এই উৎকট গৰমত বহুতৰে গাৰ আৰু মুখৰ ছাল পুৰি মটীয়া হৈ পৰে। বহুতৰে হয়তো চুলি সৰিছে কোচাই কোচাই! অলপমান সচেতন হ’লেই ল’লেই আমি এইবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰো। ৰ’দে পোৰাৰ পৰা বাচি থাকিবলৈ হ’লে বাহিৰলৈ ওলোৱাৰ আগত মুখ, হাত, ভৰি যিমান পাৰি ঢাকি ল’ব। অনাবৃত অংশত ছানস্ক্ৰীন লগাব। তেলেতীয়া ভাৱ কমাই ৰাখিবলৈ Compact Powder ব্যৱহাৰ কৰিব। প্ৰতিদিনে পুৱা পাৰিলে aloe vera বা চালকুৱৰীৰ ৰস লগাব ১০ মিনিট মান। চালকুৱৰীৰ ৰসৰ লগত গোলাপজল মিহলাই লগালে এলাৰ্জি ,খজুৱতি আদিৰ পৰা ছালখন দূৰত থাকে। লা-ফেয়াৰৰ লগত কল নাইবা পকা অমিতা বা পকা আম মিহলাই ১০ মিনিট লগালে ছালৰ পৰা ৰ’দে পোৰা ৰঙ আতৰি যায়। দৈ, কমলা বাকলিৰ গুৰি আৰু মুলতানী মাটি মিহলাই লগালেও সুফল পোৱা যায়। প্ৰচণ্ড পৰমত ৰ’দৰ পৰা আহি মুখখন নিমখ মিহলি পানীৰ ধুব পাৰিলে মুখখন সতেজ হৈ থাকে। নিমপাত সিজোৱা পানীৰে মাজে মাজে চুলিকোচা ধুব। হেনা কৰিব। হেনাৰ লগত শিলিখা –আমলখিৰ ৰখ মিহলাব। লেখিকা: মিনাক্ষী নাথ পেগু, এগৰাকী সৌন্দৰ্য্য বিশেষজ্ঞ