থ্ৰম্ব’লাইটিক থেৰাপী - ষ্ট্ৰোকৰ পৰিণতি স্বৰুপে শৰীৰ চৰ্চা কৰিবলৈ অপাৰগ ৰোগীসকলক ফিজিঅ’ থেৰাপিষ্ট বা কাৰ্ডিয়াক ৰিহেবিলিটিশ্যন প্ৰফেছনেলৰ অধীনত ৰাখি দৈনিক ক্ৰিয়া-কলাপ প্ৰণালীবদ্ধভাৱে অনুসৰণ কৰিবলৈ দিয়া উচিত। ননকাৰ্ডিঅ’ এম্বোলিক ষ্ট্ৰোক বা টি আই এৰ বাবে এণ্টিথ্ৰ’ম্ব’টিক থেৰাপীৰ প্ৰস্তাৱিত নিৰ্দেশনাৱলী: নন কাৰ্ডিঅ’ এম্বোলিক ইস্কিমীক ষ্ট্ৰোক বা টি আই এ ৰোগীৰ বাবে ষ্ট্ৰোকৰ পুনৰাবৃত্তি আৰু হৃদৰোগৰ সম্ভাৱনা ৰোধ কৰিবলৈ এণ্টিকোবা গুলেট থেৰাপীতকৈ এণ্টিপ্লেটিলেটৰ ব্যৱহাৰহে লাভজনক বুলি বিবেচনা কৰা গৈছে। এছপিৰিন হৈছে বহুলভাৱে চৰ্চিত এণ্টিপ্লেটিলেট, ইয়াৰ প্ৰাথমিকভাৱে আৰম্ভ কৰা ৭৫,১৫০ মি: গ্ৰাম মাত্ৰাই ষ্ট্ৰোকৰ পৰিমাণ হ্ৰাসৰ বাবে যথেষ্ট। সাধাৰণতে ব্যৱহাৰ হোৱা অন্যান্য এণ্টিপ্লেটিলেট এজেন্ট হৈছে এছপিৰিন আৰু এক্সিডেণ্ট ৰিলিজ ডাইপাইৰিডামোল পৰিমাণ :২৫/১০০ মি:গ্ৰাম, দৈনিক দুবাৰকৈ) আৰু ক্লপিডোগ্ৰেল মোনোথেৰাপী (দৈনিক ৭৫ মি:গ্ৰামকৈ। ৰোগী অনুযায়ী বিপদকাৰক অৱস্থাৰ প্ৰকৃতি, খৰচ, দৰবৰ প্ৰতি ৰোগীৰ সহনশীলতা ইত্যাদি কাৰকৰ ওপৰত ভিত্তি কৰি এণ্টিপ্লেটিনেটৰ নিৰ্বাচন সুকীয়া হ’ব পাৰে। এছপিৰিন গ্ৰহণ কৰি থকা অৱস্থাত ক্লপিডোগ্ৰেলৰ সংযোজনে ৰক্তক্ষৰণৰ প্ৰৱণতা বৃদ্ধি কৰে। সেয়েহে ইস্কিমীক ষ্ট্ৰোক বা টি আই এ ৰোগীক ষ্ট্ৰোকৰ প্ৰতিৰোধৰ বাবে এই দ্বৈত সংযোগ নিৰ্দেশ কৰা নাযায়। আনহাতে, এছপিৰিনৰ প্ৰতি এলাৰ্জীক ৰোগীৰ বাবে বিকল্প এণ্টিপ্লেটিলেট হৈছে ক্লপিডোগ্ৰেল। এছপিৰিন গ্ৰহণ কৰি থকা অৱস্থাতেই যদি কোনো লোক ইস্কিমীক ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত হয়, তেনে ক্ষেত্ৰত এছপিৰিনৰ মাত্ৰা বৃদ্ধিৰ দ্বাৰা লাভজনক ফলাফল পোৱাৰ কোনো সাক্ষ্য নাই। যদিও বিকল্প এণ্টিপ্লেটিলেট সংযোজনৰ বাবে প্ৰায়েই মতপোষণ কৰা যায় তথাপি এছপিৰিন পাই থকা অৱস্থাত ষ্ট্ৰোক হোৱা ৰোগীৰ ক্ষেত্ৰত এটা অথবা দ্বৈত এণ্টিপ্লেটিলেট সংযোজনৰ ফলাফল নিৰুপণ কৰা তাৎপৰ্যপুৰ্ণ গৱেষণা পোহৰলৈ অহা নাই। ১৯৯০ দশকৰ প্ৰথম আৰু মাজভাগত টিক্লোপিডিন বুলি আন এটা এণ্টিপ্লেটিলেট এজেণ্টে খুবেই খ্যাতি লাভ কৰিছিল কিন্তু অতি শীঘ্ৰেই ইয়াৰ প্ৰতিকুল কিছুমান প্ৰভাৱৰ বাবে দৰববিধে খ্যাতি হেৰুৱালে। কাৰ্ডিঅ’এম্ব’লিক ষ্ট্ৰোকৰ বাবে নিৰ্দেশনাৱলী - এণ্ট্ৰিয়েল ফিব্ৰিলেচ্যন চিকিৎসাৰ মুল লক্ষ্য হৈছে সম্ভাব্য ষ্ট্ৰোকৰ বিপদ হ্ৰাস কৰা। এট্ৰিয়েল ফিব্ৰিলেচনৰ যিসকল ৰোগী । ইতিপুৰ্বে ষ্ট্ৰোকৰ দ্বাৰা আক্ৰান্ত হৈছে তেনে ৰোগীক সাধাৰণতে বাৰফাৰিন বুলি এণ্টিকোৱা গুলেণ্টৰ দ্বাৰা চিকিৎসা কৰা যায়। এই ক্ষেত্ৰত লক্ষ্য আই এন আৰ ৰ মান হৈছে ২ ৰ পৰা ৩.০ । নতুন এণ্টিকোৱাগুলেট - ডেবিগাট্ৰান: ১৫০ মি: গ্ৰাম দৈনিক দুবাৰকৈ। ৰিভাৰ’ক্সবান : ২০ মি: গ্ৰাম এপিক্সবান: ৫ মি:গ্ৰাম দৈনিক দুবাৰ। এডোক্সাবান: ৬০ মি: গ্ৰাম/ প্ৰত্যেক দিনে। ষ্ট্ৰোকৰ প্ৰায় ১৫ ৰ পৰা ২০ শতাংশ হৈছে মগজুৰ ননট্ৰমেটিক বা বিনা আঘাতে হোৱা ৰক্তক্ষেৰণ। সাধাৰণতে দেখা হিচাপে ৰক্তক্ষৰণজনিত বা হিমোৰেজিক ষ্ট্ৰোকৰ যি প্ৰভাৱ তাৰ ভয়াৱহতা ইস্কিমীক ষ্ট্ৰোকতকৈ বেছি। মগজুৰ ইমেজিং ষ্টাডি যেনে চিটি স্কেন (কম্পুটেড টোমোগ্ৰাফী) ৰ দ্বাৰা অতি ক্ষিপ্ৰতাৰে হিমোৰেজিক ষ্ট্ৰোক চিনাক্ত কৰিব পৰা যায়। আন আন জটিলতা যেনে-ইণ্ট্ৰাভেণ্ট্ৰিকুলাৰ হিমোৰেজ, ব্ৰেইন ইডিমা, হাইড্ৰাচেফালাছ ইত্যাদি চিটি স্কেনৰ দ্বাৰা চিনাক্ত কৰা হয়। মস্তিষ্কৰ ৰক্তক্ষৰণৰ কাৰণসমুহ - সৰু অথচ দলৈ বিস্তৃত হৈ থকা তেজৰ নলী ফাটি হোৱা ৰক্তক্ষৰণ। চেৰিব্ৰেল এমাইলইড এঞ্জিঅ’পেথী। আৰ্টেৰিঅ’ভেনাছ মেফ’মেৰ্ছন বা কেভাৰ্নোমা ছেকুলাৰ এন্যুৰিজম কোৱাগুলোপেথী টিউমৰ ট্ৰমা ইণ্ট্ৰাক্ৰেনিয়েল ভেনাছ থ্ৰ’ম্ব’ছিছ ইনফেক্টিভ এণ্ডোকাৰ্ডাইটিছৰ লগতে মাইকোটিক এন্যুৰিজম ড্ৰাগ উচ্চ ৰক্তচাপ ইণ্ট্ৰাচেব্বিৰল হিমোৰেজৰ চিকিৎসা - ইস্কিমীক ষ্ট্ৰোকৰ দৰে হিমোৰেজিক ষ্ট্ৰোকতো ৰোগীক ষ্ট্ৰোক উনিটত ৰাখি চিকিৎসা প্ৰদান কৰা উচিত। বয়সস্থ আৰু চেতনালুপ্ত অৱস্থাত থকা ডাঙৰ আকৃতিৰ হিমোৰেজৰ দ্বাৰা আক্ৰান্ত ৰোগীসকলৰ বাবে পেলিয়েটিড কেয়াৰ (প্ৰশমিত চিকিৎসা) হে উপযুক্ত। যিহেতু এনে ৰোগীৰ চিকিৎসাৰ ফলাফল আশাপ্ৰদ নহয়। ইণ্ট্ৰাচেৰিব্ৰেল হিমোৰেজৰ ক্ষেত্ৰত নিয়মিতৰুপে ছাৰ্জিকেল ইভাকুৱেছন কৰা উচিত নহয়। কিন্তু নিশ্চিত অথবা সন্দেহজনক এন্যুৰিজমেল হিমোৰেজ, চেৰিবেলাৰ হিমোৰেজৰ দ্বাৰা ব্ৰেইনষ্টেম কম্প্ৰেছন, অৱষ্ট্ৰাক্টভ হাইড্ৰ’ছেফালাছ ইত্যাদি অৱস্থাত ছাৰ্জিকেল ইভাকুৱেছনৰ ভুমিকা জীৱনদায়ক। নিৰ্দিষ্ট প্ৰমাণ নাথাকিলেও বাহ্যভাৱে স্থিত বা ছুপাৰফিচিয়েল হিমোৰেজত ছাৰ্জিকেল ইভাকুৱেছন লাভজনক হ’ব পাৰে। শেহতীয়া গৱেষণাই দেখুওৱা অনুসৰি লক্ষণ দেখা দিয়াৰ পৰা চ্ছ্ৰ ঘণ্টাৰ ভিতৰত ইণ্ট্ৰাচেৰিব্ৰেল হিমোৰেজৰ ৰোগীক ক্ষিপ্ৰতাৰে ৰিকম্বিনেণ্ট এক্টিডেটেড ফেক্টৰ VII নামৰ দৰববিধৰ প্ৰয়োগেৰে চিকিৎসা কৰিব পাৰিলে তিনি মাহৰ অন্তৰালত বিশ্লেষণ কৰা চিকিৎসাৰ ফলাফল খুবেই আশাজনক। এই দৰববিধ হিমোৰেজৰ বিস্তৃতি ৰোধ কৰে। ছাব এৰাকনইড হিমোৰেজ - মগজুৰ আঘাত অথবা আঘাতবিহীন অৱস্থাতো স্বত:স্ফুতভাৱে তেজৰ নলীৰ ডিছেক্টিং এন্যুৰিজমৰ পৰা ছাব এৰাকনইড হিমোৰেজ দেখা দিব পাৰে। ছাব এৰাকনইড হিমোৰেজৰ লক্ষণ - মুৰৰ বিষ আকস্মিকভাৱে দেখা দিয়া অস্বাভাৱিকভাৱে তীব্ৰ ব্যথা যাক জীৱনৰ সকলোতকৈ বিকৃত মুৰৰ বিষ বুলি আখ্যা দিয়া হয়। গলধন, চকু, মুখ, কাণ সকলোতে বিষ অনুভৱ সংখ্যা হেৰুৱাই পেলোৱা (লক্ষণ দেখা প্ৰাৰম্ভণিতেই) সাময়িকভাৱে চেতনালুপ্ত হোৱা চিনকোপ ছিজাৰ (মৃগী) দীৰ্ঘ সময় ধৰি অচেতন হৈ থকা প্ৰলাপ বকা উত্তেজিত হৈ পৰা বমি বমি ভাব-বমি কৰা পোহৰ আৰু শব্দৰ অসহনীয়তা ইত্যাদি। ছিগি যোৱা এন্যুৰিজমৰ আকাৰ আৰু অৱস্থান চিনাক্তকৰণৰ বাবে ডিজিকেল ছাবট্ৰেক্সন এঞ্জিঅ’গ্ৰাফী বা ডি এছ এ হৈছে সৰ্বোকৃষ্ট পৰীক্ষা। এন্যুৰিজমেল ছাবএৰাকনইড হিমোৰেজৰ চিকিৎসা সাধাৰণ আৰু লক্ষণ উপশমৰ বাবে - এক শান্ত পৰিৱেশত শুৱাই ৰখা কাৰ্ডিয়াকমনিটৰিং আৰু সঘনাই ভাইটেল পেৰামিটাৰসমুহৰ নিৰ্ণয়। সজ্ঞানে থকা ৰোগীৰ বাবে মিহি খাদ্য। সংজ্ঞাহীন হ’লে নেজোগেষ্ট্ৰিক টিউবোৰে খাদ্য প্ৰদান। পাইখানা ঢিলা ৰাখিবলৈ দৰৱ। বিষহাৰক দৰৱ যেনে অ’পিয়েট (মুৰৰ বিষৰ বাবে) এছপিৰিন বা নন ষ্টেৰইডেল এণ্টজ্ঞি ইনফ্লেমেটৰী এজেণ্ট ব্যৱহাৰ কৰা অনুচিত। এণ্টিইমেটিক ( বমি ৰোধ কৰিবলৈ) ৰোগী উত্তেজিত হৈ থাকিলে ছেদেটিভ এণ্টিকনভালষ্ণেট (মৃগীৰ আক্ৰমণ ৰুধিবলৈ ) বৰ্ধিত ইণ্ট্ৰাক্ৰেনিয়েল প্ৰেছাৰ আৰু হাইড্ৰ’ছেফালাছৰ চিকিৎসা শীঘ্ৰে দেখা দিব পৰা পুনৰ মগজুৰ ৰক্তক্ষৰণৰ বিপদ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমুহ হ’ল- ৰক্তচাপ কমাই ৰাখিবলৈ দৰৱৰ প্ৰয়োগ। এণ্টিফাইব্ৰিনোলাইটিক এজেণ্ট। এন্যুৰিজমৰ ছাৰ্জিকেল ক্লিপিং। এণ্ডোভাস্কুলাৰ চিকিৎসা (কইলিং/ বেলুন) এন্যুৰিজমৰ ট্ৰেপিং বা ৰেপিং। লেখক: ডা: মানস ঘোষ (জি এনআৰচি স্বাস্থ্য)