু গাখীৰ খাবলৈ আৰম্ভ কৰে। শিশুটিয়ে ভালদৰে নিপলটো সুমুৱাই দিয়াৰ পিছতহে চুপিবলৈ আৰম্ভ কৰে। স্তনপানৰ শুদ্ধ পদ্ধতি: ১)শিশুটোৰ মুখখন বহলকৈ মেলিব। ২)অকল ওপৰৰ অৰেলিয়া ভাগক দেখা যাব লাগে। ৩)শিশুৰ তলৰ ওঁঠটো তলপিনে বেঁকা হৈ থাকিব লাগে। ৪)নাক আৰু স্তনৰ মাজত দূৰত্ব থাকিব লাগে আৰু শিশুৰ থুঁতৰি স্তনত লাগি থাকিব লাগে। ৫)মাতৃ দুগ্ধ পান কৰাৰ সময়ত মাতৃগৰাকীয়ে দুখ নাপায়। লেখক: ডাঃ ছেমিউল এহছান হুছেইন(নিয়মীয়া বাৰ্তা) মূৰ্ছা যোৱা অৱস্থা - বেছি সময় একে ঠাইতে থিয় হৈ থাকিলে, তেজ বা দুৰ্ঘটনা দেখিলে, হঠাৎ শৰীৰৰ কোনো অংগত অসহ্য বিষ অনুভৱ কৰিলে বা মানসিক আঘাত পালে মানুহ হঠাতে অজ্ঞান হৈ পৰিব পাৰে। কিছুমানৰ আকৌ- সামান্য তেজ গ’লে, ৰক্তহীন, দুৰ্বল হৈ থাকিলে বা বেছি জ্বৰ হ’লে এনে অৱস্থা হ’ব পাৰে। এনে হোৱাৰ আগতে- হামি অহা, ঘাম ওলোৱা, বুকু ধপধপোৱা, মনতো ভুল হোৱা পৰিস্থিতি হ’ব পাৰে। এনে অৱস্থাত ৰোগী অজ্ঞান হ’লে প্ৰথমে ৰোগী শেতা পৰে। কিন্তু এনে ৰোগীৰ নাড়ী আৰু হৃদস্পন্দন পোৱা এনে ৰোগীৰ নাড়ী আৰু হৃদস্পন্দন পোৱা যায়। ৰোগীৰ নাড়ী, হৃদস্পন্দন আৰু উশাহ চলি থাকে বাবে ইয়াক কাৰ্ডিয়েক এৰেষ্ট বুলি ভাবিব নালাগে। ইয়াৰ পৰা কোনো বিপদ নহয়। হঠাৎ শৰীৰত ৰক্তচাপৰ সমতা ৰক্ষা কৰা ব্যৱস্থাটোৱে কাম নকৰা হোৱা বাবে ৰক্তচাপ একেবাৰে কমি যোৱাৰ কাৰণেহে এনে হয়। এনে ৰোগীক লগে লগে মাটিত হ’লেও শুৱাই দিব লাগে। বিছনাত শুৱালে ভৰি দুয়োখন কিছু ওপৰলৈ দাঙি ধৰিব লাগে যাতে তেজ মগজুৰ ফালে বেছি চলাচল কৰে। তেনে কৰিলে ৰোগী ক্ষন্তেক পিছতে সুস্থ হৈ পৰিব। শীতকালৰ যতন: দৈনিক গা ধোৱাৰ আগতে সৰিয়হ তেলেৰে মালিচ কৰিলে ছালৰ কোমলতা বৃদ্ধি পায়। নিয়মীয়াকৈ ওঁঠত ভেছলিন বা গ্লিচাৰিন লগালে ওঁঠ নাফাটে। নিতৌ প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত। পানী কমকৈ খালে ছালখন শুকান হৈ ফাটিব পাৰে। সদায় সুষম আহাৰ খোৱাত গুৰুত্ব দিব লাগে। সেউজীয়া শাক-পাচলিৰ লগত ফলমূলো খোৱা উচিত। ভিটামিন আৰু মিনাৰেলযুক্ত আহাৰ গ্ৰহণত গুৰুত্ব দিয়া উচিত। অত্যধিক মানসিক চাপৰ প্ৰভাৱ ছালখনৰ ওপৰত পৰাৰ আশংকা থাকে। সময় মতে টোপনি যোৱা, আহাৰ গ্ৰহণ কৰা আদি সমানেই