ঘৰৰ পৰা ওলাই চহৰাঞ্চললৈ ফুৰিবলৈ গ’লে আজিকালি বাৰ্ধক্যই অচল কৰি তোলা লোক চকুত নপৰেই। চহৰাঞ্চলত ঘূৰা-পকা কৰি থকা লোকসকলৰ মুখলৈ লক্ষ্য কৰিলে দেখিব, অধিকাংশ লোকেই তৰুণ আৰু তেওঁলোকৰ মুখমণ্ডলতো বয়সৰ চাপ নাই। এই লোকসকলৰ খোচ-কাটলতো বয়সৰ কোনো প্ৰভাৱ চকুত নপৰে। দেহত কোনো ধৰণৰ অতিৰিক্ত মেদ নাই আৰু তেওঁলোকৰ গতিও সাৱলীল, তজবজীয়া, দেহ ঋজু। আজিকালি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা লোকসকলো দেখাত যুৱক হৈয়েই থাকে। আজিৰ যুগৰ মানুহৰ ওপৰত আজিৰ সময়ৰ প্ৰভাৱ বৰ বেছি পৰিবলৈ ধৰিছে আৰু সেয়ে প্ৰায় সকলোৱে বয়সতকৈ তৰুণ হৈ থাকিব পাৰিছে। দীৰ্ঘদিনীয়া গৱেষণাৰ অন্ত্ৰত দেখা গৈছে যে মানুহৰ বয়স কেনেকৈ বাঢ়িব, সেইটো নিৰ্ভৰ কৰে নিজৰ ওপৰত। অৰ্থাৎ অৱধাৰিত হ’লেও বাৰ্ধক্যৰ চিহ্ন ঢাকি ৰাখিব পাৰি। মানুহৰ বয়স যিমানেই নহওক লাগে তাতকৈ বহু বেছি কম দেখাটো বৰ্তমান অসম্ভৱ হৈ থকা নাই। তাৰ কাৰণে কিছুমান নিয়ম মানি চলাটো প্ৰয়োজন আৰু মনৰ তাৰুণ্য যাতে অটুট থাকে, তাৰ প্ৰতি বিশেষভাৱে চকু দিয়া দৰকাৰ। এইখিনি কথা মানি চলিলেই প্ৰতি বছৰে আপোনাৰ বয়স বাঢ়িলেও আপুনি আৰু সুন্দৰ আৰু আকৰ্ষণীয় হৈ উঠিব। তলত বাৰ্ধক্য প্ৰতিৰোধ কৰি যৌৱন অটুট ৰখাৰ কেইটিমান আয়ুৰ্বেদীয় দিহা দিয়া হৈছে। এই দিহাবোৰ মানি চলিলে আপুনি কম দিনৰ ভিতৰতে আপোনাৰ যৌৱন অটুট ৰাখি বাৰ্ধক্য প্ৰতিৰোধ কৰিব পাৰিব। সম পৰিমাণে অশ্বগন্ধা, শিমলুমূল, শতমূল, ভূঁই কোমোৰাৰ গুড়ি, দুই চামুচ পৰিমাণত লৈ গৰম পানী বা গাখীৰৰ লগত মিহলাই পুৱা আৰু সন্ধিয়া খাই থাকিলে বিশেষ উপকাৰ পাব। কিন্তু আপোনাৰ উচ্চ ৰক্তচাপ থাকিলে এই মিশ্ৰণ নেখাব। দীৰ্ঘদিন ধৰি চুলি ক’লা আৰু ঘন কৰি ৰাখিবৰ বাবে প্ৰতিদিনে ত্ৰিফলা চূৰ্ণ আৰু চফৰ(গুৱামূৰি) গুড়ি তিয়াই থোৱা পানী পুৱা খালী পেটত খাব। প্ৰতিদিনে চেনি নিদিয়াকৈ ২০০ গ্ৰাম দৈ খাই থাকিলে বাৰ্ধক্য প্ৰতিৰোধ হয় বা বাৰ্ধক্যৰ আগমন মন্থৰ হয়। ছালখন দীৰ্ঘদিন