চালানী আম বজাৰত আগতীয়াকৈ ওলালে দাম বেছি হয় । এই দামী আম কেৰি বেগত আন ব্যক্তিয়ে দেখাকৈ হাতত ওলোমাই আনোতে বুকুখন দুই ইঞ্চিমান ফুলি যোৱাটো স্বাভাৱিক। কিন্তু ইয়াৰ অপকাৰীতা জনাৰ পিছত আপোনাৰ অৱস্থা কেনে হ'ব বাৰু ? আম এবিধ উপকাৰী ফল, খালে শৰীৰৰ পুষ্টিসাধনৰ উপৰিও শৌচ খোলোচা হয়। পকা আমত আহজাতীয় কাৰ্বহাইড্ৰেত থকা বাবে মধুমেহ বা ডায়েবেটিচ থকা ব্যক্তিয়েও খাব পাৰে। পকা আমত খাদ্যপ্ৰাণ , খনিজ পদাৰ্থৰ উপৰিও যথেষ্ট পৰিমাণে পানী থাকে। সেয়েহে গৰমৰ দিনত পকা আম খালে শৰীৰ আৰু মনলৈ অফুৰন্ত শক্তি আহে। আগতে অসমৰ সকলোতে আমগছ উভৈনদী আছিল। অসমৰ আম সাধাৰণতে টেঙা আৰু পোকে খায় বাবে দিনক দিনে অসমত চালানী আমৰ চাহিদা বাঢ়িবলৈ ধৰিলে। অসমৰ থলুৱা গছবোৰ কাটি প্ৰায় নাইকিয়া কৰিলে। আগৰ দিনত চালানী আম বিশেষকৈ মালদহৰ আমবোৰ টুকুৰিত আহিছিল, দুই-এটা গেলিছিল আৰু পকা আমবোৰ কামুৰি খাওঁতে ৰস ওলাই কামিজ-বনিয়নৰ আগফালে তিতিছিল। আজি কালি বিধে বিধে চালানী আম বজাৰত পোৱা যায়, খালে ৰস নোলায় আৰু আমবোৰ শুকাই টোতোৰা পৰে যদিও নেগেলে। চালানী আমবোৰ ব্যৱসায় ভিত্তিত কৰা হয়। যিমানেই উৎপাদন বাঢ়িব সিমানেই লাভ হ'ব। সেয়েহে আমাৰ দেশৰ আমৰ বাগানত যধেমধে নানান ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা হয় । ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে অধিক উৎপাদন হয় আৰু আমবোৰ পোকে নাখাবলৈ স্প্ৰে কৰা হয় বিষাক্ত কীটনাশক। মনকৰিবলগীয়া যে বছৰি বছৰি ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক ৭% আমগছৰ শিপা, গাগছ , ডাল,পাতত সঞ্চিত হৈ থাকে। Food and Agricultural Organization মতে ভাৰতবৰ্ষৰ ব্যৱসায়িক আম বাগানৰ ৯০% আমগছ অতি বিষাক্ত। সেয়েহে দেশীয় আমৰ ৰপ্তানি হ্ৰাস হৈছে। বিষাক্ত কেঁচা অপুৰঠ আমবোৰ পুনৰ ৰাসায়নিক পদাৰ্থ মিহলাই সংৰক্ষণ কৰি পেকিং কৰি অসমলৈ পঠোৱা হয়। সেয়েহে এই আমবোৰ ৰসহীন, টোতোৰা পৰা, আমঠু কোমল আৰু সোৱাদহীন। খালে জিভা-মুখ দেৰদেৰাই যায়। একেলেঠাৰিয়ে কেদিনমান চালানী আম খালে মুখত আৰু জিভাত ঘাঁ, আভোক, বদহজম, পেটকামোৰণি, পেটফুলা , পাতল শৌচ আদি হয়। অসমৰ জলবায়ুৰ সৈতে খাপখোৱা থলুৱা আমবোৰ টেঙা হলেও আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। মই ৰোৱা চাপৰ আৰু ভাল সচৰ ৪ জোপা আম ৩ বছৰতে লাগিছে আৰু কেবাবছৰৰ পৰা খাই আছো। সন্ধিয়া ধোঁৱাজাক দিয়া বাবে পোকে নধৰে আৰু খাবলৈ বৰ সোৱাদ । আছলতে আমি কথা বেছিকৈ কও কিন্তু কাম নকৰো। ফলৰ গছ ৰোৱা মোৰ হবি। লেখক: ডা:মনোজ কুমাৰ শইকীয়াফোন নং: 9435209704 উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