কুৰি শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰ জয়যাত্ৰা একবিংশ শতিকাতো অব্যাহত আছে- ইয়াৰ পয়োভৰ চিকিৎসা বিজ্ঞানতো ভালকৈয়ে ঘটিছে। চিকিৎসা শাস্ত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পয়োভৰে চিকিৎসা ব্যৱস্থাত আনি দিছে অৰ্থৰ বিপুল পয়োভৰ। পেটস্কেনৰ দৰে একোটা যন্ত্ৰৰ মুল্য প্ৰায় দহ কোটি টকা। ৰবটিক ছাৰ্জাৰীৰ মেচিনটোৰ দামেই দহ কোটি টকাৰো অধিক। একোটা দৰবৰ আৱিষ্কাৰত কমেও চাৰি হাজাৰ কোটি টকা খৰচ হয়। এই সকলোবোৰ খৰচ ৰোগীয়ে বহন কৰিব লাগে। সেয়েহে চিকিৎসা ব্যৱস্থাই সমাজত ধনী আৰু দুখীয়াৰ মাজৰ প্ৰভেদ ভাবিব নোৱাৰা ধৰণে বঢ়াই তুলিছে। একোটা কিডনী সংৰোপণ অপাৰেচনত কমেও দহ লাখ টকা আৰু হাৰ্টৰ বাইপাছ ছাৰ্জাৰী বা ভালভ সংৰোপণ ছাৰ্জাৰীত কমেও দুই-তিনি লাখ টকা খৰচ হয়। আৰ্থিকভাৱে সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে স্বাস্থ্য সেৱা দুৰ্লভ হৈ পৰিছে। মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ, জনসাধাৰণৰ গড় আয়ুসো দেশভেদে , দেশৰ ভিতৰতে ৰাজ্য আৰু আৰ্থিক সুচ্যাংকভেদে বিৰাট প্ৰভেদ আহি পৰিছে। ইয়াৰ পৰা সামাজিক বৈষম্য বাঢ়িছে। সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে স্বাস্থ্য সেৱা মৌলিক অধিকাৰ বুলি গ্ৰহণ কৰাৰ সময় আহি পৰিছে। সামাজিক ন্যায়ৰ সমৰ্থক ব্ৰিয়ান ষ্টিভেনচনৰ মতে এখন সমাজৰ আচল চৰিত্ৰ প্ৰকাশ পায় সেই সমাজৰ দৰিদ্ৰ, নিষ্পেষিত আৰু অৱহেলিতজনক কেনেধৰণে চোৱা-চিতা কৰিছে তাৰ ওপৰতহে; সমাজৰ ধনী আৰু প্ৰভাৱশালী অংশই কি জীৱন উপভোগ কৰিছে তাৰ ওপৰত নহয়। একবিংশ শতিকাৰ প্ৰত্যাহ্বান হৈছে স্বাস্থ্য সেৱাৰ এই বৈষম্য আমি কেনেকৈ দুৰ কৰিব পাৰো, কিমান সোনকালে কৰিব পাৰো আৰু কেনেকৈ সামাজিক সমতা দিব পাৰো। ইয়াৰ বাবে আমাৰ দৃষ্টিকোণৰ আমুল পৰিৱৰ্তন লাগিব। স্বাস্থ্য সেৱাৰ অতি আৱশ্যকীয় এই পৰিৱৰ্তন আন কোনোবাই কেতিয়াবা আনিব বুলি বহি থাকিলে এই পৰিৱৰ্তন কেতিয়াও নাহে। এই পৰিৱৰ্তন লাগে বুলি যদি আমি উপলব্ধি কৰিছো তেন্তে এই পৰিৱৰ্তনৰ আৰম্ভণি আমিয়েই কৰিব লাগিব। এই পৰিৱৰ্তনৰ বিভিন্ন দিশ আমি চালি- জাৰি চাব লাগিব। ইয়াৰ ওপৰত আমাক গভীৰ অধ্যয়ন আৰু গৱেষণা লাগিব। আমি সকলোৱে মিলি বিভিন্ন দিশৰ পৰা ইয়াৰ ওপৰত কাম কৰিব লাগিব। মুঠতে স্বাস্থ্য সেৱা ধনী-দুখীয়া, জাতি-ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে সকলোৰে বাবে উপলব্ধ হ’ব লাগিব। আমি সকলোৱে জনা উচিত যে স্বাস্থ্য সেৱা তিনিটা খুঁটাৰ ওপৰত নিৰ্ভৰশীল। প্ৰথমটো হ’ল সেৱাৰ মান। স্বাস্থ্য সেৱা প্ৰয়োজনৰ সময়ত ত্ৎকালীনভাৱে পাব লাগিব। চিকিৎসা সেৱা বিজ্ঞানসন্মত ধ্যান-ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব। স্বাস্থ্য সেৱাত সংবেদনশীলতা থাকিব লাগিব। পৰীক্ষা-নিৰীক্ষা, দৰব আৰু অপাৰেচনৰ বাহিৰেও ৰোগী এজনক মৰম, চেনেহ আৰু আদৰেৰে চিকিৎসা কৰিব পাৰিব লাগিব। চিকিৎসাৰ খৰচ ৰোগীৰ সামৰ্থ্যৰ ভিতৰত হ’ব লাগিব। ইয়াৰ বাবে আকাশলংঘী চিকিৎসাৰ খৰচ কমাবৰ বাবে আমি সকলোৱে ব্যাপক চিন্তা-চৰ্চা কৰাৰ লগতে কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবে সকলোৱে চেষ্টা কৰিব লাগিব। লগতে