গুৰুত্বপূৰ্ণ। সাজ-পোছাকৰ পৰাও ছালৰ বিভিন্ন ৰোগ হ’ব পাৰে। সেয়েহে চামৰা ছিন্থেটিক আদিৰ পোছাক পৰিধান কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। এনেধৰণৰ পোছাক ছালৰ বাবে তেনেই ক্ষতিকাৰক। চাবোন ব্যৱহাৰৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব লাগে। কিয়নো চাবোনত থকা ৰাসায়নিক দ্ৰব্যই ছালৰ ক্ষতি কৰিব পাৰে। বহুতৰে ওঁঠ ফাটে। কিছুমানৰ দকৈ ফাটি তেজ ওলোৱা দেখা যায়। এনে সমস্যাৰ সৃষ্টি হ’লে গাখীৰৰ লগত গোলাপজল মিহলাই লগালে সুফল লাভ কৰিব পাৰি। বন্ধাকবিত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, মেগনেছিয়াম আৰু ভিটামিন চি থাকে। এইবোৰ উপাদানে ছালখনক শুষ্ক হোৱাৰ পৰা ৰক্ষা কৰে। তদুপৰি বীটত থকা প্ৰচুৰ আইৰণ, ভিটামিন বি১, বি২ ইত্যাদি। এইবোৰ উপাদানেও ছালখন কোমল কৰি ৰখাত বিশেষভাৱে সহায় কৰে। বিলাহীয়ে ছালখনক মসৃণ কৰি ৰখাৰ উপৰি এফিথেলিয়াম কোষত পৰ্যাপ্ত পুষ্টি যোগায়। ৰ’দৰ বাবে ছালখন ক’লা হোৱাৰ পৰাও বিলাহীত থকা উপাদানে সহায় কৰে। শিশুৰ স্বাস্থ্য - আজিৰ শিশুসকল কাইলৈৰ নাগৰিক। এই শিশুসকলক সুনাগৰিক কৰি গঢ়ি তুলিবলৈ হ’লে তেওঁলোকৰ দেহ-মন আৰু স্বাস্থ্য সুস্থ হ’বই লাগিব। সুস্থ দেহতহে সুস্থ মনে বাহ লয়। সেই কাৰণে আমাৰ শিশুসকল যাতে শাৰীৰিক-মানসিক আৰু সুস্বাস্থ্যৱান হয় তাৰ প্ৰতি আমাৰ প্ৰতিজন পিতৃ-মাতৃয়ে যত্ন কৰিব লাগিব। শাৰীৰিক-মানসিক সুস্থতাৰ বাবে শিশুসকলৰ ৰোগ-ব্যাধিৰ পৰা সুৰক্ষিত কৰিবই লাগিব, কাৰণ স্বাস্থ্যহে মানুহৰ পৰম ধন। সেয়েহে কোৱা হয় এইদৰে- স্বাস্থ্য পৰম ধন স্বাস্থ্যহীনৰ কলুষিত মন। সৰুৰে পৰাই শিশুৰ স্বাস্থ্যৰ প্ৰতি যতন ল’ব লাগিব। বিশেষকৈ স্বাস্থ্যসন্মত আচৰণ স্বাস্থ্যবিধিৰ অভ্যাস গঢ়ি তুলি ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিব লাগিব। সুস্থ দেহ-মনৰ অধিকাৰী হ’লেহে পঢ়া-শুনা, খেলা-ধূলা, কাম-কাজত ভালদৰে মনোযোগ দিব পাৰিব। ইয়াৰ বাবে দেহৰ অংগ-প্ৰত্যংগসমূহ সদায় সুস্থ-সবল আৰু পৰিষ্কাৰ কৰি ৰখাৰ অভ্যাস কৰিব। সুস্থ দেহ-মনৰ অধিকাৰী হ’লেহে শিশুসকল নিজৰ সাধনাত আগবাঢ়ি যাব পাৰে। স্বাস্থ্যহীন ৰুগীয়া দুৰ্বল শৰীৰেৰে কোনেও সফলতা লাভ কৰিব নোৱাৰে। সফলতাৰ অমৃত পান কৰিবলৈ হ’লে শিশু সুস্বাস্থ্যৰ অধিকাৰী হ’বই লাগিব। শিশুসকলে জীৱনত আগবাঢ়িবলৈ হ’লে বিশেষকৈ পঢ়া-শুনা, খেল-ধেমালি আদিত সফলতা লাভ কৰিবলৈ সৰুৰ পৰাই শিশুসকল নিৰোগী, স্বাস্থ্যৱান হোৱা উচিত। শিশুসকলৰ যাতে শৰীৰত ৰোগৰ বীজাণু প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কিছুমান শাৰীৰিক নিয়ম পালন কৰিব লাগিব। শিশুসকলে সোনকালে শোৱা, সোনকালে শুই উঠা স্বাস্থ্য ৰক্ষাৰ নিয়মবোৰৰ অভ্যাস কৰিব লাগে। কিয়নো ৰাতিপুৱাৰ মৃদু মলয়াৰ জ্বৰ লৈ নদীৰ পাৰত বা মুকলি ঠাইত খোজকাঢ়িলে মন প্ৰফুল্লিত হয়। কামৰ প্ৰতি আগ্ৰহ বাঢ়ে। পঢ়া-শুনা কৰাৰ ধাউতি বাঢ়ে। দেহ-মনলৈ সজীৱতা আহে। সেই কাৰণে আমাৰ শিশুসকলে সোনকালে সূৰ্য উদয়ৰ আগতে শুই উঠাটো স্বাস্থ্যৰ বাবে উত্তম উপায় বুলি কোৱা হয়। পৰিষ্কাৰ-পৰিচ্ছন্নতা সুস্বাস্থ্য গঢ়াৰ প্ৰধান উপায় হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা। সময়মতে- খোৱা-লোৱা, শোৱা, পৰিষ্কাৰ পোছাক পিন্ধন-উৰণ, দেহৰ অংগ-প্ৰত্যংগ পৰিষ্কাৰ কৰি ৰখাৰ অভ্যাস কৰাওক। বিশেষকৈ- শিশুৰ চকু, কাণ, মুখ, দাঁত, নখ, হাত, ভৰি আৰু শৰীৰটো পৰিষ্কাৰ কৰি ৰখা অতি জৰুৰী। দাঁত পৰিষ্কাৰ কৰা, ভালদৰে চকু-মুখ ধোৱাৰ অভ্যাস কৰা উচিত। যাতে- দাঁতত মলি হৈ দাঁত পোকে খোৱা, দাঁতৰ আলুত পাইৰিয়া হোৱা, দাঁত ফুলি উঠা ৰোগ নহয়, তাৰ প্ৰতি যত্ন লোৱা নিতান্তই প্ৰয়োজন। ইয়াৰ উপৰি দাঁতৰ বাবে টেঙাজাতীয় ফলমূল শিশুক চোবাই খাব দিব লাগে। টেঙাজাতীয় ফলমূলত ভিটামিন চি আৰু এচিডৰ মাত্ৰা অধিক থাকে। সেইবাবে শিশুক- সুমথিৰা, নেমু, বগৰী, লেটেকু, পনিয়ল, আম আদি দাঁতেৰে চোবাই খোৱাৰ অভ্যাস কৰাওক। শিশুসকলক- কেঁচা গাজৰ, নাৰিকল, তিয়ঁহ, বুট-মাহ, নাচপতি, কুঁহিয়াৰ আদি চোবাই খাবলৈ দিব লাগে। শিশুসকলৰ শৰীৰ গঠন বাঢ়ন আৰু ৰোগ প্ৰতিৰোধৰ বাবে কেলচিয়ামযুক্ত আহাৰ খাবলৈ দিয়া উচিত। ই শিশুৰ হাড় মজবুত কৰে, পেশীৰ গঠন ভাল হয়। কৈশোৰ কালত দৈনিক ০.