আমি সকলোৱে নিজৰ জীৱনটোক ভাল পাওঁ। কিন্তু আমাৰ এই জীৱনটো অতি চুটি। এই চুটি জীৱনটি ভিন ভিন্ন প্ৰক্ৰিয়াৰে সুস্থ-সবল কৰি ৰাখিব পাৰিলে সকলোৱে দীৰ্ঘায়ু হ’ব পাৰে। দীৰ্ঘায়ুৰ বাবে আমি নিম্নোক্ত দিহাবিলাক মানি চলিব লাগিব - ব্ৰহ্মমুহূৰ্ততে শয্যা ত্যাগ কৰা: জীৱন দীৰ্ঘায়ু কৰাৰ প্ৰথম সোপান হ’ল পুৱা সোনকালে উঠা। যি মানুহে সূৰ্যোদয়ৰ পূৰ্বে অৰ্থাৎ ব্ৰহ্মমুহূৰ্ততে উঠাৰ অভ্যাস কৰে, তেনে মানুহ দীৰ্ঘজীৱী হয়। কিয়নো, পুৱাৰ সতেজ বায়ুয়ে শৰীৰক স্পৰ্শ কৰিলে শৰীৰ নিৰোগী হয় আৰু দীৰ্ঘস্থায়িত্ব লাভ কৰে। প্ৰাতঃভ্ৰমণ: কোৱা হয়, খোজকঢ়া এক ভাল ব্যায়াম। বিশেষকৈ পুৱা শুই উঠি দ্ৰুত গতিত প্ৰাতঃভ্ৰমণ কৰিলে দীৰ্ঘায়ু লাভত অৰিহনা যোগায়। কাৰণ দ্ৰুতভাৱে প্ৰাতঃভ্ৰমণ কৰি যাওঁতে গাত লগা সতেজ নিৰ্মল বতাহে শৰীৰক বিশেষ শক্তি যোগায়। ইয়ে মানুহক দীৰ্ঘজীৱী কৰাত সহায় কৰে। মলমূত্ৰ ত্যাগ: স্বাস্থ্য অথবা জীৱন দীৰ্ঘজীৱী কৰাত মলমূত্ৰ ত্যাগৰ ভূমিকা অসীম। পুৱা শুই উঠাৰ পিছতে অথবা প্ৰাতঃভ্ৰমণ কৰি অহাৰ পিছত সুখী মনোভাবেৰে মলমূত্ৰ ত্যাগ কৰিব লাগে। কিয়নো, মলমূত্ৰ ত্যাগৰ লগত আমাৰ সুখৰ কথাটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। সেয়ে, শৌচাগাৰলৈ যোৱাৰ পূৰ্বে মনটো প্ৰফুল্লিত কৰি ৰাখিব লাগে। পানী সেৱন: কথাতে কয়- পানীয়েই প্ৰাণীৰ প্ৰাণ। পানী অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। দীৰ্ঘ জীৱন লাভৰ ক্ষেত্ৰত পানীৰ অৱদান কোনোপধ্যে নুই কৰিব নোৱাৰি। পুৱা শুই উঠিয়েই খালী পেটতে কমেও চাৰি গিলাচ পানী খাব লাগে। কিন্তু এই পানী খোৱাৰ আগতে চেকি লৈ গৰম কৰি শীতল কৰিহে খাব লাগে। দৈনিক এনেদৰে পানী সেৱন কৰি থাকিলে দীৰ্ঘ জীৱন লাভ কৰাটো নিশ্চিত। দৈনিক যোগ, ব্যায়াম: দীৰ্ঘজীৱনৰ ক্ষেত্ৰত যোগ-ব্যায়াম-প্ৰাণায়ামৰ অৱদান কোনোপধ্যে নুই কৰিব নোৱাৰি। সুস্বাস্থ্যৰ বাবে নিয়মীয়াকৈ নিজে কেইটিমান যোগাসন বা ব্যায়াম বাছি লৈ সেইকেইটাৰ অভ্যাস কৰিব লাগে। এনে যোগ, ব্যায়ামে দীৰ্ঘজীৱনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। মাছ-মাংস, মা-মছলাযুক্ত খাদ্য পৰিহাৰ কৰক: ৰোগমুক্ত তথা দীৰ্ঘজীৱী হ’বলৈ হ’লে মাছ-মাংস অথবা মা-মছলাযুক্ত খাদ্যৰ পৰা আঁতৰত থাকিব পাৰিলে স্বাস্থ্যৰ বাবে মংগল। কিয়নো, জিভাৰ জুতিৰ বাবেই আজি বহুসংখ্যক মানুহ নানা ৰোগত আক্ৰান্ত হোৱা দেখা যায়। সেয়ে, এইবোৰৰ পৰা আঁতৰত থাকি আঁহজাতীয় নিৰামিষ খাদ্য অথবা ফল-মূলজাতীয় খাদ্যক বিশেষভাৱে প্ৰাধান্য দিব লাগে। খাদ্য গ্ৰহণৰ এই অভ্যাসে সুন্দৰ স্বাস্থ্যৰ লগতে নিৰোগী শৰীৰ প্ৰদান কৰে। নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰক: নিচাযুক্ত দ্ৰব্য, যেনে- বিড়ি, চিগাৰেট, চাধা, ভাং, মদ আদি কেতিয়াও শৰীৰৰ বাবে হিতকাৰক নহয়। এনে দ্ৰব্যই ক্ষন্তেকীয়া সুখহে প্ৰদান কৰিব পাৰে। ‘খন্তেকীয়া সুখৰ বাবে অনন্ত নৰক গ্ৰহণ কৰি নলবা’। -এনে দ্ৰব্যই ক্ষন্তেকীয়া সুখ দিয়ে সঁচা কিন্তু আজীৱন প্ৰদান কৰে নৰকৰ যন্ত্ৰণা। সেয়ে নিচাযুক্ত দ্ৰব্য পৰিহাৰেৰে আজীৱন সুখৰ মাদকতা ল’বলৈ প্ৰয়াস কৰা উচিত। উপবাস পালন কৰক: দীৰ্ঘজীৱন লাভৰ ক্ষেত্ৰত উপবাসৰ অৱদান অন্যতম। সপ্তাহত সাতটা দিনৰ ভিতৰত এটা দিন উপবাস বা লঘোণো থকা উচিত। এনে উপবাস বা লঘোণে শৰীৰৰ আৱৰ্জনা দূৰ কৰি শৰীৰক ৰোগমুক্ত কৰি তোলে। সৎ চিন্তা: কথাতে কয়- সৎ চিন্তা, সৎ ভাৱনাই মানুহৰ আয়ুস বঢ়ায়, সু-স্বাস্থ্য প্ৰদান কৰে। সেয়ে, প্ৰতিটো মুহূৰ্ততে সৎ চিন্তা কৰাৰ লগতে সৎ কৰ্ম কৰাত গুৰুত্ব দিব লাগে। সৎ চিন্তা আৰু সৎ কৰ্ম কৰাৰ আনন্দই মানুহক অনাবিল সুখ দিয়ে, মানুহক প্ৰদান কৰে দীৰ্ঘজীৱন আৰু সুস্বাস্থ্য। শোৱাৰ সময়: কথাতে কয় Early to bed, early to rise, makes a man healthy, wealthy and wise. সেয়ে, সু-স্বাস্থ্য আৰু দীৰ্ঘজীৱন লাভৰ বাবে নিশা সোনকালে শোৱাটো অতি জৰুৰী। কিয়নো, সোনকালে উঠাটো সম্ভৱ হৈ উঠে। সেয়ে, নিশা সোনকালে বিছনালৈ যোৱাটো অভ্যাস কৰিব লাগে। মুঠতে, জীৱন বৰ মূল্যবান। এই মুল্যবান জীৱনটো ৰোগমুক্ত অথবা দীৰ্ঘস্থায়ী কৰাৰ বাবে আমি ওপৰোক্ত নীতি-নিয়মসমূহ মানি চলিব লাগে। যিয়ে এই নীতি-নিয়মসমূহ মানি চলি জীৱনটো আগুৱাই নিয়ে, তেওঁৰ জীৱন সুন্দৰ নোহোৱাৰ কথা নাই। এগৰাকী মহান চিকিৎসকে কৈছিল- ‘ঔষধ বা টেবলেট খাই দীৰ্ঘজীৱন বিচৰাতকৈ নীতি-নিয়ম মানি নিৰোগী জীৱন বিচৰাজন হেজাৰগুণে শ্ৰেষ্ঠ’। লেখক: দিগন্ত বৈশ্য(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)