সমাজৰ আৰ্থিকভাৱে অতিকৈ দুৰ্বল শ্ৰেণীক তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবেও বিভিন্ন প্ৰচেষ্টা হাতত ল’ব লাগিব। এই সকলো প্ৰচেষ্টাৰ জনস্বাস্থ্যত কিদৰে প্ৰভাৱ পৰিছে তাৰো সম্যক অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন হ’ব। সমাজৰ প্ৰভাৱশালী আৰু নেতৃস্থানীয় লোকৰো সমৰ্থন আদায় কৰিব লাগিব। ইয়েই হ’ব জিএনআৰচিৰ ‘সামৰ্থ্যৰ উপযোগী স্বাস্থ্য আঁচনি’(Affordable Health Mission)। সামৰ্থ্যৰ উপযোগী স্বাস্থ্য আঁচনিৰ জৰিয়তে জিএনআৰচিয়ে ৰাইজৰ কল্যাণাৰ্থে কি কি সুবিধা দিব পাৰিছে আৰু ইয়াৰ দ্বাৰা ৰাইজ যাতে উপকৃত হ’ব পাৰে আৰু প্ৰয়োজনৰ সময়ত সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিবৰ বাবে আমি তেওঁলোকক প্ৰয়োজনীয় তথ্যখিনি দিব লাগিব। প্ৰয়োজন সাপেক্ষে আমি তেওঁলোকক বাট দেখুৱাই সহায় কৰি দিব লাগিব। সংক্ৰমণ আৰু ক্ৰুটিপুৰ্ণ জীৱনশৈলীৰ বাবে হোৱা বহুতো ৰোগ নোহোৱাকৈ ৰাখিব পাৰি, যদিহে জনসাধাৰণক আমি প্ৰয়োজনীয় স্বাস্থ্যশিক্ষাখিনি দিওঁ আৰু লগতে সেইবোৰ তেওঁলোকৰ ব্যক্তিগত, পাৰিবাৰিক আৰু সামাজিক জীৱনত নিয়মীয়াকৈ প্ৰয়োগ কৰাত সহায় কৰি দিব পাৰো। ৰোগ হোৱাৰ পিছত চিকিৎসা কৰাৰ লগতে জনসাধাৰণক নিৰোগী আৰু স্বাস্থ্যৱান হৈ থকাত সহায় কৰিব লাগিব। ইয়ে হ’ব জিএনআৰচিৰ ‘সামৰ্থ্যৰ উপযোগী স্বাস্থ্য আঁচনি’ৰ মুল লক্ষ্য। এই যুদ্ধখনৰ আৰম্ভণি মাত্ৰ হৈছে। ইয়াক আগুৱাই লৈ যাবৰ বাবে আমাক বহুতো সহকৰ্মী আৰু সহযোদ্ধাৰ প্ৰয়োজন হ’ব। আহক আমি সকলোৱে একেলগে কাম কৰি এখন নিৰোগী আৰু স্বাস্থ্যৱান পৃথিৱী গঢ়ি লওঁ। শৰীৰ, ৰোগ আৰু চিকিৎসা: স্বাস্থ্যৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি শৰীৰটোৰ বিষয়ে কিছু কথা জানিব লাগিব। যেনে-শৰীৰটো কেনেকৈ আৰু কিহেৰে গঠিত, ইয়াৰ বিভিন্ন অংশই কেনেকৈ কাম কৰে, বিভিন্ন ৰোগৰ দ্বাৰা শৰীৰটো কেনেকৈ আক্ৰান্ত হয়। ৰোগাক্ৰান্ত শৰীৰৰ লক্ষণবোৰ কি? চিকিৎসকে কেনেকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰে, কোনবোৰ ৰোগ কেনেকৈ আৰোগ্য লাভ কৰে, কোনবোৰ ৰোগৰ এতিয়ালৈকে সঠিক কাৰণ আৰু ইয়াৰ নিৰাময়ৰ চিকিৎসা উদ্ভাৱন হোৱা নাই ইত্যাদিৰ বিষয়ে আমাৰ থুল-মুলকৈ হ’লেও কিছু জ্ঞান নাথাকিলে স্বাস্থ্য খণ্ডত কাম কৰাটো সম্ভৱ নহয়। সেয়েহে স্বাস্থ্যৰ শাৰীৰিক, মানসিক আৰু সামাজিক দিশবোৰ সামৰি আমি কিছু আলোচনা কৰিম। আমাৰ শৰীৰটো সৰু সৰু অগণন কোষেৰে গঠিত। একেধৰণৰ কাম কৰা কোষৰ সমষ্টিক কলা বা টিছ্যু বোলে। একেধৰণে কাম কৰা কলাৰ সমষ্টিয়ে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগবোৰ গঢ় লোৱাত সহায় কৰে। বিভিন্ন অংগ-প্ৰত্যংগৰ সমষ্টিয়ে একেলগে মানুহৰ শৰীৰটো সৃষ্টি কৰে। প্ৰতিটো অংগ-প্ৰত্যংগৰ নিজা নিজা কাম থাকে। ৰোগাক্ৰান্ত হ’লে কেতিয়াবা একোটা অংগ আৰু কেতিয়াবা একাধিক অংগ আক্ৰান্ত হৈ বিকল হ’ব পাৰে। যাৰ ফলত সেই অংগৰ দ্বাৰা সমাধা কৰিব লগা কামবোৰ বিঘ্নিত হ’ব পাৰে। এই কামবোৰ জীৱন নিৰ্বাহৰ বাবে অতিকৈ প্ৰয়োজনীয়। সেয়েহে ৰোগাক্ৰান্ত শৰীৰ লৈ সুস্থ জীৱন নিৰ্বাহ কৰাটো এক প্ৰত্যাহ্বান হৈ পৰে। লেখক: ডা: নোমল চন্দ্ৰ বৰা (জি এনআৰচি স্বাস্থ্য)