৬ গ্ৰামৰ পৰা ১ গ্ৰাম কেলচিয়ামযুক্ত আহাৰৰ প্ৰয়োজন। ই শিশুৰ পুষ্টিসাধন কৰে। চিকিৎসা বিজ্ঞানীৰ মতে, ১ৰ পৰা ৩ বছৰলৈ নিতৌ ৩০০ গ্ৰাম, ৪ বছৰ বয়সৰ শিশুৰ বাবে ২৫০ গ্ৰাম কেলচিয়ামৰ আৱশ্যক হয়। ইয়াৰ উপৰি শিশুক চাউলেৰে তৈয়াৰী ভাত, জলপান, চিৰা-মুড়ি খাবলৈ দিয়া উচিত। ইয়াত প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেট পোৱা যায়। বিশেষকৈ- মেগী, কুৰকুৰে চিপছ আদি খোৱাৰ পৰিৱৰ্তে- ভাত, দাইল, লাই, পালেং, খুতুৰা শাক, কলমৌ, পদিনা, মৰিচা, ব্ৰাহ্মী শাক খুওৱা উচিত। পিতৃ-মাতৃসকলে শিশুৰ স্বাস্থ্য ৰক্ষাত পালন কৰা নীতিবোৰ হ’ল- খেলা-ধূলা কৰি হাত-মুখ ধুই আহাৰ খোৱাৰ অভ্যাস কৰক। লেতেৰা বস্তু হাতেৰে চুই হাত-ভৰি ভালকৈ ধুব লাগে। য’তে-ত’তে, ৰাস্তাৰ দাঁতিৰ আহাৰ খোৱা বৰ্জন কৰিব। য’ৰে-ত’ৰে পানী খাবলৈ নিদিব। ফুৰিবলৈ গ’লে শিশুক ঘৰৰ পৰা বিশুদ্ধ পানীৰ বটল নিয়াৰ অভ্যাস কৰিব লাগিব। স্কুললৈ যাওঁতে এখন ৰুমাল লগত নিব লাগে। গাৰ ঘাম, নাকৰ পানী মচিব পাৰিব। শিশুক সদায় শৌচালয়ত শৌচ কৰাৰ অভ্যাস কৰাব লাগে। শিশুসকলক পৰিৱেশ সংৰক্ষণ, গছপুলি ৰোৱা, শাক-পাচলিৰ বাগিচা পতাৰ অভ্যাস কৰাব পাৰে। ঘৰৰ ভিতৰত থু-খেকাৰ পেলোৱাৰ কু-অভ্যাস বন্ধ কৰিব লাগে। শিশুৰ সুস্থতা নিৰ্ভৰ কৰে পিতৃ-মাতৃৰ ওপৰত। স্বাস্থ্যসন্মত বিধি আৰু অভ্যাসবোৰ শিকাওক। এজন আদৰ্শ আৰু স্বাস্থ্যৱান নিৰোগী শিশু গঢ়াৰ চেষ্টা কৰক। তেতিয়াহে শিশুৰ স্বাস্থ্যৰ মৌলিক অধিকাৰ সুনিশ্চিত হ’ব। সুস্বাস্থ্যৰ বাবে - একেবাৰতে সৰহ পৰিমাণৰ আহাৰ নাখাই কম পৰিমাণৰ আহাৰ ঘনাই খাব লাগে। একেবাৰতে সৰহকৈ আহাৰ খালে হৃৎপিণ্ড আৰু পাকস্থলীৰ ওপৰত বেছি হেঁচা পৰে। যিবোৰ চৰ্বিজাতীয় খাদ্য ঠাণ্ডাত গোট মাৰে যেনে- ঘিউ, মাখন আদি সবল হৃৎপিণ্ডৰ বাবে খাব নালাগে। সূৰ্যমূখীৰ তেল, চয়াবিনৰ তেল আৰু জলফাই তেল খাব পাৰি। কলেষ্টেৰেলৰ পৰিমাণ বেছিকৈ থকা খাদ্য যেনে- কণী, মাংস, ঘিউ, মাখন আৰু গাখীৰৰ পৰা তৈয়া কৰা নানাবিধ মিঠাই খুব কম পৰিমাণে খাব লাগে। প্ৰতিদিনৰ আহাৰত নিমখৰ পৰিমাণ তিনি গ্ৰামতকৈ বেছি হ’ব নালাগে। ময়দা বা চেনিজাতীয় খাদ্য পৰাপক্ষত পৰিহাৰ কৰিব লাগে। কঠিন শৌচৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ প্ৰতিদিনে কিছু পৰিমাণে আঁহযুক্ত আহাৰ আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে। প্ৰতিদিনৰ আহাৰত ৩০ গ্ৰাম আঁহযুক্ত খাদ্য খোৱা উচিত। সহজে চোবাব পৰা আৰু সহজে হজম কৰিব