আৰম্ভ হ’ল ইংৰাজী নৱবৰ্ষ ২০১৮।বছৰটোৰ আৰম্ভণিতেই বেছিভাগ মানুহেই কিছুমান সংকল্প (ৰিজ’লিউচন)ল’ব।পহিলা জানুৱাৰীৰ পৰা সেই সংকল্পসমুহ মানি চলিবলৈ প্ৰতিজ্ঞা কৰিব।নতুন বছৰটো অহাৰ লগে লগে প্ৰত্যেক নিজৰ জীৱনটো এটা সতেজ দৃষ্টিকোণেৰে চাবলৈ আশা কৰে।এই সংকল্পসমুহ নিজৰ স্বাস্থ্যৰ উন্নতি কৰা,নিজৰ কিছু অভ্যাসৰ সালসলনি কৰা,আৰ্থিক অৱস্থা টনকিয়াল কৰা আদি বিভিন্ন সংকল্প হ’ব পাৰে।কিন্তু অতি দুখৰ কথা যে সংকল্পবোৰ ল’বলৈ সহজ,কিন্তু গোটেই বছৰটো দৃঢ়তাৰে মানি চলিবলৈ কঠিন।তাৰ কাৰণ হ’ল কিছুমান অবাস্তৱ সংকল্প লোৱা,যিবোৰ মানি চলা সম্ভৱ নহয়।বিভিন্ন সমীক্ষাত দেখা গৈছে যে প্ৰায় ৬০ শতাংশ মানুহে ৬ মাহৰ পিছত নৱবৰ্ষত লোৱা নিজৰ সংকল্পসমুহৰ পৰা আঁতৰি যায়। তলত ৭ টা স্বাস্থ্য সম্পৰ্কীয় সংকল্প নৱবৰ্ষত ল’বৰ বাবে উল্লেখ কৰা হ’ল- ধুমপান ত্যাগ কৰা-ধুমপান অকাল মৃত্যুৰ এটা প্ৰধান কাৰণ।ধুমপানে ব্যক্তিজনৰ জীৱনৰ আয়ুস কমাই আনে।যিমানেই বেছিদিন ধুমপান কৰিব,সিমানেই সেই অনুপাতে আয়ুস কমিব।সেইবাবে এই নৱবৰ্ষত ধুমপান ত্যাগ কৰাৰ সংকল্প লওক।ধুমপান ত্যাগ কৰাৰ অলপ সময়ৰ পিছতেই শৰীৰত যথেষ্ট পৰিৱৰ্তন দেখা যায়।ধুমপান কৰি থকা ব্যক্তিসকলে হয়তো এই সংকল্প ল’বলৈ ভয় কৰিব পাৰে।কাৰণ আগতে ধুমপান ত্যাগ কৰাৰ সংকল্প লৈ কেইবাবাৰো বিফল হৈছে।পিছে ধুমপান ত্যাগ কৰা কোনো ব্যক্তিক সুধিলেই গম পাব তেওঁলোকে কেইবাবাৰো এই সংকল্প লৈ এবাৰ কৃতকাৰ্য হয়।ধুমপান ত্যাগ কৰিলে যথেষ্ট টকা-পইচাও ৰাহি হয়। সুৰাপানৰ মাত্ৰা হ্ৰাস কৰা বা ত্যাগ কৰা-দীৰ্ঘদিন আৰু অত্যধিক সুৰাপানে হৃদৰোগ,উচ্চ ৰক্তচাপ,ষ্ট্ৰ’ক,যকৃতৰ ছিৰ’ছিছ ,মুখ,ডিঙি,পাকস্থলী আৰু মহিলাৰ স্তনৰ কৰ্কট ৰোগ কৰে।সুৰাপানে মগজুৰো ক্ষতি কৰে।অত্যধিক সুৰাপানে ব্যক্তিজনৰ আৰ্থিক সমস্যা কৰি পৰিয়ালত অশান্তিৰ সৃষ্টি কৰে।সুৰাপানৰ বাবে পথ দুৰ্ঘটনা হৈ বহুতে মৃত্যুমুখত পৰে বা বেয়াকৈ ঘুণীয়া হয়।সেইবাবে এই নৱবৰ্ষত সুৰাপান ত্যাগ কৰক বা মাত্ৰা একেবাৰে হ্ৰাস কৰাৰ সংকল্প লওক। শৰীৰৰ ওজন হ্ৰাস কৰা-আপোনাৰ শৰীৰৰ ওজন যদি বেছি,তেন্তে তাক স্বাভাৱিক অৱস্থালৈ অনাটো একান্ত প্ৰয়োজনীয়।দেহৰ ওজন বেছি হ’লে হৃদৰোগ,ডায়েবেটিছ,ষ্ট্ৰ’ক,উচ্চ ৰক্তচাপ আৰু বিভিন্ন কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।ওজন হ্ৰাস কৰিবলৈ নিয়মিত ব্যায়াম কৰক।দিনটোত কমেও ৩০ ৰ পৰা ৪০ মিনিট খৰকৈ খোজকাঢ়ক।ব্যায়ামাগাৰত পাৰিলে ভৰ্তি হৈ লওক।ব্যায়ামাগাৰত বৈজ্ঞানিক পদ্ধতিৰে ব্যায়াম কৰিলে খুব সোনকালে সুফল পোৱা যায়।ওজন হ্ৰাস কৰাৰ সংকল্প লওক। দৈনিক পুষ্টিকৰ খাদ্য খোৱা-ফাষ্টফুড আৰু প্ৰচেছড ফুড নাখাবলৈ সংকল্প লওক।তাৰ পৰিৱৰ্তে অধিক সতেজ শাক-পাচলি আৰু ফলমুল খোৱাৰ সংকল্প লওক।সপ্তহত কমেও দুদিন চালাড খাওক।