আমাৰ সমাজত বহুতৰে মনত ভ্ৰান্ত ধাৰণা আছে যে বেছি-দামেৰে শাক-পাচলি, ফল-মূল কিনি আনি খালে বেছি পুষ্টিমূল্য পোৱা যায়। কিন্তু দাম বেছি হ’লেই যে কোনো এবিধ খাদ্যবস্তুৰ পুষ্টিমূল্য বেছি হ’ব, তেনে নহয়। হাতৰ ওচৰতে থকা শাক-পাচলি, ফল-মূলতো সমানেই পুষ্টমূল্য থাকে। মাথোঁ দৈনন্দিন খাদ্য তালিকাখন প্ৰস্তুত কৰোতে কেনেধৰণৰ খাদ্য তালিকাভুক্ত কৰিছে, তাৰ ওপৰতহে বিষয়টো নিৰ্ভৰ কৰে। প্ৰায়ভাগ লোকেই সুষম আহাৰ মানে কি জ্ঞাত নহয়। ফলত খাদ্য সম্ভাৰ তালিকাভুক্ত কৰোতে সঠিক খাদ্য অন্তৰ্ভুক্ত নকৰে। পৃথিৱীৰ সকলো খাদ্যবস্তুৰে কিবা নহয় কিবা পুষ্টিমূল্য থাকে। কোনোবিধত যদি ভিটামিন বেছি থাকে, আন এবিধত আকৌ খনিজ দ্ৰব্য, পানী বেছিকৈ পোৱা যায়। বিষয়টো নিৰ্ভৰ কৰে বতৰৰ ওপৰত। কিছুমান বতৰৰ শাক-পাচলি, ফল-মূলত প্ৰচুৰ পৰিমাণে পানী পোৱা যায়। বিশেষকৈ গ্ৰীষ্মকালীন শাক-পাচলি, ফল-মূলত আন ভিটামিন, খনিজ দ্ৰব্যৰ লগতে প্ৰচুৰ পৰিমাণে পানী থাকে। আমাৰ শৰীৰটোৱে কিমান পৰমাণৰ শক্তি, খনিজ দ্ৰব্য, ভিটামিন আদি লাভ কৰিব সেয়া নিৰ্ভৰ কৰে খাদ্য তালিকাৰ ওপৰত। খাদ্য তালিকা প্ৰস্তুত কৰোতে কেতবোৰ কথা মন কৰিব লাগে—মচুৰ দাইলত প্ৰচুৰ পৰিমাণে প্ৰ’টিন পোৱা যায়। সেইবাবে এইবিধ দাইল দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। ডায়েটিচিয়ানৰ পৰামৰ্শ গ্ৰহণ কৰি নিতৌ মগু দাইল খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ ওপৰি অনিয়মীয়া ঋতুস্ৰাৱৰপৰা হাত সাৰিব পাৰি। সেউজীয়া মটৰ আদি খালেও সুফল পোৱা যায়। ই সহজপাচ্য আৰু পুষ্টিকৰ। সতেজ মটৰ যদি চালাডৰ লগত খোৱা হয়, তেতিয়াহলে বেছি উপকাৰ পোৱা যায়। সেইবাবে এইবিধ খাদ্য নিয়মীয়াকৈ খোৱা উচিত। দৈনন্দিন খাদ্য তালিকাত মগু দাইল অন্তৰ্ভুক্ত কৰাৰ মূলতে হ’ল এইবিধ দাইল খালে বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰি। দাইলৰ তুলনাত যদি কেঁচা মগু খোৱা হয়, তেতিয়াহ’লে বেছি উপকাৰ লাভ কৰিব পাৰি। কিয়নো সেউজীয়া সতেজ মগু খালে প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু আইৰণ পোৱা যায়। শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱা বা মেদবহুলতা, ৰক্তাল্পতা বা এনিমিয়া, হৃদৰোগ আদিৰ পৰা