পৰা মচলাবৰ্জিত সাধাৰণ আহাৰ খাব লাগে। প্ৰতিদিনৰ আহাৰত চেনিৰ পৰিমাণ অতি কম হোৱা উচিত। ভিটামিন আৰু পৰিপূৰক পুষ্টিকাৰক আহাৰ খোৱা আগতে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। মানসিক আৰু শাৰীৰিক চাপ কমাবলৈ চেষ্টা কৰিব লাগে। অত্যধিক মানসিক চাপৰ ফলত এজন ব্যক্তিৰ হাৰ্ট এটেক পৰ্যন্ত হ’ব পাৰে। মানসিক চাপৰ পৰা মুক্তি পাবলৈ নিয়মিত ব্যায়াম, ধ্যান আৰু স্বাস্থ্যকৰ অভ্যাস গঢ়ি তোলা প্ৰয়োজন। শিশুৰ চকুযুৰিৰ সুৰক্ষা - বহুতো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ আগত বা এনেয়েও চকুৰ পৰিশ্ৰম বেছি কৰিলে চকু বা মূৰ বিষায়, চকু জ্বল-পোৰা কৰে। ইয়াৰ প্ৰধান কাৰণ হ’ল ‘আই ষ্ট্ৰেইন’। প্ৰতিৰোধৰ প্ৰথমটো নিয়ম হ’ল জিৰণি। দ্বিতীয়তে, এক মিনিটত ১২-১৫ বাৰমান চকু মেলা-জপোৱা কৰিব লাগে। তৃতীয়টো হ’ল উশাহ-নিশাহ। আমাৰ উশাহত শৰীৰে গ্ৰহণ কৰা অক্সিজেনৰ বাবে অন্যান্য মাংসপেশীৰ দৰে চকুৰ মাংসপেশীবিলাকেও অক্সিজেন গ্ৰহণ কৰি সতেজ হৈ থাকে। বেছি সময় মনোযোগ দি পঢ়ি থাকিলে উশাহো ল’বলৈ পাহৰি যায়। সেয়ে চকু ভাগৰুৱা যেন লাগে। পঢ়াৰ মাজত সেয়ে দীঘলকৈ উশাহ লোৱাৰ দৰকাৰ। পুৱা শুই উঠিয়েই চকু পৰিষ্কাৰ কৰিবলৈ প্ৰতিজন শিশুক শিকোৱা উচিত। খুব বেছি ঠাণ্ডা পানী বা বেছি গৰম পানী চকুত ব্যৱহাৰ কৰিব নালাগে। বেছি জোৰেৰে চকুত পানীও মাৰিব নালাগে। এনে কৰিলে চকুৰ মণি বা কৰ্ণিয়াত আঘাত লাগিব পাৰে। চকু ধুই উঠি পৰিষ্কাৰ কোমল কপাহী কাপোৰেৰে মুচিব লাগে। ধূলি বতাহৰ দিনত শিশুৰ চকুত ধূলি বা তেনে জাতীয় দ্ৰব্য সোমাব পাৰে। এটা বহল পাত্ৰত পানী লৈ তাত চকু মেলা-জপোৱা কৰিলে ওপৰুৱা বস্তু চকুৰ পৰা ওলাই যায়। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা কৰা সময়ত সদায় চকুত যাতে বেছিকৈ জোৰ নপৰে বা কষ্ট নাপায়, সেয়া লক্ষ্য কৰা উচিত। পঢ়া কোঠাত উপযুক্ত পোহৰৰ ব্যৱস্থা কৰিব লাগে। কম পোহৰত চকুৰে জুমি জুমি চাব লাগে। আনহাতে, বেছি উজ্জ্বল পোহৰেও চকুত ছাট মাৰি ধৰে। শিশুৱে কেইবাঘন্টা ধৰি টিভি চাব নালাগে। কাৰণ চকুৰ মাংসপেশী আৰু স্নায়ুবিলাকত জোৰ পৰে। নিম্নমানৰ স্বাস্থ্য আৰু দূষিত পৰিৱেশ চকুৰ বাবে ক্ষতিকাৰক। উৎস: নিয়মীয়া বাৰ্তা