চেনি আৰু চেনিৰ দ্বাৰা তৈয়াৰ কৰা খাদ্য আৰু বজাৰত বিক্ৰী কৰা শীতল পানীয় (ছফট ড্ৰিংক)নাখাবলৈ সংকল্প লওক।বাহিৰৰ খাদ্য নাখাই যিমান পাৰে ঘৰত তৈয়াৰ কৰা খাদ্য খাবলৈ লওক।এই নৱবৰ্ষত পুষ্টিকৰ খাদ্য খোৱাৰ সংকল্প লওক। নিশা কমেও ৭ ৰ পৰা ৮ ঘণ্টা শোৱা-নিদ্ৰাহীনতাই হৃদৰোগ,উচ্চ ৰক্তচাপ,হৃদযন্ত্ৰৰ স্পন্দন অনিয়মীয়া কৰা,ডায়েবেটিছ,মানসিক অৱসাদ আৰু দুৰ্বলতা আদি ৰোগ কৰে।নিদ্ৰাহীনতাৰ ফলত ছালৰ সৌন্দৰ্য হ্ৰাস পায়,চকু ফুলি থাকে আৰু চকুৰ চাৰিওফালে ক’লা পৰে।এটা সমীক্ষাত দেখা গৈছে যে কোনো ব্যক্তিৰ নিদ্ৰাৰ সময় ৭ ঘণ্টাৰ পৰা ৫ ঘণ্টালৈ যদি হ্ৰাস কৰা হয়,তেনে ব্যক্তিৰ মৃত্যুৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়।পথ দুৰ্ঘটনা আৰু আন বিভিন্ন দুৰ্ঘটনাৰ প্ৰধান কাৰণ নিদ্ৰাহীনতা।সেইবাবে প্ৰতি নিশা ১০ বা ১১ বজাত শুই ৰাতিপুৱা ৬ বা ৭ বজাত উঠাৰ সংকল্প লওক।শোৱাৰ এঘণ্টাৰ আগৰ পৰা ম’বাইল ফোন,লেপটপ,টিভিৰ ব্যৱহাৰ বন্ধ কৰক।এই যন্ত্ৰসমুহৰ পৰা নিৰ্গত হোৱা পোহৰে ভাল টোপনি অহাত ব্যাঘাত জন্মায়। নিয়মিত স্বাস্থ্য পৰীক্ষা-বছৰটোত কমেও এবাৰ নিজৰ স্বাস্থ্য অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাবলৈ সংকল্প লওক।লগতে ৰক্তৰ বিভিন্ন পৰীক্ষা,চকু আৰু দন্ত পৰীক্ষাও কৰাব। মানসিক চাপ (ষ্ট্ৰেছ)-মাজে সময়ে কম পৰিমাণৰ মানসিক চাপে স্বাস্থ্যৰ বিশেষ ক্ষতি নকৰিলেও দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগিলে নিদ্ৰাহীনতা,মানসিক অৱসাদ (ডিপ্ৰেছন),মেদবহুলতা,হৃদৰোগ আদিৰ সম্ভাৱনা বৃদ্ধি পায়।বহুসময় কাম কৰিবলগীয়া হোৱা,টোপনিৰ অভাৱ,অস্বাস্থ্যকৰ খাদ্য,নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ লগত বেছি সময় কটাব নোপোৱা আদিয়ে মানসিক চাপ বৃদ্ধি কৰে।নৱবৰ্ষত মানসিক চাপ হ্ৰাস কৰাৰ সংকল্প লওক।পৰ্যাপ্ত বিশ্ৰাম,ভালকৈ শোৱা,সামাজিক জীৱন উপভোগ কৰা,মাজে মাজে ভ্ৰমণ কৰা আদিয়ে মানসিক চাপ লাঘৱ কৰে।সপ্তাহত এদিন,আপোনাৰ ম’বাইল ফোন আৰু লেপটেপ বা কম্পিউটাৰ বন্ধ কৰি থওক।পিছদিনা যথেষ্ট সতেজ অনুভৱ কৰিব। সংকল্পসমুহ দৃঢ়তাৰে কেনেকৈ মানি চলিব- আপোনাৰ সংকল্পকেইটা ডাঙৰ আখৰেৰে লিখি ঘৰৰ দেখা স্থানত লগাই থ’ব,যাতে সদায় চকুত পৰে। নৱবৰ্ষৰ কেইদিনমান আগৰে পৰাই সংকল্পকেইটাৰ বিষয়ে ভাবিবলৈ লওক। নিজৰ পৰিয়ালক আৰু বন্ধু-বান্ধৱক আপোনাৰ সংকল্পকেইটাৰ বিষয়ে জানিবলৈ দিব।যাতে সকলোৱে আপোনাক সহায় আৰু সহযোগ আগবঢ়াব পাৰে। সংকল্পবোৰ দৃঢ়তাৰে পালন কৰিলে স্বাস্থ্যৰ কি কি উপকাৰ হ’ব সেই বিষয়ে সদায় মনত পেলাই থাকিব। সংকল্পবোৰ দৃঢ়তাৰে পালন কৰিলে স্বাস্থ্যৰ কি কি উপকাৰ হ’ব সেই বিষয়ে সদায় মনত পেলাই থাকিব। সংকল্পবোৰ ধৰি ৰখা কঠিন,যাৰ বাবে যথেষ্ট মনোবলৰ প্ৰয়োজন।সেইবাবে নিজৰ মনোবল লাঘৱ নকৰিব। লেখক:ডা: চন্দন বৰুৱা (নিয়মীয়া বাৰ্তা)