মুখ গোন্ধোৱাটো নিজৰ বাবে আৰু আনৰ বাবেও অস্বস্তিকৰ। ৰাতিপুৱা শুই উঠি অন্তত: পাঁচ গিলাচ পানী খাওক। ইয়ে পেট চফা কৰাৰ লগতে উশাহৰ বেয়া গোন্ধ আঁতৰাব। কাহৰ পৰা তৎক্ষণাত উপশম পাবলৈ কম পৰিমাণৰ এটা মিশ্ৰণ তৈয়াৰ কৰি খাওক। মিশ্ৰণটো হ’ল- খয়েৰ দুভাগ, জিৰা এভাগ আৰু মিচিৰি এভাগ। ৰাতি বিছনাত পেচাব কৰা ল’ৰা-ছোৱালীক শোৱাৰ আগতে এটুকুৰা গুড় চুহিবলৈ দিয়ক। বদহজম নিমিষতে দূৰ কৰিবলৈ এচামুচ কেষ্টৰ অইল কুহুমীয়া পানীৰে ৰাতিপুৱা খালীপেটত খাওক। ইয়ে মাংসপেশীৰ বিষো আঁতৰ কৰে। ফুলি উঠা টনচিলৰ বাবে এচামুচ চূণ এচামুচ আদাৰ ৰসৰ লগত মিহলাই লেপন লগাওক। গেচ আৰু বদহজমৰ বাবে এচামুচ জিৰা আৰু এচামুচ আজোৱান (জনি) একাপ পানীত সিজাই আধাকাপ কৰক। পানীখিনি চেকি লৈ সোৱাদৰ বাবে অলপ চেনি মিহলাই খাওক। মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হাত-ভৰিৰ পেশী টানি ধৰা বা সিৰামূৰি ধৰাটো দূৰ কৰিবলৈ সামান্য হিং কুহুমীয়া পানীত মিহলাই খাব লাগে। এটা নেমু গুটিৰে সৈতে মিহিকৈ পিহি সামান্য নিমখ মিহলাই লওক। ডায়েৰিয়া ৰোগৰ বাবে উপকাৰী। দাঁতৰ বিষ আঁতৰাবলৈ কেইটামান মধুৰিআমৰ পাত পানীত সিজাই পানীখিনি চেকি লৈ সেই পানীৰে কেইবাবাৰো কুলিকুলি কৰিব। বিষ লগে লগে আৰাম পাব। পকা অমিতাত অলপ জালুক আৰু জিৰাগুৰি, সামান্য নিমখ মিহলাই খালে কোষ্ঠকাঠিন্য আৰু বদহজমতে উপকাৰ পোৱা যায়। কাণৰ বিষত সামান্য হিং পাতল কাপোৰ এখনেৰে মেৰিয়াই কাণত সুমুৱাই থব লাগে। ঘেঁহু গছৰ পুলি এমুঠি শিপাৰে সৈতে তুলি আনি ভালদৰে ধুই বটি লৈ ৰস উলিয়াই খাওক। মধুমেহ ৰোগীৰ বাবে চমৎকাৰী ঔষধ। আধা চামুচ আদাবটা কপালত লগাই থলে মূৰৰ বিষ ভাল হয়। পিঁয়াজ খাই মুৰ্খ গোন্ধালে কেইটামান ধনিয়াগুটি চোবাব লাগে। দুই চামুচ সতেজ আদা খুন্দি লৈ ডেৰ চামুচ মৌ মিহলাই চোবালেও মুখৰ বেয়া গোন্ধ আঁতৰে। ঋতুস্ৰাৱৰ সময়ত হোৱা গাৰ বিষৰ বাবে কেইটামান নহৰু ঘিউত ভাজি ঠাণ্ডা হ’লে চেনি মিহলাই দুই তিনিবাৰ খাব লাগে। চৰ্দিৰ উপশমৰ বাবে গৰম গাখীৰত আধাচামুচ গুৰি হালধি মিহলাই খাওক। পানী লাগি নাক বন্ধ হ’লে বন্ধাকবি টুকুৰা টুকুৰকৈ কাটি পানীত উতলাই নাকেৰে ভাপ টানিব লাগে। দিনত অন্তত: দুবাৰকৈ। সৰু ল’ৰা-ছোৱালীৰ পেলু দূৰ কৰিবলৈ সতেজ পদিনাৰ ৰস খুৱাব লাগে। ইনচোমনিয়া বা টোপনি নহা ৰোগ দূৰ কৰিবলৈ ধনিয়া পাতৰ ৰসৰ লগত পানী আৰু চেনি মিহলাই ৰাতি শোৱাৰ সময়ত খাব লাগে। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।