পদ্ধতি - কাঠৰ চকী এখনত ৰাজহাড় পোনকৈ বহক(ড্ৰেচিং আইনাৰ সম্মুখত বহিব,যাতে অবস্থানৰ বিসংগতি নহয়),হাতদুখন দুই আঠুৰ ওপৰত ৰাখক, এতিয়া মূৰটো লাহে পিছলৈ হেলনীয়া কৰক, চাব যাতে ৰাজহাড় পোন হৈ থাকে | এনেদৰে যিমানলৈ ডিঙিত দুখ অনুভৱ নহয় তালৈকে হেলনীয়া কৰক | য'ত বিষ অনুভৱ কৰিছে ৰৈ যাব | এনেদৰে ১০ ৰ পৰা ১৫ ছেকেণ্ড ৰাখক, লাহে আগৰ অৱস্থালৈ আহক। এইবাৰ থুতুৰিটো বুকুত লগাবলৈ চাব, বেছি জোৰ নিদিব, ১০-১৫ ছেকেণ্ড ৰাখক এইবাৰ এখন হাতৰ তলুৱাৰে মুৰৰ কাষত(কুমত) ৰাখক | হাত আৰু শৰীৰটো একে ৰেখাত থাকিব লাগিব | এতিয়া হাতেৰে মুৰটো আৰু মুৰেৰে হাতখন ঠেলক, সমান প্ৰেচাৰ দিব | একেদৰে এইখন হাতেৰেও কৰক | হাতদুখন লগলগাই মুৰৰ পিছফালে ৰাখি হাতেৰে মুৰটো আগফালে আৰু মুৰেৰে পিছফালে ঠেলক,সমান প্ৰেচাৰ দিব। এইদৰে কৰোতে প্ৰতিটো অৱস্থানতে ৰাজহাড় পোন ৰাখিব | দিনটোৰ ভিতৰত ৫-৬ বাৰ কৰক ৫০-৬০% আৰাম পাব | সামৰ্থ্য অনুযায়ী সময় বঢ়াই যাব | লেখক: ডাঃ মেদিণী বৰ্মণ উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