আধ্যাত্মিক চিন্তা দৰ্শনে আত্মাক শুদ্ধ কৰি শৃংখলাবদ্ধভাৱে পৰিচালিত কৰে। এই শৃংখলাবদ্ধ সমাজ, সুৰুচি সম্পন্ন জীৱনচৰ্যা আৰু আধ্যাত্মিক স্বাস্থ্য সাধন হৈছে মানুহৰ জীৱনবোধৰ শিক্ষা। আধ্যাত্মিক চিন্তা দৰ্শন আমাৰ অতিকৈ আৱশ্যকীয় ধৰ্ম। ধৰ্মই সমাজ বা মানুহক একতাৰ ডোলেৰে বান্ধি এক সমন্বয়ৰ ভেটি গঢ়ি তোলে। ধৰ্মই সমাজক বান্ধি ৰাখিব পাৰে। সেই কাৰণে আমাৰ শিশুসকলক সৰুৰে পৰাই শাৰীৰিক-মানসিক আৰু স্বাস্থ্য সাধনাৰ কথাবোৰ শিকাব লাগিব। স্বাস্থ্য সাধনা বুলি ক’লে- খাদ্য, শৰীৰ চৰ্চা, ধৰ্মীয় ৰীতি-নীতি আৰু আধ্যাত্মিক চিন্তা দৰ্শনৰ অনুশীলন কৰাকে বুজায়। আধ্যাত্মিক স্বাস্থ্য বুলি ক’লে মানুহৰ শাৰীৰিক-মানসিক স্বাস্থ্য সাধনা কৰাকে বুজায়। মানসিক স্বাস্থ্য হৈছে আত্মাৰ স্বাস্থ্য সাধন কৰা। আত্মাৰ স্বাস্থ্য সবল কৰিবলৈ হ’লে আমাক লাগিব সুস্থ দেহ মন। সুস্থ দেহ-মনৰ অধিকাৰী হ’বলৈ আমাক লাগিব পবিত্ৰতা, শান্তি, প্ৰেম, দয়া, ক্ষমা, পৰোপকাৰ, শক্তি, জ্ঞান আদি গুণৰ অধিকাৰী হ’ব লাগিব। মানুহৰ মনত যেতিয়া ইয়াৰ পৰিৱৰ্তে হিংসা-বিদ্বেষ, কলুষতা, অশান্তি, ঘৃণা, দুৰ্বলতা, অজ্ঞান, অন্ধকাৰ, অসততা, দুৰ্নীতি ভ্ৰষ্টাচাৰ, অৰ্থনৈতিক অনিয়ম আদি হৈছে মানসিক স্বাস্থ্য হানিৰ মূল কাৰণ। তেতিয়া মানুহ বিকাৰগ্ৰস্ত হয়। মনৰ পৰা গৰ্ব-অহংকাৰ, মই বৰ ভাব আঁতৰ কৰি সত্য-সুন্দৰৰ সুন্দৰৰ সাধনা কৰিব লাগে। কিয়নো মনত যেতিয়া গৰ্ব-অহংকাৰ ভাবে বাহ লয়, তেতিয়া মানুহৰ দেহ-মন অসুস্থ হৈ পৰে। অহংকাৰ আৰু মই বৰ ভাবে আত্মাৰ ধৰ্ম পাহৰি মানুহক অপকৰ্মত লিপ্ত কৰায়। গতিকে গৰ্ব-অহংকাৰ হৈছে মানুহৰ পৰম শত্ৰু, তেতিয়া দেহ-মন অসুস্থ হৈ থাকে। গতিকে মন আৰু আত্মাৰ উত্তৰণ, উৎকৰ্ষ সাধন কৰিবলৈ হ’লে আধ্যাত্মিক স্বাস্থ্য সুন্দৰ হ’ব লাগিব। মানসিক স্বাস্থ্যৰ উন্নতিয়েহে দেহ-মন সুস্থ কৰে। সৎ চিন্তনৰ পৰা সৎ কৰ্মৰ প্ৰতি মানুহৰ অনুৰাগ বৃদ্ধি পায়। গতিকে এই বোৰৰ কাৰণে আমাক লাগিব- প্ৰাৰ্থনা, যোগ, শৰীৰ চৰ্চা, ধ্যান, সাত্বিক আহাৰ। প্ৰাৰ্থনা: প্ৰাৰ্থনা হৈছে দেহ-মন সুস্থ কৰাৰ উত্তম পন্থা। প্ৰাৰ্থনাই মানুহৰ আধ্যাত্মিক চিন্তা-চেতনা জাগ্ৰত কৰে। ভগৱানৰ প্ৰতি মনত অনুৰাগ সৃষ্টি কৰে। মন-মগজু স্থিৰ হয়। কেৱল ভগবন্ত প্ৰভুৰ কৃপা লাভৰ বাবে মন গহনত এক নৱ চেতনাৰ সৃষ্টি হয়। সৎ ভাৱনাৰ উদ্ৰেক হয়। মনটো সু-নিয়ন্ত্ৰিত আৰু শৃংখলাবদ্ধভাৱে পৰিচালিত কৰাৰ একমাত্ৰ উপায় হৈছে প্ৰাৰ্থনা। যোগ: যোগ সাধনা হৈছে শৰীৰ-মনৰ বিকাশৰ উপায়। বিভিন্ন প্ৰকাৰৰ যোগ সাধন প্ৰক্ৰিয়া আছে। ইয়াৰ ভিতৰত শৱাসন, বজ্ৰাসন আদি উল্লেখযোগ্য। যোগ সাধনাৰ বাবে মন স্থিৰ হ’ব লাগিব। মানুহৰ প্ৰত্যেকৰে অৱসাদ, অশান্তি, দুশ্চিন্তা আদিৰে মানুহৰ মন ভাৰাক্ৰান্ত হয়। চিন্তা-ভাৱনাই মানুহৰ ৰক্তচাপ বৃদ্ধি কৰে। ডায়েবেটিছ আৰু হৃদৰোগ আদি হ’ব পাৰে। এনেধৰণৰ দৈনন্দিন সমস্যাবিলাকৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হ’ল যোগ সাধনা। শৰীৰ চৰ্চা: শৰীৰ চৰ্চা হৈছে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণৰ উপায়। শৰীৰ চৰ্চা হৈছে ব্যায়াম। বিশেষকৈ শৰীৰ চৰ্চাই দেহৰ সজীৱতা আৰু সক্ৰিয়তা বৃদ্ধি কৰিব পাৰে। শৰীৰ চৰ্চাই মানুহৰ মন-মগজু সুস্থিৰ কৰি একাত্ম ভাৱনাৰ সৃষ্টি কৰে। শৰীৰ চৰ্চাৰ ভিতৰত ফুটবল, বেডমিন্টন খেলা, দৌৰা, সাঁতোৰা, খোজকঢ়া আৰু নৃত্য কৰা আদি অন্তৰ্ভুক্ত। এইবোৰৰ দ্বাৰা আমাৰ শৰীৰৰ বিভিন্ন অংগ সক্ৰিয় হয়। দেহৰ অংগ-প্ৰত্যংগলৈ সঠিকভাৱে তেজ চলাচল হয়। সিৰা-উপসিৰাবোৰ সক্ৰিয় হৈ তেজ চলাচল স্বাভাৱিক কৰি তোলে। মনত প্ৰশান্তি ভাবৰ সৃষ্টি হয়। দেহৰ মাংসপেশীবোৰ সবল হয়। শৰীৰ চৰ্চাৰ ফলত মানুহৰ ৰোগৰ সম্ভাৱনা কম হয়। ৪০-৪৫ মিনিট সময় শৰীৰ চৰ্চাৰ বাবে ৰাখিলে দেহ সুস্থ হয় বুলি কোৱা হয়। ধ্যান: মনটো নিয়ন্ত্ৰণ কৰি নিজৰ অধীনলৈ আনিবলৈ ধ্যান কৰিব লাগে। মনৰ পৰা অন্য ভাব-চিন্তা দূৰ কৰি একান্তচিত্তে ধ্যান কৰিব লাগে। পুৱা বা গধূলি নিৰ্জনত হাই-উৰুমি নোহোৱা শান্ত পৰিৱেশত ধ্যান জৰিয়তে দেহৰ সাতটা চক্ৰৰ লগতে পবিত্ৰতা, ভালপোৱা(প্ৰেম), সত্য আৰু আনন্দ আদিৰ অনুভূতিৰ উৎকৰ্ষ সাধন হয়। ধ্যান কৰিলে দেহৰ পিটুইটেৰী গ্ৰন্থিৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। ধ্যানৰ জৰিয়তে মনটো নিয়ন্ত্ৰণ কৰিবলৈ সহজ হয়। ধ্যান কৰি থকাৰ সময়ত নিয়মীয়াকৈ উশাহ-নিশাহ ল’ব লাগে। ধ্যানৰ দ্বাৰা বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে বুলি কোৱা হয়। আমাৰ গুৰুসকল, শংকৰ আৰু মাধৱদেৱ আদি মহাপুৰুষসকলে যোগ আৰু ধ্যানৰ জৰিয়তে সুস্থ দেহ-মনৰ অধিকাৰী হ’ব পাৰিছিল। সাত্বিক আহাৰ: সাত্বিক আহাৰ হৈছে নিৰামিষ আহাৰ। এই সাত্বিক আহাৰে হৈছে আধ্যাত্মিক স্বাস্থ্য ৰক্ষাৰ মূল আধাৰ। এই আহাৰৰ ভিতৰত বুট, মগু, নাৰিকল, ফল আদিও পৰে। চয়াবিন, মগু দাইল, আদি দ্ৰব্যৰে আহাৰ গ্ৰহণ কৰিলে মন শুদ্ধি হয়। আহাৰ শুদ্ধ হ’লে মনত আধ্যাত্মিক ভাৱনাৰ সৃষ্টি হয়। আধ্যাত্মিক ভাৱ দৰ্শনে মানুহক নম্ৰ, বিনয়ী, পৰোপকাৰী, সহনশীল কৰি তোলে। মনত ঈশ্বৰৰ প্ৰতি অনুৰাগ বঢ়ায়। সেয়েহে অধিক মছলাযুক্ত আৰু অতিপাত জলাযুক্ত আহাৰ খোৱা উচিত নহয়। উদ্ভিদজাত আহাৰ খাব লাগে। শাক-পাচলি খাব লাগে। এইবোৰ আহাৰে মন-মগজু শুদ্ধ কৰে। মনৰ ৰাগ, খং, হিংসা-বিদ্বেষ আঁতৰ কৰি এক আধ্যাত্মিক ভাৱনাৰে মন মগজু ভৰাই তোলে। মহাত্মা গান্ধী আদি মনীষীসকলে সাত্বিক আহাৰ খাইছিল কাৰণে অহিংসাই জীৱনৰ ব্ৰত আছিল। গতিকে আমি আমাৰ শিশুসকলকো আধ্যাত্মিক স্বাস্থ্যৰ দ্বাৰা এক আদৰ্শ জীৱন-শৈলী গঢ়ি তোলাৰ চেষ্টাত মনোনিৱেশ কৰো আহক। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(ধনেশ্বৰ হুজুৰী)