সময় পৰিৱৰ্তনৰ লগে লগে দেশৰ সামাজিক, অৰ্থনৈতিক প্ৰযুক্তিগত বিভিন্ন পৰিৱৰ্তন হৈছে। তদুপৰি দিনকদিনে ক্ৰমবৰ্ধমানভাৱে জনসংখ্যা বৃদ্ধিয়ে দেশৰ বহু পৰিৱৰ্তন সাধিছে। এই পৰিৱৰ্তনে বৃদ্ধসকলৰ আয়ুৰেখা বৃদ্ধি কৰাতো অৰিহণা যোগাইছে।

১৯৫১ চনৰ পৰা ২০০৬ চনলৈকে বৃদ্ধসকলৰ(৬০ বছৰৰ ঊৰ্ধ্ব) জনসংখ্যা ২০ মিলিয়নৰ পৰা ৮৩.৫৮ লৈ বৃদ্ধি পায় আৰু এই সংখ্যা ২০২৬ চনত ১৭৩ মিলিয়নলৈকে বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে।

অন্যান্য পৰিৱৰ্তনকে ধৰি এনে ক্ৰমাগত জনসংখ্যা বৃদ্ধিয়ে বৃদ্ধসকলৰ মাজত অধিক মানসিক সমস্যাৰ সৃষ্টি কৰিব। অধ্যয়নৰ পৰা গম পোৱা গৈছে যে প্ৰায় ১৫ শতাংশ বৃদ্ধ লোকেই ৬০ বা তাতকৈ অধিক বয়সৰ লোক মানসিক বা স্নায়ুজনিত সমস্যাত ভোগে।

এই সময়ত সচৰাচৰ দেখিবলৈ পোৱা মানসিক বা স্নায়ুজনিত সমস্যাত ভোগে। এই সময়ত সচৰাচৰ দেখিবলৈ পোৱা মানসিক সমস্যাবিধ হ’ল- স্মৃতিভ্ৰংশ আৰু বিষণ্ণতা, যাৰ বাবে বিশ্বৰ বৃদ্ধ জনসংখ্যাৰ ৫ শতাংশ স্মৃতিভ্ৰংশত আৰু ৭ শতাংশ বিষণ্ণতা ৰোগত ভুক্তভোগী হৈ উঠে।

মানসিক সমস্যাসমূহক ৫ টা ভাগত ভগাব পাৰি -

*প্ৰতাৰণামূলক ব্যাধি,

*লেট পাৰাহ্যেনিয়া,

*তীব্ৰ বা উপতীব্ৰ ভ্ৰমপূৰ্ণ অৱস্থা,

*বৃদ্ধ বয়সৰ মনোভ্ৰংশ,

*আৰিটোৰিছক্লেৰোটিক চাইকোছিছ।

ইয়াৰ ভিতৰত বিষণ্ণতা ব্যাধিত সঘনে বৃদ্ধসকল ভুক্তভোগী হোৱা দেখা যায়।

স্মৃতিভ্ৰংশৰ অৰ্থ হ’ল মগজুৰ ক্ষতিসাধন স্মৃতিভ্ৰংশৰ মূল কাৰণসমূহ নিউৰোডিজেনেৰেটিভ ৰোগ যেনে-

*আলজাইমাৰ ৰোগ,

*ফ্ৰণ্ট’টেম্পৰেল স্মৃতিভ্ৰংশ,

*লেবী বডীৰ স্মৃতিভ্ৰংশ।

এই ৰোগসমূহৰ দ্বাৰা মগজুৰ কোষসমূহ বিকৃত হোৱাৰ লগতে অতি সোনকালে ব্যক্তি বিশেষক মৃত্যুমুখলৈ থেলি নিয়ে।

মানসিক ৰোগসমূহৰ বিভিন্ন কাৰণ আছে। সেইসমূহ হ’ল সামাজিক, মানসিক বা জৈৱিক কাৰণ। তাৰ ভিতৰত কিছুমান দৈহিক কাৰণ যেনে-

