অনন্তমূলঃ জিভাৰ ঘাঃ পাঁচ গ্ৰাম অনন্তমূল ভেড়াৰ গাখীৰৰ সৈতে বটি জিভাৰ ঘা হোৱা ঠাইত তিনিদিন লগালে ঘা ভাল হয়। ৰক্তপ্ৰদৰঃ পাঁচ গ্ৰাম অনন্তমূল বটি ১ চামুচ মৌৰে সৈতে সাত দিন খালে ৰক্তপ্ৰদৰ ভাল হয়। আমবাত (এলাৰ্জি)ঃ ১০ গ্ৰাম অনন্তমূল ২ কাপ পানীত সিদ্ধ কৰি সেই পানী ৭ দিন খালে আমবাত ভাল হয়। গ্ৰহণীঃ ৫ গ্ৰাম অনন্তমূল বটি মৌৰে সৈতে ৭ দিন খালে গ্ৰহণী বা আমাশয় ৰোগ ভাল হ’ব। পাথৰিঃ ৫ গ্ৰাম অনন্তমূল বটি গৰুৰ গাখীৰৰে সৈতে এবাৰকৈ ৭ দিন খালে পাথৰি ৰোগ ভাল হ’ব। স্তন দুগ্ধ বৃদ্ধিঃ ৫ গ্ৰাম অনন্তমূল ২ কাপ পানীত সিদ্ধ কৰি সেই পানী ৫-৬ দিন খালে স্তনদুগ্ধ বৃদ্ধি পাব। ধাতু দুৰ্বলতাঃ ৫ গ্ৰাম অনন্তমূল ২ চামুচ মৌৰে সৈতে ৰাতিপুৱা খোৱাৰ পিছত ১০ দিন খালে ধাতু দুৰ্বলতা দূৰ হ’ব। ফোঁহাঃ ৩ গ্ৰাম অনন্তমূল বটি ফোঁহা হোৱা ঠাইত প্ৰলেপ দিলে ফোঁহা ফাটি যাব। অশ্বগন্ধাঃ শিশুৰ দুৰ্বলতাঃ প্ৰতিদিন আধা চামুচ অশ্বগন্ধা চূৰ্ণ সামান্য গৰম পানীৰ সৈতে মিহলাই এমাহ খুৱালে শিশুৰ দুৰ্বলতা দূৰ হ’ব। অনিদ্ৰাঃ ২ চামুচ অশ্বগন্ধা চূৰ্ণ, ১ কাপ গাখীৰৰ সৈতে ১ চামুচ চেনি মিহলাই ৭ দিন খালে অনিদ্ৰা দূৰ হ’ব। স্বপ্নদোষঃ ২ গ্ৰাম অশ্বগন্ধা চূৰ্ণ গাখীৰৰ লগত মিহলাই ১৫-২০ দিন খালে স্বপ্নদোষ দূৰ হ’ব। বাত পিত্তঃ তিলৰ সৈতে ১ চামুচ অশ্বগন্ধা চূৰ্ণ মিহলাই চোবাই খালে ৭ দিনত বাত পিত্ত ৰোগ নিৰাময় হ’ব। শ্বাস ৰোগঃ ১ চামুচ অশ্বগন্ধা চূৰ্ণৰ সৈতে ১ চামুচ মৌ, ১ চামুচ চেনি, ১ চামুচ ঘিউ মিহলাই প্ৰতিদিন ৰাতিপুৱা কিছু খোৱাৰ পিছত ২৫ দিন খালে ৰোগ দূৰ হ’ব। আমলখিঃ প্ৰস্ৰাৱৰ জ্বালাঃ ১ গিলাচ মিছিৰিৰ পানীত ২ চামুচ আমলখিৰ ৰস মিহলাই ৭ দিন খালে প্ৰস্ৰাৱৰ জ্বালা নোহোৱা হ’ব। প্ৰমেহঃ প্ৰতিদিন এটাকৈ কেঁচা আমলখি খালে প্ৰমেহ ৰোগ ভাল হ’ব। অকালতে চুলি পকা বা সৰাঃ ৫-৬টা কেঁচা আমলখি বটি নাৰিকলৰ তেলৰ লগত মিহলাই, সেই তেল এমাহমান ঘঁহিলে চুলি পকা বা সৰা বন্ধ হ’ব। যোনিৰ বেদনাঃ ৪ চামুচ কেঁচা আমলখিৰ ৰসৰ সৈতে ৪ চামুচ হেলেচিৰ ৰস মিহলাই ১৫ দিন এবাৰকৈ খালে যোনিৰ বেদনা ভাল হ’ব। শ্বেত প্ৰদৰঃ ১ চামুচ পকা আমলখিৰ বীজৰ গুড়ি আৰু ১ চামুচ মিছিৰিৰ গুড়ি মিহলাই ৰাতিপুৱা আবেলি আৰু ৰাতি ৭ দিন খালে শ্বেত প্ৰদৰ ৰোগ নোহোৱা হ’ব। কিডনিৰ ৰোগঃ কিডনিৰ দোষ থকা ৰোগীৰ কাৰণে আমলখি খোৱা ভাল নহ’ব। হেলঞ্চি (হেলেচি)ঃ তেজৰ দোষঃ প্ৰতিদিন হেলঞ্চি শাক সিজাই গৰম ভাতৰ সৈতে এমাহ খালে তেজৰ দোষ নাশ হয়। প্ৰমেহ ৰোগঃ ২৫ গ্ৰাম হেলঞ্চিৰ ৰস ২০০ গ্ৰাম এঁৱা গাখীৰৰ সৈতে মিহলাই প্ৰতিদিন ৰাতিপুৱা এবাৰকৈ এমাহ খালে প্ৰমেহ ৰোগ ভাল হয়। দৃষ্টিশক্তি হ্ৰাসঃ ২ চামুচ হেলঞ্চিৰ ৰস গৰম গাখীৰৰ সৈতে এমাহ খালে দৃষ্টিশক্তি প্ৰখৰ হ’ব। পাথৰকুঁচিঃ পাতল পায়খানাঃ ৪-৫টা পাথৰকুঁচিৰ পাত লোণেৰে সৈতে চোবাই খালে পাতল পায়খানা বন্ধ হ’ব। পিত্ত পাথৰিঃ প্ৰতিদিন ৰাতিপুৱা পাথৰকুঁচিৰ পাতৰ ৰস ৪ চামুচকৈ এমাহ খালে পিত্ত পাথৰি দূৰ হ’ব। কটা ঘাঃ দুটামান পাথৰকুঁচিৰ পাত থেতেলিয়াই কটা ঠাইত লগালে লগে লগে তেজ ওলোৱা বন্ধ হ’ব। অৰ্শঃ দুটা পাথৰকুঁচিৰ পাত বটি অৰ্শত লগালে অৰ্শৰ বেদনা কমি যাব। চেঙেৰী টেঙা (চাঙ্গেৰী টেঙা)ঃ বুকুত চৰ্দি বহি গ’লেঃ ২৫ গ্ৰাম চেঙেৰী শাকৰ ৰস ১০০ গ্ৰাম সৰিয়হৰ তেলৰ সৈতে গৰম কৰি লৈ বুকুত মালিচ কৰিলে জমা চৰ্দি তৰল হৈ ওলাই আহিব। বাত, অতিসাৰ আৰু কুষ্ঠৰোগঃ প্ৰতিদিন যদি চেঙেৰী শাক ৰান্ধি খোৱা হয়, তেতিয়া বাত, অতিসাৰ আৰু কুষ্ঠ হোৱাৰ ভয় নাথাকে। অৰুচিঃ চেঙেৰী শাকৰ অম্বল তিনিদিন খালে মুখৰ ৰুচি ঘূৰি আহিব। শেৱালিঃ বাত ৰোগঃ ২৫-৩০টা শেৱালিৰ পাত ৩ কাপ পানীত সিজাই সেই পানী ৰাতিপুৱা আৰু ৰাতি সেৱন কৰিলে বাত ৰোগ ভাল হয়। বাত বিষ ভাল নোহোৱালৈকে খাব লাগিব। শ্লেষ্মাঃ শেৱালি গছৰ শিপাৰ এক বা দুই টুকুৰা পাণৰ লগত খালে শ্লেষ্মা ৰোগত ভাল ফল পোৱা যায়। মেলেৰিয়াঃ ৫-৬টা শেৱালিৰ পাত এটুকুৰা আদাৰ সৈতে বটি তাৰ দুই চামুচ ৰস প্ৰতিদিন ৰাতিপুৱা আৰু ৰাতি ১৫ দিন খালে মেলেৰিয়াত ভাল ফল পোৱা যায়। পিত্ত জ্বৰঃ ২৫ গ্ৰাম শেৱালি পাতৰ ৰস প্ৰতিদিন ৰাতিপুৱা আৰু সন্ধিয়া খালে পিত্তজ্বৰ নিৰাময় হ’ব। তেলাকুচাঃ হাত-ভৰিৰ পোৰণিঃ হাত-ভৰিত পোৰণি উঠিলে তেলাকুচা পাতৰ ৰস লগালে পোৰণি