ধৰি সুন্দৰ আৰু উজ্জ্বল কৰি ৰাখিবলৈ হ’লে প্ৰতিদিনে পুৱা দুটাকৈ কালমেঘৰ বড়ি খাই থাকক। ছালৰ যৌৱন আৰু উজ্জ্বলতা দীৰ্ঘদিন ধৰি থাকিব। গোতেই বছৰ ধৰি বিভিন্ন ধৰণৰ ফল বজাৰত পোৱা যায়। এই ফলবিলাকৰ ভিতৰৰে বেলেগ বেলেগ ফল প্ৰতিদিনে ১০০ৰ পৰা ২০০ গ্ৰাম পৰ্যন্ত খাই থাকিবলৈ চেষ্টা কৰক। এই অভ্যাসে আপোনাৰ বয়স কমাই ৰখাত সহায় কৰিব। বাৰ্ধক্য প্ৰতিৰোধৰ প্ৰধান উপায় হ;ল – খাদ্য নিয়ন্ত্ৰণ। মানুহে শৈশৱ কালৰে পৰা সুষম খাদ্য খোৱাৰ অভ্যাস কৰিব লাগে। শাক-পাচলি, প্ৰোটিন, কাৰ্বোহাইড্ৰেট, শৰ্কৰা আদি পৰ্যাপ্ত মাত্ৰাত থকা আহাৰ প্ৰতিদিনে সঠিক সময়ত খোৱাৰ অভ্যাস কৰা প্ৰয়োজন। শৰীৰৰ বাৰ্ধক্য প্ৰতিৰোধ কৰি ৰখাৰ কাৰণে আপোনাৰ হজম শক্তিও অটুট ৰাখিব লাগিব। কাৰণ বয়স বঢ়াৰ লগে লগে মানুহৰ হজম শক্তিও লাহে লাহে কমি আছে। সেয়ে প্ৰতিদিনে ৰাতি আহাৰ খোৱাৰ পিছত এচামুচ পৰিমাণত শুকান আদাৰ গুড়ি, পিপলি, যনী, জালুক আৰু সৈন্ধৱ লবণৰ গুড়ি পানীত গুলি লৈ সেই পানী খোৱা উচিত। পুৱা নিয়ৰত তিতি থকা সেউজীয়া ঘাঁহনিত খালী ভৰিৰে খোজ কঢ়াৰ অভ্যাস কৰক। এই অভ্যাসে শৰীৰটো ঠিকে ৰখাৰ লগতে চকুযোৰো ঠিকে ৰাখিব। তাৰোপৰি প্ৰতিদিনে পুৱা খালী হাতে ব্যায়াম কৰা, সাঁতোৰা-দৌৰা আদিও অভ্যাস কৰা ভাল। বাৰ্ধক্যৰ আগমনৰ লগে লগে টোপনিও কিছু কমি আহে। সেয়ে প্ৰতিনিশা প্ৰায় একে সময়তে শুবলৈ যোৱা আৰু পুৱা একে সময়তে উঠাৰ অভ্যাস কৰিলে বাৰ্ধক্য প্ৰতিৰোধ হয়। চিৰযৌৱন আৰু দীৰ্ঘায়ু লাভৰ উপায় - পৃথিৱীত এনে কিছুসংখ্যক নাৰী আৰু পুৰুষ আছে, যিসকলৰ দেহত অনন্ত যৌৱন অটুট থাকে। এনেদৰে দীৰ্ঘদিন ধৰি বা চিৰযৌৱন অটুট ৰখাৰ কিছুমান উপায় আছে আৰু সেই উপায়বিলাক মানি চলিলেহে যৌৱন একেবাৰে শেষ বয়সলৈ অটুট থাকে। যদি শৰীৰটো বৃদ্ধ বয়সলৈকে সুস্থ আৰু সবল হৈ থাকে, তেতিয়াহে মনটো আনন্দত থাকিব। অধিকাংশ লোকৰ ক্ষেত্ৰতে দেখা যায় যে বয়স বৃদ্ধিৰ লগে লগে যৌনসক্ষমতা হেৰুৱাই পেলায়। এই অক্ষমতাই