*অয়াড্ৰিনেল গ্ৰন্থিৰ সমস্যা,

*থাইৰয়ড, নিটুইটাৰী বা আন গ্ৰন্থিসমূহ,

*নিম্ন খাদ্যাভ্যাসৰ বাবে হোৱা পুষ্টিজনিত সমস্যা সামাজিক বা অৰ্থনৈতিক নিৰাপত্তাহীনতা আদি কাৰণো মানসিক সমস্যা হ’ব পাৰে।

আনুমানিকভাৱে পৃথিৱীত প্ৰায় ৫০ মিলিয়ন লোক স্মৃতিভ্ৰংশ বা ডিমেনচিয়া ৰোগত আক্ৰান্ত। তাৰে ৬০ শতাংশ লোকে নিম্ন বা মধ্যমীয়া।

উপাৰ্জনক্ষম দেশত বসবাস কৰে। এক সমীক্ষা মতে ডিমেনচিয়াত আক্ৰান্ত লোকৰ সংখ্যা ২০৩০ চনত ৮২ মিলিয়নলৈ আৰু ২০৫০ চনত ১৫২ মিলিয়নলৈ বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে।

সামাজিক আধুনিকীকৰণৰ ফলত পৰিয়ালৰ গঠন দিনক দিনে সলনি হৈছে। ফলস্বৰূপে নিজৰ ঘৰখনতে বয়োজ্যেষ্ঠজনে পাবলগা সন্মান, আদৰ, গুৰুত্ব দিনকদিনে কমি আহিছে।

তেওঁলোকৰ ওপৰত শাৰীৰিক, মৌখিক, মানসিক, অৰ্থনৈতিক বা যৌন উৎপীড়ন আৰম্ভ হ’বলৈ ধৰিছে। প্ৰাপ্ত তথ্য অনুসৰি প্ৰত্যেক ছয়জন বৃদ্ধ ব্যক্তিৰ বিপৰীতে ১ জন ব্যক্তিয়ে নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হয়। যাৰ ফলত তেওঁ দীৰ্ঘম্যাদী মানসিক্সমস্যাত ভুগিবলগা হয়।

মানসিক সমস্যাত ভোগা কালছোৱাত শাৰীৰিক সমস্যাৰ লগতে অন্যান্য মানসিক সমস্যায়ো তেওঁলোকক অতিষ্ঠ কৰি তোলে।

বিশেষকৈ আমাৰ সমাজত পৰিয়ালৰ লোকসকলে এই সমস্যাৰ পৰা নিজকে গা ৱেৰি দিব খোজে বা চিকিৎসকৰ পৰামৰ্শ নলয়। বহুক্ষেত্ৰত পৰিয়ালৰ লোকসকলে বৃদ্ধসকলক ঘৰৰ পৰা বহিষ্কাৰ কৰাত বহু প্ৰমাণ দেখা যায়।

মানসিক সমস্যাৰ গইনা লৈ বহুতে ৰোগীৰ পৰা বহু সুবিধাও আদায় কৰি ল’ব বিচাৰে। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি প্ৰায় ৭৫ শতাংশ মানসিক সমস্যাত ভোগা বৃদ্ধ লোক গাঁও অঞ্চলৰ।

ইয়াৰ প্ৰধান কাৰণ হ’ল- গাঁৱৰ লোকসকলে চহৰৰ লোকসকলতকৈ অধিক শাৰীৰিক কষ্ট কৰিবলগীয়া হয় আৰু সেই আঁঠু, হাত, ডিঙিৰ শাৰীৰিক কষ্ট কেতিয়াবা তেওঁলোকৰ সহ্যৰ বাহিৰ হৈ পৰে। যাৰ বাবে সেই শাৰীৰিক কষ্টই মানসিক কষ্টলৈও ৰূপান্তৰ হ’ব পাৰে।