কমে। খজুৱতীঃ খজুৱতী হোৱা ঠাইত তেলাকুচা পাতৰ ৰস লগালে আৰু ১ চামুচকৈ তাৰ ৰস খালে ভাল ফল পোৱা যায়। সাত দিন ব্যৱহাৰ কৰিব লাগিব। শাওঁ গ্ৰহণীঃ প্ৰতিদিন ৰাতিপুৱা তেলাকুচা পাতৰ ৰস খালী পেটে ১০ দিন খালে শাওঁ গ্ৰহণীত উপকাৰ পোৱা যায়। তেজ গ্ৰহণীঃ ২৫ গ্ৰাম তেলাকুচা পাতৰ ৰসৰ সৈতে ২৫ গ্ৰাম কুঁহিয়াৰৰ গুড় মিহলাই প্ৰতিদিন ৰাতিপুৱা এবাৰকৈ ১০ দিন খালে তেজ গ্ৰহণী ভাল হয়। কালমেঘঃ লিভাৰৰ দোষঃ প্ৰতিদিন ৰাতিপুৱা খালী পেটে ২ চামুচকৈ কালমেঘৰ পাতৰ ৰস এমাহ খালে লিভাৰ ভালে থাকে। শিশুৰ কৃমি আৰু কোষ্ঠবদ্ধতাঃ প্ৰতিদিন ৰাতিপুৱা ১ চামুচ কালমেঘৰ পাতৰ ৰসৰ সৈতে ১ চামুচ মৌ মিহলাই খালে কৃমি আৰু কোষ্ঠবদ্ধতা ৰোগত সুফল পোৱা যায়। মেলেৰিয়াঃ ২৫ গ্ৰাম কালমেঘৰ পাত ৪ কাপ পানীত সিজাই ১ কাপ থাকোতে জুইৰ পৰা নমাই থ’ব। তাৰে আধা কাপকা ৰাতিপুৱা আৰু সন্ধিয়া খালে মেলেৰিয়া ৰোগ ভাল হয়। ১৫ দিন খাব লাগিব। কৰ্পূৰঃ মূৰৰ উফিঃ পানীৰ সৈতে কৰ্পূৰ মিহলাই মূৰত সানিলে উফি কমি যাব। পোক-পৰুৱাৰ পৰা ৰক্ষা পাবলৈঃ পোক-পৰুৱাই কেতিয়াবা কেতিয়াবা গছৰ ক্ষতি সাধন কৰে। বাগিছাত যদি কৰ্পূৰ গুড়ি কৰি চটিয়াই দিয়া যায়, তেতিয়া পোক-পৰুৱাৰ হাতৰ পৰা ৰক্ষা পাব পাৰি। পানীলগা জ্বৰঃ ৫০ গ্ৰাম সৰিয়হৰ তেলৰ সৈতে ২৫ গ্ৰাম কৰ্পূৰ মিহলাই মালিচ তৈয়াৰ কৰি সেই তেল বুকুত ঘঁহিলে আৰু নাকেৰে উজাই টানিলে পানীলগা জ্বৰ ভাল হয়। তেলখিনি গৰম কৰি সামান্য গৰম থাকোতেই ঘঁহিব লাগে। জিভাৰ ঘাঃ পানীৰ সৈতে কৰ্পূৰ গুলি লৈ সেই পানীৰে একেৰাহে ৩ দিন মুখ ধুলে জিভাৰ ঘা ভাল হয়। দুৰ্গন্ধনাশঃ বৰ্ষাকালত ঘৰৰ দুৱাৰ বন্ধ থাকিলে ঘৰৰ ভিতৰত একধৰণৰ দুৰ্গন্ধ ওলায়। তাৰ পৰা ৰেহাই পাবলৈ ঘৰৰ কোণত কেইটুকুৰামান কৰ্পূৰ ৰাখিলে গন্ধ নোলায়। ইয়াৰ বাহিৰে আলমাৰিৰ ভিতৰত থকা ৰূপৰ বাচন, কাপোৰ-কানিৰ ভিতৰত কৰ্পূৰ ৰাখিলে ৰূপৰ থালৰ পালিচ ঠিকে থাকে, কাপোৰতো পোকে নধৰে। খিৰিকীৰ আইনা পৰিষ্কাৰ কৰিবলৈ পানীৰে সৈতে কৰ্পূৰ মিহলাই পৰিষ্কাৰ কৰিলে আইনা চিকচিকীয়া হয়। (উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী)।