টিভি পৰ্দাত আপুনি নিশ্চয় দেখি আহিছে বেপাৰীয়ে কিদৰে কেঁচা অপৈণত আম ৰাতিৰ ভিতৰতে পকাই দিয়ে। পকোৱা অস্ত্ৰপাত হৈছে মানুহৰ মুখে মুখে চলা কাৰ্বাইড গেছ। প্ৰকৃততে কাৰ্বাইড গেছ নহয়, কেলছিয়াম কাৰ্বাইডহে।

কেলছিয়াম কাৰ্বাইড অতি মাৰাত্মক, অতি ক্ষতিকাৰক। মূল্যও অতি কম। যিকোনো অঞ্চলতে সহজে উপলব্ধ। সাধাৰণতে কেলছিয়াম কাৰ্বাইড মটৰ গেৰেজত ৱেলডিঙৰ কামত ব্যৱহাৰ কৰা হয়। বেপাৰীয়ে এই কেলছিয়াম কাৰ্বাইড কিনি আনি কেঁচা অপৈণত আম অথবা পূৰঠ আম পাত্ৰত ৰাখি ওপৰত ছটিয়াই দিয়ে। কম সময়ৰ ভিতৰতে বায়ুৰ সংস্পৰ্শত কেলছিয়াম কাৰ্বাইডৰ পাউদাৰখিনি সেমেকি যায় আৰু লগে লগে এছিটিলিন নামৰ এবিধ গেছৰ সৃষ্টি হয় আৰু এই এছিটিলিন গেছেই আম পকাবলৈ আৰম্ভ কৰে। লাহে লাহে আমৰ কেঁচা ৰঙৰ সলনি বেছ আকৰ্ষণীয় হৈ উঠে। দেখিলেই খাওঁ খাওঁ লাগে। কিন্তু আম কাটিবলৈ লওঁতে দেখা যায় আমৰ ভিতৰভাগৰ কোনো কোনো অংশ অতি কোমল হৈছে আৰু কোনো কোনো অংশ ডাঠ হৈ থাকে। এনে আমত প্ৰকৃত পূৰঠ পকা আমৰ যি সুগন্ধ মুঠেই নাই। স্বাদহীন, আচল সোৱাদ নাই। গুণাগুণো বিনষ্ট হয়। এনে আমত পকা আৰম্ভ হয় বাহিৰৰ বাকলিৰপৰা। আনহাতে, পূৰঠ আম গছৰপৰা পাৰি আনি খোৱাৰ পিছতেই ইথিলিন নামৰ এবিধ প্ৰাকৃতিক হ’ৰম’নৰ সৃষ্টি হয়। এই হ’ৰম’নে আমৰ ভিতৰ অংশৰপৰা পকিবলৈ আৰম্ভ কৰে। লাহে লাহে ভিতৰ অংশ কোমল হ’বলৈ ধৰে আৰু পিছতহে বাকলিৰ ৰং সলনি হয়। সেই সময়ত আমৰ কেঁচা গোন্ধ নাইকিয়া হয়, সুন্দৰ আৰু সুস্বাদু হৈ পৰে। আমৰ পুষ্টিৰ কোনো হানি-বিঘিনি নহয়। যিমান পাৰে হেঁপাহ পলুৱাই খাওক।

কিন্তু পুষ্টিহীন গেছেৰে পকোৱা আম খালে মানুহৰ বিভিন্ন ৰোগ হ’ব পাৰে। মানুহৰ স্নায়ুতন্ত্ৰত ব্যাঘাত জন্মায়। কাৰণ কেলছিয়াম কাৰ্বাইডত আৰ্ছেনিক আৰু ফছফৰাছ হাইড্ৰ’ক্ল’ৰাইডযুক্ত পদাৰ্থ থাকে। বহুতকে দেখা যায়- মূৰঘূৰণি, মূৰৰ বিষ, অনিদ্ৰা, স্মৃতি হ্ৰাস, পেটৰ বিষ, বমি বমি ভাব, ডায়েৰীয়া, পেট জ্বলা-পোৰা কৰা, চকু আৰু গাৰ ছালৰ জ্বলন-পোৰণ আদি বিভিন্ন ৰোগে দেখা দিয়ে।

সেয়ে কেলছিয়াম কাৰ্বাইডেৰে পকোৱা আম স্বাস্থ্যৰ বাবে ক্ষতিকৰ। অৱশ্যে এচকল-দুচকল আম খালে মানুহৰ ৰোগাক্ৰান্ত কৰিব নোৱাৰে। এবাৰতে অধিক পৰিমাণে খালে বেমাৰত যে ভুগিব লাগিব খাটাং।

ভাৰত চৰকাৰে কেলছিয়াম কাৰ্বাইড ফলত ব্যৱহাৰ বে-আইনী বুলি ঘোষণা কৰিছিল, লগতে জৰিমনাৰ ব্যৱস্থাও কৰিছিল। খাদ্য ভেজালকৰণ প্ৰতিৰোধ আইনৰ যোগেদি। কিন্তু এনে আইনী ব্যৱস্থাৰ সুফল আজিকোপিত দেখা নগ’ল। বৰং দিনে দিনে ব্যৱহাৰ বাঢ়িহে গৈছে। আমৰ উপৰি বাৰমাহে পোৱা কল, অমিতা আৰু বতৰৰ ফল আনাৰস, লিচু আদিতো ব্যাপকভাৱে ব্যৱহাৰ হৈ আছে। তদুপৰি বিলাহীত সদায় কেলছিয়াম কাৰ্বইড ব্যৱহাৰ কৰে। ফলত আপুনি বজাৰৰপৰা কিনি অনা কিছু পকা যেন লগা বিলাহী ঘৰতেই পকি যায়। আমি ল’ৰালি কালত খোৱা বালিচহীয়া বিলাহী আজিকালি পাবলৈ নাই, পূৰ্বৰ আকৃতিও নাই। এতিয়া কেৱল হাইব্ৰিড।

গতিকে সাৱধান হওক! ফল খাওঁতে বহুবাৰ পানীৰে ধুই-পখালিহে কাটি খাব। এইখিনিতে চৰকাৰলৈ অনুৰোধ-কেলছিয়াম কাৰ্বাইড বিক্ৰীৰ অনুৰোধ- কেলছিয়াম কাৰ্বাইড বিক্ৰীৰ ক্ষেত্ৰত লাইচেন্স দিব লাগে। চুকে-কোণে থকা দোকানত কেলছিয়াম কাৰ্বাইড বিক্ৰী কৰাটো বন্ধ কৰিব লাগে।

লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী(দৈনিক অসম)