দিনকদিনে দেশত মানসিক সমস্যাত ভোগা ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছো। ইয়াৰ প্ৰথম কথা আঙুলিয়াব লাগিব যে, দেশত যিমান পৰিমাণৰ মানসিক স্বাস্থ্যৰ বাবে সজাগ হ’ব লাগিছিল, সেই সজাগতাৰ অভাৱ।

দেশত বৰ্তমান মানসিক স্বাস্থ্য যত্নৰ বাবে ২১ মিলিয়ন বয়স্ক লোকৰ বিপৰীতে মনোৰোগ সংখ্যা মাত্ৰ ৪,০০০ জন। তদুপৰি এক পৰ্যবেক্ষণৰ দ্বাৰা এই কথা গম পোৱা গৈছে যে ৪৬.৩ শতাংশ গাঁৱৰ লোকেই বয়স্কসকলৰ বাবে থকা সেৱাৰ উপস্থিতিৰ বিষয়ে অজ্ঞাত।

লগতে প্ৰায় ৯৬ শতাংশ লোকে ‘বয়স্ক কল্যণ সেৱা’ ব্যৱহাৰেই নকৰে। ইয়াৰউপৰি ৫৯ শতাংশ লোকেই মন্তব্য প্ৰকাশ কৰিছে যে, চৰকাৰী সা-সুবিধা ল’বলৈ তেওঁলোকে ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰলৈ যাবলগা হয়।

বৰ্তমান ‘বিশ্ব স্বাস্থ্য সংস্থা’ই বয়স্ক লোকসকলৰ মানসিক স্বাস্থ্য সুনিশ্চিত কৰিবলৈ বিভিন্ন আঁচনি হাতত লৈছে। ২০১৬ চনত বিশ্ব স্বাস্থ্য সমাবেশত বয়স আৰু স্বাস্থ্য সম্পৰ্কীয় বিশ্বব্যাপী কৌশল লোৱা হৈছিল।

ইয়াৰে এক উদ্দেশ্য আছিল বৃদ্ধসকলৰ শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যক গুৰুত্ব দিয়া। মানসিক স্বাস্থ্যৰ ব্যাপক ক্ৰিয়া-কলাপ আঁচনি(২০১৩-২০২০) অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যসকলে সকলো ৰোগীৰ লগতে বৃদ্ধসকলৰ ক্ষেত্ৰতো কিছুমান বিশেষ দিশ যেনে-

*মানসিক ৰোগৰ যত্ন লোৱা,

*মানসিক ৰোগ ৰোধ কৰা,

*আৰোগ্য প্ৰদান কৰা,

*মানৱ অধিকাৰ প্ৰদান কৰা,

*মৃত্যুহাৰ হ্ৰাস,

*ৰোগ আৰু অক্ষমতা দূৰ কৰাৰ বাবে বিশেষভাৱে প্ৰতিজ্ঞাৱদ্ধ হৈছে।

গতিকে বৃদ্ধসকলৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ বাবে ঊৰ্ধ্বতম ক্ষেত্ৰয়ো যথেষ্টখিনি সহায়-সহযোগিতা আগবঢ়াইছে।

কিন্তু মানসিক সমস্যা নিৰ্মূলৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটো হ’ল সকলোৱে মানসিক সমস্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব লাগিব, এই সমস্যা নিৰ্মূলৰ বাবে সঠিক সময়ত ৰোগ নিৰ্ধাৰণ, যত্ন আৰু চিকিৎসাত গুৰুত্ব দিব লাগিব।

তদুপৰি উন্নত মানসিক স্বাস্থ্যৰ বাবে মানসিক ৰোগীসকলৰ জীৱন উন্নত কৰিবলৈ পৰিয়াল, সমাজ তথা দেশবাসী সজাগ হৈ আগবাঢ়ি আহিব লাগিব।

উৎস: সাদিন(অন্বেষা ৰাজকুমাৰী)

শীতকালীন শাক-পাচলি আৰু ফলমূল -

মানুহৰ শৰীৰ আৰু মনৰ পৰিপুষ্টি সাধনৰ বাবে সুষম আহাৰ গ্ৰহণ কৰিব লাগে। সুস্বাস্থ্যৰ বাবে প্ৰতিদিনে প্ৰধান খাদ্যতালিকাত সুষম আহাৰক গুৰুত্ব দিব লাগে। এনে আহাৰবোৰৰ ভিতৰত বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূলৰ অৰিহণা উল্লেখযোগ্য। কাৰণ এইবোৰে মানুহৰ সুস্বাস্থ্য অটুট ৰখাত সহায় কৰে।

উল্লেখযোগ্য যে, এইবোৰত নানাবিধ ভিটামিন, খনিজ লৱণ আৰু সামান্য শৰ্কৰা থকাৰ বাবে শৰীৰে সহজে গ্ৰহণ কৰিব পাৰে।

নানাবিধ ভিটামিনৰ অভাৱৰ প্ৰতিশ্ৰুতিত মানুহে নানা ৰোগত আক্ৰান্ত হৈ পৰে। উদাহৰণস্বৰূপে ভিটামিন ‘এ’ৰ অভাৱত মানুহৰ চকুপানীৰ গ্ৰন্থি শুকাই গৈ কুকুৰিকণা হ’ব পাৰে। ভিটামিন ‘চি’ৰ অভাৱ হ’লে দাঁতৰ পৰা তেজ ওলায় আৰু দাঁতৰ আলু ফুলি বিষ হয়। ‘ৰাইব’ক্লেভিন’ৰ অভাৱ হ’লে ওজন কমি যায়, ভোক নাইকিয়া হয়। তদুপৰি মানৱ দেহৰ পৰিপুষ্টিৰ বাবে-

*কেলছিয়াম,

*ফছফৰাছ,

*লৌহ পদাৰ্থ,

*খনিজ লৱণ আদিৰো অতি প্ৰয়োজন।

কাৰণ হাড় আৰু দাঁতৰ গঠন শক্তিশালী কৰি তোলাত কেলছিয়ামৰ অৰিহণা অন্যতম। তেজৰ হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধিত লৌহ পদাৰ্থৰ অৰিহণা অন্যতম। মানুহৰ শৰীৰত হোৱা নানা ধৰণৰ মুক্ত মৌলই শৰীৰৰ কোষৰ অনিষ্ট সাধন কৰি শৰীৰক ৰোগাক্ৰান্ত কৰি তোলে। কিন্তু ফলমূল আৰু শাক-পাচলিত থকা জৈৱ ৰাসায়নিক পদাৰ্থ ক্লেভেইনডবোৰে এনেবোৰ অনিষ্টকাৰী মুক্ত মৌলক সম্পূৰ্ণৰূপে ধ্বংস কৰি শৰীৰক এলাৰ্জি, কৰ্কট আৰু বিভিন্ন ধৰণৰ ভেঁকুৰৰ পৰা হোৱা ৰোগক প্ৰতিৰোধ কৰিব পাৰে।

তদুপৰি বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূল উচ্চ ৰক্তচাপ, বহুমূত্ৰ, হৃদৰোগ আদিৰ অন্যতম মহৌষধ। সেয়ে আমাৰ দৈনন্দিন আহাৰত নিয়মীয়াকৈ এন্টি-অক্সিডেন্ট, বিটা কেৰ’টিন, ভিটামিন ‘এ’, ‘বি’, ‘চি’, ‘ডি’, ‘ই’যুক্ত শাক-পাচলি-ফলমূল আদি থকাটো নিতান্তই প্ৰয়োজনীয়।

লেখক: ঘনশ্যাম দাস(সাদিন)