চিকিৎসা বিজ্ঞান মতে পুৰুষৰ তুলনাত মহিলাই বেছিকৈ অষ্টিঅ’ আৰ্থাইটিছ ৰোগত ভুগিবলগীয়া হয়। কাৰণ প্ৰকৃতিগতভাৱেই মহিলাৰ হাড় আৰু মাংসপেশী কম বিকশিত হয়। তাৰ উপৰি ঘৰ-সমাজৰ বাতাৱৰণ, পাৰিবাৰিক পৰিস্থিতিৰ লগতে বংশগত কাৰণতো এই ৰোগ হয়। কিছুমান বিশেষ প্ৰকাৰৰ হৰম’নৰ কাৰণেও অধিক মহিলাই এই ৰোগত ভুগিবলগীয়া হয়। বেছিভাগ মহিলাই আঁঠুৰ বিষত ভুগিবলগীয়া হয়। আঁঠুৰ জোৰাৰ দুৰ্বলতাৰ বাবে খোজ কঢ়া, চিৰিৰে উঠা-নমা কৰা, মাটিত বহা প্ৰায় অসম্ভৱ হৈ পৰে। এনেবিলাক সমস্যাৰ পৰা নিজকে বচাবলৈ খোজ কঢ়া, উঠা-বহা আদি কৰোতে যথেষ্ট সাৱধান হোৱা উচিত। উঠা-বহা কৰোতে আঁঠুত যাতে ভৰ নপৰে তালৈ লক্ষ্য ৰাখিব লাগে। মাটিত বহা বাদ দিব লাগিব। যদি শৰীৰৰ ওজন বেছি, ওজন কমাব লাগিব। ফিজিঅ’ থেৰাপিষ্টৰ সহায় লৈ এনে ব্যায়াম শিকি ল’ব লাগে যি ব্যায়ামৰ দ্বাৰা জোৰাৰ মাংসপেশী সবল হয়। আমাক আচলতে হাড়ে নহয়- মাংসপেশীয়েহে থিয় হৈ থকা, খোজ কঢ়া আদি সকলো কামত জোৰ দিয়ে। সেয়েহে মাংসপেশী সবল কৰা উচিত। বেছি বিষ-কোপ হ’লে ডাক্তৰৰ পৰামৰ্শ মতে কম পাৱাৰৰ বিষনাশক ঔষধ গ্ৰহণ কৰিব। কিন্তু বেছি ঔষধ সেৱন কৰাৰ সলনি শৰীৰ শৰীৰ ওজন কমোৱা, ব্যায়াম, সফূৰ্তিত থকাত গুৰুত্ব দিলে কষ্ট নিশ্চয় কম হ’ব। লেখিকা: ৰূপা মেধি(অসম বাণী)