সুস্বাস্থ্যৰ স’তে সুষম আহাৰৰ সম্পৰ্ক মুদ্ৰাটোৰ ইপিঠি-সিপিঠিৰ দৰে। সুষম –সন্তুলিত আহাৰৰ অবিহনে কোনো লোকেই সুস্বাস্থ্যৰ অধিকাৰী হ’ব নোৱাৰে। আহাৰেই যিহেতু জীৱনৰ পোহৰ আৰু সুস্থতাৰ সঁচাৰ কাঠী,সেয়ে আহাৰ নাইবা ভোজ্য পদাৰ্থ নিৰ্বাচন তথা সেৱনৰ সময়ত আমি বিশেষ সাৱধান হ’ব লাগে। আমি প্ৰায়েই গ্ৰহণ কৰা বিভিন্ন খাদ্যসম্ভাৰৰ ভিতৰত এনেকুৱা কিছুমান বিষম বা বিৰুদ্ধ পদাৰ্থ আছে,যিবোৰৰ নিবিচাৰ সেৱনে শৰীৰৰ সাংঘাতিক ক্ষতিসাধন কৰিব পাৰে।যিবোৰ পৰস্পৰবিৰুদ্ধ ভোজ্য সামগ্ৰীয়ে খাদ্যত বিষক্ৰিয়া সংঘটিত কৰি পাকস্থলীৰ ক্ষতি সাধি আমাক ৰোগাক্ৰান্ত কৰি তুলিব পাৰে।সেয়ে আমি বিষম আহাৰৰ ক্ষেত্ৰত সচেতন হোৱা উচিত।এনেবোৰ বিৰুদ্ধ আহাৰৰ কেইবিধমানৰ উল্লেখ কৰা হ’ল- পনীৰৰ স’তে দৈ একেলগে খাব নালাগে। খালে পেটত প্ৰচণ্ড পীড়া হ’ব পাৰে। আমি গাখীৰে-মাছে প্ৰায়েই খাওঁ যদিও মাছৰ স’তে গাখীৰ,মৌ নাইবা কুঁহিয়াৰৰ ৰস খাব নালাগে।যিবোৰ সামগ্ৰীৰ একত্ৰ সেৱনে ছালৰ ভিন ভিন ৰোগকে ধৰি কুষ্ঠৰোগ পৰ্যন্ত সৃষ্টি কৰিব পাৰে বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে। ঘিউ আৰু মৌ একেলগে খাব নালাগে। কলৰ লগত লচ্চী বা দৈ খাব নালাগে। তৰমুজৰ স’তে দৈ খাব নালাগে। এঁৱা গাখীৰৰ সৈতে টেঙা বস্তু খাব নালাগে। টেঙাৰ স’তে তিতা খাব নালাগে। খিচিৰি আৰু তিঁয়হ একেলগে খাব নালাগে। মাংস আৰু মুলা একেলগে খাব নালাগে। চাহ বা গাখীৰ খোৱাৰ আগে-পিছে লচ্চী বা ঠাণ্ডা পানী খাব নালাগে। এঁৱা গাখীৰ আৰু সুৰা একেলগে পান বিপজ্জনক,যাৰ ফলত মৃত্যু পৰ্যন্ত হ’ব পাৰে। এঁৱা গাখীৰৰ স’তে নিমখ খাব নালাগে। দৈৰ স’তে চেনি খোৱাতকৈ নিমখ খালে বেছি উপকাৰ পাব পাৰি। ৰাতি দৈ খাব নালাগে,বিশেষকৈ ৰক্ত বিকাৰত ভোগা লোকে। দৈৰ স’তে কণী, তেঁতেলী, মৌৰ স’তে তৰমুজ,মুলা/পানী আদি খাব নালাগে। টেঙা আৰু খাৰ একেলগে খাব নালাগে। নহৰু-পিঁয়াজ খোৱাৰ পিছত গাখীৰ খাব নলাগে। ৰহৰ দাইল খোৱাৰ পিছত গাখীৰ খোৱা নিষেধ। তেল আৰু ঘিউ একেলগে খাব নালাগে। কঁঠালৰ স’তে এঁৱা গাখীৰ খাব নালাগে। আমলখিৰ বাহিৰে যিকোনো টেঙা ফলৰ লগত এঁৱা গাখীৰ খাব নালাগে। ‘ভোজনান্তে বিষম বাৰি’বুলি আয়ুৰ্বেদ শাস্ত্ৰত এষাৰ কথা আছে।সেয়ে আহাৰ খোৱাৰ ঠিক পিছতেই পানী খাব নালাগে।এঘণ্টামান পিছতহে খাব লাগে। উৰদ দাইলৰ স’তে দৈ বা এঁৱা গাখীৰ খাব নালাগে,পাপৰৰ স’তে দৈ বা এঁৱা গাখীৰ খাব নালাগে।আইচক্ৰীম খোৱাৰ পিছতেই চাহ/কফি আদি গৰম বস্তু খাব নালাগে। এই বিৰুদ্ধ পদাৰ্থবোৰ একেলগে খালে পাকস্থলী বিকাৰগ্ৰস্ত হৈ পৰে।যাৰ ফলত বমি-বদহজম,পেটৰ অসুখ,কোষ্ঠকাঠিন্যকে ধৰি বিভিন্ন ৰোগ হ’ব পাৰে।পাকস্থলী শৰীৰৰ মুলাধাৰস্বৰুপ।বিষম-বিৰুদ্ধ দ্ৰব্য ভোজনৰ ফলত পাকস্থলী সহজতে বিকাৰগ্ৰস্ত বা ৰোগাক্ৰান্ত হৈ পৰে।পাকস্থলী ৰোগাক্ৰান্ত হ’লে তাৰ সমস্ত কুপ্ৰভাৱ দেহৰ ওপৰত পৰে। সেয়ে খোৱা-বোৱা,আহাৰ-বিহাৰৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰি বিষম –বিৰুদ্ধ দ্ৰব্য সেৱনৰ পৰা আঁতৰি থাকি অনায়াসে নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰি ষোল অনাই জীৱন উপভোগ কৰিব পাৰি। লেখক: ভুৱনেশ্বৰ ডেকা (জি এনআৰচি স্বাস্থ্য)