দাম্পত্য জীৱনৰ ভাঙোন অনাত অৰিহণা যোগায়। মনৰ পৰা যৌৱনৰ আসক্তি হেৰাই গ’লে শৰীৰত তাৰ প্ৰতিফলন ঘটে। কেতিয়াবা আকৌ তাৰ ঠিক বিপৰীত প্ৰতিক্ৰিয়াও দেখা যায়। বহু সময়ত বয়স বৃদ্ধি সত্বেও মনত অস্বাভাৱিক যৌনলিপসা বৃদ্ধি পায় আৰু এই অৱস্থাটোৱে শৰীৰৰ ক্ষতি কৰে। সেয়ে দীৰ্ঘায়ু আৰু চিৰ যৌৱন ধৰি ৰখাৰ কাৰণে বয়স বৃদ্ধিৰ লগে লগে আহাৰ, নিদ্ৰা আৰু মৈথুনৰ ক্ষেত্ৰতে এক ভাৰসাম্য ৰক্ষা কৰাটো দৰকাৰ। ইয়াৰ বাবে কেইটিমান সহজ উপায় তলত দিয়া হ’ল। দুচামুচ কেঁচা আমলখিৰ লগত দুফোটা নহৰু বটা প্ৰতিদিনে খাই থাকিলে অনন্ত যৌৱনৰ অধিকাৰী হ’ব পাৰি। আধা চামুচ বগৰী গুটি শাহৰ চূৰ্ণ, আমলখি আৰু অনন্ত মূলৰ চূৰ্ণ গৰম পানীত মিহলাই দৈনিক এবাৰকৈ খাই থাকিলে যৌৱন অটুট থাকে। অতিৰিক্ত সহবাসে শৰীৰৰ ক্ষতি কৰে। এই আসক্তিয়ে দীৰ্ঘজীৱন লাভৰ পথত বাধাৰ সৃষ্টি কৰে। এনে আসক্তি নিয়ন্ত্ৰণ কৰিবলৈ হ’লে ২ মিলিফ্ৰাম কৰ্পূৰ, দুচামুচ পাণৰ ৰসৰ লগত মিহলাই পুৱা আৰু গধূলি দিনটোত দুবাৰকৈ দুই তিনিদিন খালে দূৰ্বলতাও আঁতৰিব আৰু যৌৱনো অটুট থাকিব। বহুতৰ আকৈ যেন স্পৃহা বেছি হ’লেও কেতিয়াও পূৰ্ণ সন্তুষ্টি নেপায়। তেনে ক্ষেত্ৰত ১০০ গ্ৰাম গাখীৰত ২০ গ্ৰাম খেজুৰ মিহলাই আধা লিটাৰ পানীত উতলাই লৈ ডাঠ কৰি কিছুদিন খাই থাকিলে বিশেষ উপকাৰ পাব। সহবাসত অতৃপ্তি আহিলে বা উত্তেজনা কমি গ’লে কেঁচা পানিফলৰ লগত সামান্য চেনি দি পানীৰ লগত মিহলাই খালে উপকাৰ পাব। যিসকল নাৰীৰ মাহেকীয়া ঠিক মতে নহয় বাবে শাৰীৰিক আৰু মানসিকভাৱে ভুগি থাকে, তেওঁলোকে এচামুচ চফ গুটি চাৰি কাপ পানীৰ সৈতে উতলাই বা গৰম পানীত ৰাতি তিয়াই থৈ পুৱা ২-৩ বাৰকৈ সেই পানী খালে উপকাৰ পাব। যিসকল মহিলাৰ কেচুৱা সন্তানৰ কাৰণে পৰ্যাপ্ত গাখীৰ নেথাকে, তেওঁলোকে চফ গুটি দুচামুচ পানীত উতলাই চেকি তিনি-চাৰিদিন খালে গাখীৰৰ উৎপাদন বাঢ়িব আৰু বেছি দিনলৈ খাই থাকিলে স্তন সুগঠিত হ’ব। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন