আমেৰিকাৰ বিশেষজ্ঞসকলে দীৰ্ঘদিনীয়া গৱেষণা আৰু প্ৰচেষ্টাৰ ফলত এনে এযোৰ ৰব’টিক চুট প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে, যিযোৰ চুট পিন্ধি ৰাজহাড়ত দুৰ্ঘটনাবশঃ আঘাত পাই খোজ কাঢ়িব নোৱাৰা ৰোগীয়ে নিজৰ ইচ্ছামতে নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পাৰিব আৰু খোজ কাঢ়িব পাৰিব। জাপানী কোম্পানী এটাই এই ‘হাইব্ৰিড এছিষ্টিভ লিম্ব’ প্ৰস্তুত কৰাত সফল হৈছে। চাইবাৰ্গ চুটযোৰৰ পৰীক্ষণ ফ্লৰিডৰ জেকচন ভিলেত ব্ৰুকছ চাইবাৰনেটিক ট্ৰিটমেন্ট চেন্টাৰত কৰি থকা হৈছে। কঁকালৰ তলৰ অংশত পিন্ধিব পৰা এই চুটযোৰে ভৰি লৰচৰ কৰিব নোৱাৰা লোকসকলক পুনৰ খোজ কঢ়াত সহায় কৰিব। জাপানী কোম্পানী এইচ এ এলৰ প্ৰচেষ্টাত এই চুটযোৰৰ প্ৰস্তুত ২০০৯ চনৰে পৰা আৰম্ভ কৰিছিল আৰু এতিয়া আমেৰিকাৰ ‘ফুড এণ্ড ড্ৰাগ এছোচিয়েচনে’ এই চুটযোৰৰ ব্যৱহাৰৰ অনুমোদন জনাইছে। মেৰুদণ্ডৰ হাড়ত আঘাত লাগি ভৰি দুখন অকামিলা হৈ লৰচৰ কৰিব নোৱাৰা ৰোগীয়ে এই চুট পিন্ধাৰ পিছত ৰোগীৰ বায়ো ইলেকট্ৰিক সংকেতৰ সহযোগত ৰোগীৰ অকামিলা ভৰি দুখনক সক্ৰিয় কৰি তুলিব। ফলত ৰোগীৰ স্নায়ু অংগৰ কোষ তন্ত্ৰই চুটযোৰলৈ সংকেত প্ৰেৰণ কৰিব। এই সংকেত মস্তিষ্কৰ’পৰা অকামিলা ভৰিৰ মাংসপেশীলৈকে গৈ পাব। এইচ এ এলৰ ভিতৰত থকা চেঞ্চৰে এই সংকেত গ্ৰহণ কৰি ৰোগীৰ চলা-ফুৰাত সহযোগ কৰিব। এতিয়ালৈকে পৰীক্ষামূলক অৱস্থাত থকা এই চুটযোৰ সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠাৰ পিছত সৰ্বসাধাৰণ ৰোগীয়ে ব্যৱহাৰ কৰিব পৰাকৈ সমগ্ৰ বিশ্বতে পাব পৰা হ’ব। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন