প্ৰতিদিনে কিছু সময় ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে যে খুবেই গুৰুত্বপূৰ্ণ, সেয়া ন-কৈ কোৱাটো নিষ্প্ৰয়োজন। অতি শেহতীয়াকৈ আমেৰিকাৰ ষ্টেনফ’ৰ্ড ইউনিভাৰ্ছিটীৰ গৱেষক ডাঃ এৰিক ইংগেলছনে কৰা এক অধ্যয়নৰ জৰিয়তে ব্যায়ামৰ আন এক সুফলৰ বিষয়ে জানিব পাৰিছো। ডাঃ ইংগেলছনৰ মতে, নিতৌ ব্যায়াম কৰিলে সেইসকল লোকে হৃদৰোগৰপৰা হাত সাৰি থাকিব পাৰে, যিসকলৰ বংশানুক্ৰমে হৃদৰোগ হোৱাৰ ইতিহাস আছে। আমেৰিকান হাৰ্ট এছ’চিয়েচন জাৰ্ণালত প্ৰকাশিত এই সম্বন্ধীয় গৱেষণামূলক নিবন্ধটোৰ মতে, অধিক মাত্ৰাৰ গতি-বিধিয়ে হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাস প্ৰণালী ঠিকে ৰখাত সহায় কৰে। যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভৱনা ভালেখিনি হ্ৰাস পায়। যিসকলৰ বংশানুক্ৰমেজ হৃদৰোগ হৈ আহিছে, তেনে বংশৰ উত্তৰাধিকাৰীয়ে নিয়মীয়াকৈ ব্যায়াম কৰাৰ জৰিয়তে হৃদৰোগ হোৱাৰ আশংকা ভালেখিনি লাঘৱ কৰিব পাৰে বুলিও গৱেষণামূলক নিবন্ধটোৰ জৰিয়তে গৱেষক ডাঃ এৰিক ইংগেলছনে প্ৰকাশ কৰে। নিবন্ধটোত গৱেষকগৰাকীয়ে লগতে এই কথাও প্ৰকাশ কৰে যে এই অধ্যয়নৰপৰা প্ৰাপ্ত মূল বাৰ্তাটো হ’ল শাৰীৰিক সক্ৰিয়তাৰ জৰিয়তে হৃদৰোগ হোৱাৰ আশংকা কম কৰিব পাৰি। মধুমেহ ৰোগীৰ বাবে নতুন সঁজুলি - মধুমেহ ৰোগত আক্ৰান্ত ৰোগীয়ে প্ৰায়ে ৰক্ত শৰ্কৰাৰ পৰিমাণ জানি থাকিবৰ বাবে ৰক্ত পৰীক্ষা কৰিবলগীয়া হয়। যাৰ বাবে পীড়াদায়ক ফিংগাৰ প্ৰিক অৰ্থাৎ বেজীৰে আঙুলি ফুটাই তেজ উলিওৱা প্ৰক্ৰিয়াৰ সঘনকৈ মুখামুখি হৈ থাকিবলগীয়া হয়। কিন্তু অচিৰেই এনে সমস্যাৰপৰা মুক্তি পাবলৈ সক্ষম হ’ব এনে ৰোগীয়ে। কিয়নো বৃটেইনৰ বাথ ইউনিভাৰ্ছিটীৰ গৱেষণকৰ এটি দলে এনে এবিধ ছালত লগাই থ’ব পৰা চেন্সৰযুক্ত পেচ্চ(patch) বিকশিত কৰি উলিয়াইছে। যিয়ে শৰীৰত থকা শৰ্কৰাৰ স্তৰৰ ওপৰত নজৰ ৰাখিবলৈ সক্ষম হ’ব। গৱেষকগণৰ মতে, এই পেচ্চ শৰীৰৰ ভিতৰলৈ পঠিয়াবৰ কাৰণে ছালত কোনো ধৰণৰ বিন্ধা কৰাৰ প্ৰয়োজন নহয়। এয়া বিশেষ চেন্সৰৰ জৰিয়তে ছালত মজুত থকা নোমৰ সূক্ষ্ম বিন্ধাৰ মাজেৰে তৰল পদাৰ্থৰ জৰিয়তে কোষত প্ৰৱেশ কৰি শৰ্কৰাৰ স্তৰৰ ওপৰত নজৰ ৰাখিবলৈ সক্ষম হ’ব। গৱেষকগণৰ মতে এয়া বাস্তৱিকতে সহজতে পিন্ধিব পৰা এবিধ ব্যয়সাধ্য চেন্সৰ, যিয়ে নিয়মীয়াকৈ শৰীৰত থকা শৰ্কৰাৰ স্তৰৰ বিষয়ে স্মাৰ্টফোন বা স্মাৰ্টৱাটছলৈ বাৰ্তা প্ৰেৰণ কৰি থাকিব। উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)