স্মাৰ্টফোনৰ দ্বাৰা কেনেকৈ সংক্ৰমণ হয় বিভিন্ন ৰোগৰ?

স্মাৰ্টফোনৰ ব্যৱহাৰ বিভিন্ন কামত কৰা হয়। চকু আৰু ডিঙি আদি পৰীক্ষা কৰিবলৈ চিকিত্সকসকলেও সম্প্ৰতি টৰ্চলাইটৰ সলনি মোবাইল ফোনৰ লাইট ব্যৱহাৰ কৰিবলৈ লৈছে। পিছে স্মাৰ্টফোনৰ স্ক্ৰীনখন ভালেমান বীজাণুৰ বংশবৃদ্ধিস্থলী। স্মাৰ্টফোনৰ স্ক্ৰীনখনৰ উত্তাপ নানবিধ বীজাণুৰ বাবে উপযোগী। গতিকে নিয়মিতভাৱে ফোনটো, বিশেষকৈ স্ক্ৰীনখন পৰিষ্কাৰ কৰি ৰাখিব লাগে। চিকিত্সকে স্মাৰ্টফোনৰ লাইট ব্যৱহাৰ কৰোঁতে সহকাৰী বা ৰোগীক ফোনটো ধৰিবলৈ দিয়ে। ফলত তেওঁলোকৰ হাতত লাগি থকা বীজাণু স্মাৰ্টফোনত লাগি ধৰে আৰু ফোনত সিহঁতৰ বংশবৃদ্ধি হয়। খোৱাৰ সময়ত স্মাৰ্টফোন ব্যৱহাৰ কৰা কাৰ্যও বিপদসংকুল। শৌচালয়লৈ গৈ শৌচ বা প্ৰস্ৰাৱ কৰাৰ পাছত ভালদৰে হাত নোধোৱাকৈ ফোন ব্যৱহাৰ কৰিলে ফোনৰ স্ক্ৰীন সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক। শৌচালয়ৰ দুৱাৰ, ৰাজহুৱা পৰিবহণৰ হেণ্ডেল, ৰেইলিং, আয়নাৰ খিৰিকী আদি স্পৰ্শ কৰাৰ পাছত হাত নোধোৱাকৈ মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলতো ফোন সংক্ৰমিত হয়। পোহনীয়া জন্তু চুই উঠিয়েই মোবাইল ফোন ব্যৱহাৰ কৰিলেও ফোনৰ স্ক্ৰীনত বীজাণুৰ বংশবৃদ্ধি হয়। গতিকে ফোনৰ স্ক্ৰীনখন নিয়মীয়াকৈ পৰিষ্কাৰ কৰি নিৰ্জীৱ কৰাটো প্ৰয়োজনীয়।

সংক্ৰমিত স্মাৰ্টফোনৰ দ্বাৰা সংক্ৰমণ সম্ভাৱনা

সংক্ৰমিত স্মাৰ্টফোনৰ লাইট ৰোগীৰ ডিঙি, চকু আদিত ব্যৱহাৰ কৰিলে ফোনত থকা বীজাণুসমূহ ৰোগীলৈ বিস্তাৰিত হয় আৰু ৰোগীক নতুন সংক্ৰমণৰ সন্মুখীন হ’বলগীয়া অৱস্থাৰ সৃষ্টি কৰে। গতিকে চিকিত্সকসকলে পোহৰৰ প্ৰয়োজন হ’লে টৰ্চলাইট ব্যৱহাৰ কৰা উচিত। টৰ্চলাইট সাধাৰণতে বীজাণুৰ বাহক নহয়। টৰ্চলাইটৰ পোহৰ বিচ্ছুৰিত কৰা আইনাখনতো ৰোগৰ বীজাণুৰ বংশবৃদ্ধিৰ সম্ভাৱনা সামান্য।

হস্পিতালত ব্যৱহৃত ৰাজহুৱা মোবাইল ফোন বহুতে ব্যৱহাৰ কৰে। সহায়কাৰীসকলে অস্ত্ৰোপচাৰ কৰি থকা চিকিত্সকৰ কাণটো ফোনটো ধৰি কথা পতাৰ সুবিধা কৰি দিয়ে। এনে কৰোঁতে ফোনৰ পৰা ৰোগীৰ অস্ত্ৰোপচাৰ কৰা ঠাইত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। এনে পৰিস্থিতি ৰোগীৰ কাৰণে বিপজ্জনক হ’ব পাৰে। চিকিত্সকসকলে অস্ত্ৰোপচাৰ কৰি থকা সময়ত ফোন ব্যৱহাৰ কৰিব খুজিলে ৰোগীৰ ওচৰৰ পৰা আঁতৰি আহিব লাগে।

লেখকঃ ডাঃ জীৱন দত্ত বৰুৱা

উৎসঃ অসমীয়া খবৰ,