*একেলেথাৰিয়ে বহি নাথাকিব। আনকি টেলিভিজন চাওঁতেও মাজে মাজে উঠা-বহা কৰি থাকক। এই আপোনাৰ ভৰি দুখন মজবুত কৰাৰ উপৰিও শৰীৰত জমা হোৱা চৰ্বি কমাব।

*আজৰি সময়ত ঘৰৰ চোতালত অথবা বাৰাণ্ডাত সন্তানৰ সৈতে যিকোনো খেল খেলক। এনে অভ্যাসে মনৰ চাপ কমাব, মন প্ৰফুল্ল কৰিব আৰু শৰীৰত তেজ চলাচল বৃদ্ধি কৰিব।

*পাকঘৰৰ বাচন-পত্ৰ থোৱা(শ্ললফ সামান্য) ওখত ৰাখিব যাতে শ্বেলফকেৰ ঢুলি পোৱাৰ বাবে আপুনি ভৰিৰ আঙুলিৰ মূৰত ভৰ দিবলগীয়া হয়। এনে অভ্যাসে ভৰি কলাফুল শক্তিশালী হোৱাত সহায় কৰিব।

*দিনটোত অন্ততঃ এবাৰ চকুযোৰ এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে ঘূৰোৱা অভ্যাসটো আঠবাৰ মান কৰক। চকুহাল সতেজ ৰাখিব।

*পুৱাৰ ৰ’দ শৰীৰত লগাওক। এই ৰ’দত হাঁড়ৰ বাবে প্ৰয়োজনীয় ভিটামিন ডি থাকে। ই ছালৰ বাবে উপকাৰী।

উৎস: নিয়মীয়া বাৰ্তা