হাত সাৰিব পাৰি। চালাডত অংকুৰিত মগু মিহলি কৰিলে তুলনামূলকভাৱে বেছি উপকাৰ পোৱা যায়। আজিকালি প্ৰায়ভাগ লোকেই ওটছ জাতীয় খাদ্য গ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এইবিধ খাদ্যত থকা বিটাৰ গ্লুকানৰ বাবে তেজত কলেষ্টৰেল আৰু শৰ্কৰা নিয়ন্ত্ৰণ হয়। শৰীৰৰ ওজন হ্ৰাস কৰাত এইবিধ খাদ্যই বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায়। ছয়াবিনত প্ৰচুৰ পৰিমাণে প্ৰ’টিন পোৱা যায়। এইবিধ উপাদানৰ পৰিমাণ ৪৩শতাংশ। এশ গ্ৰাম মগু, মচুৰ, মটৰ দাইলত যিমান পৰিমাণৰ প্ৰ’টিন থাকে, তাৰ তুলনাত ছয়াবিনত বেছি থাকে প্ৰ’টিন। তদুপৰি ইয়াত অম্পৃক্ত চৰ্বিৰ পৰিমাণ বেছি থকা বাবে হৃদৰোগ, উচ্চ ৰক্তচাপ,ডায়েবেটিছ, মেদবহুলতাত ভোগা লোকেও খোৱাত বাধা নাই। ভাৰতবৰ্ষৰ দৰে দেশ এখনত, য’ত দুখীয়া লোকৰ সংখ্যাই বেছি, তাত মাছ-মাংসতকৈ ছয়াবিন খাই বেছি পৰিমাণে পুষ্টি লাভ কৰিব পাৰে। এশ গ্ৰাম দাইলত গড়ে ১৭-২৫ শতাংশ আৰু মাছ-মাংসত ১৩-২২ শতাংশ প্ৰ’টিন পোৱা যায়। ছয়াবিনত এইবোৰৰ তুলনাত দুগুণ বেছি থাকে। সাধাৰণতে বহুতৰ মনত ধাৰণা আছে যে সদায় মাছ, মাংস, কণী আদি বেছি পৰিমাণে খালে শৰীৰে প্ৰচুৰ পৰিমাণে প্ৰ’টিন লাভ কৰিব পাৰে। এইবোৰৰ দামো বেছি। সেইবাবে নিতৌ ছয়াবিন খালে শৰীৰে প্ৰ’টিন লাভত ব্যাঘাত নজন্মে। তদুপৰি মাছ, মাংস, কণীৰ তুলনাত ইয়াৰ মূল্যও কম। প্ৰায়ভাগ লোকেই খাদ্য প্ৰস্তুত কৰোতে পিঁয়াজ ব্যৱহাৰ কৰে। পিঁয়াজক পাচলি আৰু মচলা দুয়োবিধ হিচাপেই ব্যৱহাৰ কৰা হয়। অষ্টিঅ’প’ৰ’ছিছ, উচ্চ ৰক্তচাপ, এলাৰ্জী, চৰ্দি-কাহ, এজমা, ডায়েবেটিজ, হৃদৰোগ আদি প্ৰতিৰোধতো সহায় কৰে পিঁয়াজে। ঘৰৰ ওচৰতে থকা সৰু হাবিয়নিত ওল কচু পোৱা যায়। এইবিধ পাচলিৰ পুষ্টিমূল্য কম নহয়। চৰ্বি আৰু কোলেষ্টেৰল বিহীন ফাইবাৰ সমৃদ্ধ পাচলিবিধ ভাত অথবা ৰুটিৰ পৰিৱৰ্তেও ব্যৱহাৰ কৰিব পাৰি। শৰীৰে উপযুক্ত পৰিমাণে শক্তি লাভ কৰাৰ উপৰি হৃদযন্ত্ৰকো সুৰক্ষা দিয়ে। কেৱল পেটৰ অসুখ হ’লেই যে বাৰ্লি খাব লাগে, তেনে নহয়। বাৰ্লিত থাকে কম কেলৰিযুক্ত ফাইবাৰ, অমেগা ফেটি এচিড, আইৰণ, পটাচিয়াম আৰু কেলচিয়াম। কম মূল্য হ’লেও ইয়াৰ পুষ্টিমূল্য অধিক। এইবিধ খাদ্য সকলো সময়তে উপলব্ধ। লেখকঃ ডাঃ প্ৰবীৰ কুমাৰ বৰদলৈ।