মনত ৰাখিবলগীয়া কথাখিনিৰ তালিকা প্ৰস্তুত কৰি স্মৰণ কৰক। যিকোনো কিতাপ, আলোচনী পঢ়িলে বিষয়টো খুটি-নাটি মাৰি পঢ়ক। প্ৰয়োজন সাপেক্ষে দাগ মাৰক। পঢ়োতে খোকোজা লাগিলে বাৰে বাৰে পঢ়াৰ যত্ন কৰক। ধঁপাতজাতীয় দ্ৰব্য, পাণ, চুপাৰি, জৰ্দা, গুটখা আদি নোখোৱাই উচিত। ডবা, শব্দ শৃংখল, চুডুকু, তাচপাত, চাইনিজ চেকাৰ, লুডু আদি খেলক। কেৰমো খেলিব পাৰে। যিকোনো বস্তু সুক্ষ্ম দৃষ্টিৰে চোৱাৰ প্ৰয়াস কৰক। দীঘলীয়া কথা মনত ৰাখিবলৈ সাংকেতিক ভাষাৰ সহায় লোৱা উচিত। যিকোনো ঘটনা বা বিশেষ তাৰিখ ডায়েৰিত লিপিবদ্ধ কৰক আৰু নোচোৱাকৈয়ে কোৱাৰ অভ্যাস কৰক। প্ৰতিদিনে শাৰিৰীক ব্যায়াম কৰক। ব্ৰাক্ষ্মী শাক, গাখীৰ, ফলমূল খাওঁক। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰিতু গগৈ।