“আ……চ……..চু!!” আমি আটায়ে হাঁচিয়াওঁ। এয়া এক সাধাৰণ কথা। আমি যেতিয়া হাঁচি মাৰো, তেতিয়া প্ৰায় ৪০,০০০ বিভিন্ন আকৃতিৰ টোপাল বতাহত সিঁচৰিত হৈ পৰে। আমেৰিকাৰ MITৰ গৱেষকৰ এটা দলে দ্ৰুতগতিৰ অধিক ক্ষমতাসম্পন্ন কেমেৰাৰ সহায়ত এই কথা জানিবলৈ সক্ষম হয়। যেনিবা ৰাষ্ট্ৰীয় পথত দ্ৰুতবেগী গাড়ী এখনৰহে গতি। এটা হাঁচিৰ গতিৰ গড় ৩ৰ পৰা ৬.৫ ফুট দূৰত্ব। মুখৰ পৰা ওলোৱা ডাঙৰ টোপালকেইটা ওচৰতে সৰি পৰে আৰু ক্ষুদ্ৰ টোপালসমূহ মেঘৰ ৰূপ লৈ আঁতৰলৈ উৰি যায় আৰু তেনেদৰে বীজাণু বতাহত বিয়পায়। এনেদৰে মেঘৰ ৰূপ লৈ বীজাণু কঢ়িয়াই নিয়া টোপাল ২৫ ফুট দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম। আচৰিত যেন লাগিলেও, এটা হাঁচিয়ে ৰোগৰ সংক্ৰমণত এনেদৰেই সহায় কৰে। মেঘৰ দৰে উৰি যোৱা এই ক্ষুদ্ৰ টোপালবোৰ বহু দেৰি বায়ুমণ্ডলত থাকিবলৈ সক্ষম। সমস্যাতো তাতেই। কোনোবা দুৰ্বল স্থান পালে তাতে ঠাই লয়। এনেদৰেই বীজাণু সংক্ৰমিত হয়। সামাধান - হাঁচি মানুহৰ প্ৰয়োজনো। মাথোঁ হাঁচিয়ে সৃষ্টি কৰিব পৰা সমস্যাৰ সমাধান আমি কৰিব লাগিব। তাৰো সৰল সমাধান আছে- এখন ৰুমালত হাঁচিয়াওক। নিজৰ কদুয়োখন হাত আৰু ৰুমালখন পানীৰে ধুই পেলাওক। ধূতি, শীত, এলাৰ্জিয়েই হাঁচিৰ সৃষ্টি কৰে। সেয়ে নিজৰ লগত পৰিষ্কাৰ ৰুমাল এখন ৰাখিবলৈ কিন্তু নেপাহৰিব। Live, Life, Live Long লেখিকা: কৰবী কাকতি(নন্দিনী)