জনসংখ্যা বৃদ্ধিৰ লগে লগে খাদ্যৰ প্ৰয়োজন দিনক দিনে বাঢ়ি গৈ আছে।ইয়াৰোপৰি খেতিকৰ্মত মনোনিবেশ কৰা ব্যক্তিৰ সংখ্যা কমি গৈ আছে। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে নতুন নতুন বহুতো কীট- পতংগৰ প্ৰাদুৰ্ভাৱ হবলৈ ধৰিছে যিয়ে খাদ্য শস্য নষ্ট কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষি বিজ্ঞানী সকলে যথেষ্ঠ অনুসন্ধান কৰি বিভিন্ন কীটনাশক দ্ৰব্যৰ আবিষ্কাৰ কৰিছে যাৰ ফলত খাদ্য শস্যৰ সঠিক উৎপাদনৰ কাৰণে কৃষক সকলে ইয়াৰ উপযোগ কৰি আহিছে। এইখিনিলৈ ঠিকেই আছিল। পিছে জ্ঞানৰ অভাৱ তথা অধিক উৎপাদনৰ বাবে এচাম অসাধু ব্যৱসায়ীয়ে যধে মধে এই কীটনাশক দ্ৰব্যৰ লগতে কেতবোৰ হৰমনৰ প্ৰয়োগ কৰি আহিছে। এই দ্ৰব্য সমূহ শাক পাঁচলীত প্ৰয়োজনতকৈ অধিক মাত্ৰাত পোৱা যায় যিয়ে আমাৰ শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰে। আজি আমি ইয়াৰ বিষয়ে কিছু কথা আলোচনা কৰিম আশা কৰো আপোনালোকে মানযোগেৰে পঢ়িব। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বছৰি প্ৰায় তিনি মিলিয়ন ব্যক্তি এনে ধৰণৰ দ্ৰব্যৰ বিষক্ৰিয়াত আক্ৰান্ত হয়।ইয়াৰে ভিতৰত ২২০,০০০ ব্যক্তি প্ৰতি বছৰে মৃত্যু মুখত পৰি আহিছে। বিষক্ৰিয়া হঠাৎ মাৰক হব পাৰে নতুবা আমাৰ শৰীৰৰ কোষ সমূহত অলপ অলপ কৈ জমা হৈ বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। প্ৰথম বিধৰ লক্ষণ অনুযায়ী চিকিৎসা উপলব্ধ যদিও পিছৰ বিধ অতি ভয়ংকৰ। চিকিৎসক হিচাবে প্ৰায়েই দেখা পাও যে বর্তমান কেতবোৰ ৰোগ যেনে থাইৰয়ড ৰ ৰোগ, ডায়েবেটিজ, ৰোগ প্ৰতিৰোধ ক্ষমতা হীনতা ৰোগ,বিভিন্ন ধৰণৰ গাঁঠিৰ বিষ, ছালৰ ৰোগ আগৰ তুলনাত বৃদ্ধি হবলৈ ধৰিছে। খাদ্য বদভ্যাসৰ লগতে এই কীটনাশক দ্ৰব্য তথা হৰমনৰ প্ৰাভাবত এনে ৰোগৰ সংখ্যা বৃদ্ধি হোৱা কথাষাৰ নুই কৰিব নোৱাৰি। কীটনাশক ঔষধি আৰু শৰীৰত ইয়াৰ প্ৰভাৱ - বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য কৃষি উৎপাদনত ব্যৱহৃত হয়।এই দ্ৰব্য সমূহে কৃষকৰ শৰীৰত বাষ্পৰ দ্বাৰা নতুবা প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা বিষক্ৰিয়াৰ সৃষ্টি কৰে।পৃথিৱীৰ বিভিন্ন দেশত হোৱা অনুসন্ধানত দেখা গৈছে যে এনেবোৰ কীটনাশক দ্ৰব্যৰ কিছু অংশ শাক চবজি তথা ফলত পোৱা যায়। যিয়ে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি ৰোগৰ সৃষ্টি কৰে।তলৰ কথা খিনি মনোযোগ দি পঢ়ক। ১)অৰ্গেনোক্লৰাইদ: খাদ্যৰ সৈতে যদি এইবিধ কীটনাশক দ্ৰব্য সেৱন কৰা হয় তেন্তে মুখৰ ভিতৰত তত নোহোৱা হয়, শব্দ, পোহৰ আৰু স্পৰ্শ শক্তিৰ অতি সহিষ্ণুতা অনুভৱ হব। মোৰ ঘূৰোৱা, বমি বমি ভাৱ হোৱা, বমি হোৱা, মানসিক দুৰ্বলতা তথা পুৰুষৰ শুক্ৰাণু কমি যাব পাৰে। ২)অৰ্গেনোফচফেট আৰু কাৰ্বমেটছ এইবিধ দ্ৰব্য সেৱন কৰিলে মুখৰ লালাশ্ৰাৱ বৃদ্ধি হোৱা, ডায়েৰীয়া হোৱা, ব্লাড প্ৰেচাৰ কমি যোৱা,মাংস পেশী দুৰ্বল হোৱা শৌচ হোৱা,ভাগৰুৱা অনুভৱ কৰা তথা ভৰি দুখন অৱশ অনুভৱ কৰিব পাৰে। বজাৰত rogor নামেৰে এনে এবিধ দ্ৰব্য উপলব্ধ আৰু বেছিভাগ খেতিয়কে ইয়াক ব্যৱহাৰ কৰা দেখা গৈছে। ৩)পাইৰেডথ্রোইডছ এইবিধ দ্ৰব্যৰ সেৱনে শৰীৰৰ উত্তেজনা বৃদ্ধি কৰে, খং বৃদ্ধি কৰে, শৰীৰৰ কম্পন হোৱা, ছালৰ এলাৰ্জী হোৱা, কেঞ্চাৰ হোৱা আৰু গৰ্ভৱতী মহিলাৰ সন্তানৰ বিসংগতি হব পাৰে তথা শৰীৰৰ হৰমনৰ বিশংগতি কৰি বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কৰিব পাৰে। ৪)হাৰ্বিচাইডছ এনেবোৰ কীটনাশক দ্ৰব্য বনৌষধিৰ প্ৰস্তুত কৰা যদিও বহুতো বিষাক্ত বনৌষধিৰ প্ৰস্তুত কৰে কাৰণে তেনেবোৰ বনৌষধিৰ বিষাক্ত অংশ থাকি যায় যিয়ে শৰীৰত বিশংগতিৰ সৃষ্টি কৰিব পাৰে। দ্ৰব্য অনুসৰি ইয়াৰ প্ৰভাৱ ভিন্ন হব পাৰে। ওপৰোক্ত কীটনাশক দ্ৰব্য সমূহ ক্ষুদ্ৰ পৰিমাণে আমাৰ খোৱা শাক পাচলী তথা ফল মূলত থাকি গলে মূলত সংক্ষেপতে তলৰ প্ৰভাব সমূহ দেখিবলৈ পোৱা যাব পাৰে। কেন্সাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। এজমা ৰোগৰ সৃষ্টি হব পাৰে। ছালৰ খজুৱতি তথা একজিমা ৰোগ হব পাৰে। পেটৰ বদ হজম তথা ডিচেণ্টৰী হৈ থাকিব পাৰে। বিভিন্ন হৰমনৰ বিসংগতি যেনে থাইৰয়ডৰ ৰোগ, ডায়েবেটিজ, মহিলাৰ অনিয়মিত মাহেকীয়া, বন্ধ্যাত্ত্ব, যৌন শক্তি হীনতা আদি হব পাৰে। গৰ্ভৱতী মহীলাৰ গৰ্ভস্থ সন্তানৰ বিসঙ্গতি হব পাৰে। নাৰ্ভৰ ৰোগ হব পাৰে। বিষাক্ত প্ৰভাৱৰ পৰা পৰিত্ৰাণৰ উপায়: ফল বা শাক পাচলী সমূহ টেপ ৰ পানীত ভালকৈ ধুওক। পানীৰ স্পীড বেছিকৈ দিলে প্ৰায় আশী শতাংশ কীটনাশক বাঁহীৰ হৈ যায়। বাকলী থকা খাদ্যৰ বাকলি গুছাই ব্যৱহাৰ কৰক।বাকলীৰ ওপৰত তথা ভিতৰত বহুতো কীটনাশক জমা হৈ থাকে এনে কৰিলে কীটনাশক বোৰ নোহোৱা হব। এচামুচ নিমখ এক লিটাৰ পানীত মিহলাই সেই পানীৰে ফল চবজি সমূহ ধুব পাৰে। বগা অৰ্গেনিক ভিনেগাৰ এভাগ চাৰিভাগ পানীৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে। বাকলী থকা খাদ্য সমূহ বাচন ধোঁৱা যাৱৰেৰে ঘঁহি ঘঁহি ধুব লাগে। এচামুচ হালধি এক লিটাৰ পানীত মিহলাই শাক বা ফলসমূহ কিছু সময় ডুবাই ৰাখি পৰিষ্কাৰ পানীৰে ধুব পাৰে। খোৱা চোঁদা পানীৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে। একাপ পানীত এচামুচ নেমুৰ ৰস,দুই চামুচ বেংকিং চোঁদা মিহলাই স্প্রে মেচিনত ৰাখি শাক চৱজী তথা ফলৰ ওপৰত স্প্রে কৰি দহ মিনিট পিছত চাফা পানীৰে ধুলেও বীজাণুৰ লগতে ওপৰত লাগি থকা কীটনাশক দ্ৰব্য সমূহ গুছাব পৰা যায়। ওপৰোক্ত উপায় সমূহ সুবিধা অনুসৰি ব্যৱহাৰ কৰি আমি কীটনাশক দ্ৰব্যৰ বিষক্ৰিয়াৰ পৰা নিজৰ শৰীৰটোক বচাই ৰাখিব পাৰিম। লেখক: ডাঃ অনুপ বৈশ্য উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