আমি শৰীৰটো ভালে ৰখাৰ বাবে বিভিন্ন ব্যায়াম কৰো।এই ব্যায়ামবোৰ কৰোতে বাহু,ভৰি,পিঠি,পেটক সৰ্বাধিক গুৰুত্ব দিওঁ,কিন্তু আমি চকুৰ কাৰণে পৃথক ব্যায়াম কৰাৰ অভ্যাস বৰ কম।চকু দুটাৰ অবিহনে আপুনি কেনে ধৰণৰ জীৱন আঁকোৱালি ল’ব লাগিব এবাৰ ভাবি চাওকচোন।সঁচাকৈয়ে চকুযুৰি আমাৰ জীৱনৰ অন্যতম সঙ্গী।সেয়ে এই চকুযুৰিৰ বাবে দৈনিক তিনিটা ব্যায়াম কৰক- চকু দুটা কিছু সময় বন্ধ কৰক। চকু দুটাই আমাৰ টোপনিৰ সময়ত যিখিনি সময় জিৰণি লয়,সেয়াই।তাৰ পিছত চকু মেল খোৱাৰ লগে লগে পুনৰ টোপনি নোযোৱালৈকে অহৰহ কাম কৰি থাকিব লগাত পৰে।চকু দুটাৰো জিৰণিৰ প্ৰয়োজন। এটা সহজ ব্যায়াম কৰি চকু দুটাক আৰাম দিব পাৰে। প্ৰথমে চকু দুটা মুদি দিয়ক। এতিয়া সোঁফালৰ চকুৰ ওপৰত সোঁহাতৰ দুটা আঙুলি আৰু বাওঁফালৰ চকুৰ ওপৰত বাওঁহাতৰ দুটা আঙুলি ৰাখক। দুই ছেকেণ্ডৰ কাৰণে আঙুলিৰে সামান্য চকু দুটা হেঁচি দিয়ক। এনেদৰে ৫ ৰ পৰা ১০ বাৰ পৰ্যন্ত কৰিব। ব্যায়ামৰ শেষত লাহে লাহে চকু মেলিব,যাতে বাহিৰৰ পোহৰৰ লগত সমতা স্থাপন কৰিব পাৰে। চকু ঘুৰোৱা খং উঠিলে চকু পকাই ধৰে নেকি?এইবাৰ সেইটো কৰক আপোনাৰ চকু দুটাৰ যত্নৰ কাৰণে। প্ৰথমে বাওঁফালৰ পৰা আৰম্ভ কৰি চকুৰ মণি দুটা চকুৰ চাৰিওকাষে ঘুৰাবলৈ চেষ্টা কৰক। এনেদৰে ৫ ৰ পৰা ১০ বাৰ কৰিব। এতিয়া সোঁফালৰ পৰা আৰম্ভ কৰি চকুৰ মণি দুটা চকুৰ চাৰিওকাষে ঘুৰাবলৈ চেষ্টা কৰক। এনেদৰে ৫ ৰ পৰা ১০ বাৰ কৰিব। এই ব্যায়ামটো সঠিকভাৱে কৰিব পাৰিছে যে নাই ঘৰৰ কোনো সদস্যক চাবলৈ দিব। চকুৰে কাষলৈ চাওক আমি যিহেতু সকলোবোৰ বস্তু চকুৰেই চাওঁ সেয়ে ইফাল-সিফাল কৰি চকু দুটা ঘুৰোৱা যায়।কিন্তু এনে কৰোতে আমি মুৰটোও ঘুৰাওঁ।এই ব্যায়াম কৰোতে মুৰ ঘুৰাব নালাগে। প্ৰথমে স্থিৰ হৈ বহি লওক বা থিয় হওক। চকুত চাপ নিদিয়াকৈ চকু দুটা বহল কৰি মেলি দিয়ক।বেছি জোৰ নিদিব। এনেদৰে ৫ ৰ পৰা ১০ বাৰ কৰিব। এইবাৰ মুৰ লৰচৰ নকৰাকৈ যিমান পাৰে চকু ঘুৰাই বাওঁফালে চাওক।তেনেদৰে ১০ ছেকেণ্ড থাকিব। একেদৰে সোঁফালেও কৰিব। দুয়োটা চকুৰে এফালে ১০ বাৰকৈ কৰিব। প্ৰতিদিনে চকুৰ বাবে এই তিনিটা ব্যায়ামৰ অভ্যাস কৰক।বিশেষকৈ যিসকলে ইলেক্ট্ৰ্নিক্স সামগ্ৰীৰ কাম কৰে,তেওঁলোকে এই তিনিটা ব্যায়াম কৰা উচিত।মোবাইল ফোন বা কম্পিউটাৰ স্ক্ৰীনলৈ একেৰাহে এঘণ্টা চাই থকাৰ পিছত চকু দুটাক সামান্য জিৰণি দিব।চকু মুদি চকুক আৰাম দিবলৈ চেষ্টা কৰিব।মনত ৰাখিব,আপোনাৰ সচেতনতা আৰু যত্নৰ ওপৰত আপোনাৰ চকুযুৰিৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে। উৎস: জিএনআৰচি স্বাস্থ্য