মানুহৰ জীৱনত ৰোগ, শোক, জৰা, মৃত্যু আছেই। ইয়াৰ ভিতৰত মৃত্যু এটি অনিবাৰ্য অধ্যায়। কাৰণ জীৱৰ জন্ম হ’লে এদিন মৃত্যু হ’বই, কিয়নো ‘জয়কালত ভয় নাই, মৃত্যুকালত ঔষধ নাই’। কিন্তু সেইবুলি বিশেষকৈ ৰোগ আৰু শোকৰ পৰিত্ৰাণ পাবলৈ প্ৰথমেই লাগিব এটি সুস্থ পৰিৱেশ, মনৰ আনন্দ আৰু ব্যস্ততাপূৰ্ণ জীৱন। কাৰণ ব্যস্ততাই মানুহক দুখ, ভাগৰ, আলস্য আদি নানা অপ্ৰয়োজনীয় বিষৰ পৰা আঁতৰাই ৰাখে। কিয়নো ব্যস্ততাই মানুহক সকাহ দিয়ে, তদুপৰি স্বাস্থ্য ভালে ৰখাত সহায় কৰে। অৱশ্যে এই ব্যস্ততাৰ মাজতো শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক দিশৰ প্ৰতি সচেতন হোৱাটো অতি জৰুৰী। আধ্যাত্মিকতাই মানসিকভাৱে সুস্থিৰ কৰি ৰাখে। তেতিয়াই মানুহে বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। বিশেষকৈ খোৱা-বোৱা, পিন্ধা-উৰা, ফুৰা-চকা, টোপনি এই সকলোবোৰ নিয়ম-শৃংখলা হোৱা উচিত। কোনো বিষয়ৰ অতিমাত্ৰাটো বৰ্জন কৰা ভাল। স্বাস্থ্য পৰম ধন। অৰ্থাৎ দেহা থাকিলেহে বেহা। গতিকে এই দেহাটো সুস্থ কৰি ৰাখিবলৈ কিছু শাৰীৰিক, মানসিকভাৱে দৈনন্দিন পৰিশ্ৰমৰ প্ৰয়োজন। কিন্তু আজিৰ মানুহে পৰিশ্ৰমৰ যোগেদি আনন্দ উপভোগ কৰিব নাজানে আৰু আনকো দিব নিবিচাৰে। ইয়াৰ পৰিণতিত মানুহে অসুখী অনুভৱ কৰে আৰু তেতিয়াই ব্যক্তিৰ কোনো এক ৰোগৰ সৃষ্টি হ’ব পাৰে। সেয়ে মানুহে ইজনে সিজনৰ প্ৰতি মৰম, শ্ৰদ্ধা, ভক্তি, আন্তৰিকতা আচৰণে ব্যক্তিৰ মনৰ লগতে স্বাস্থ্য ভালে থকাতো বহুখিনি সহায় কৰে। অতীতৰ তুলনাত বৰ্তমান মানুহে সহজেই কৰিব পৰা ঘৰুৱা কৰ্মসমূহৰ প্ৰতিও অনীহা প্ৰকাশ পোৱাটো পৰিলক্ষিত। ইয়াত চহৰ-নগৰ বুলি কথা নাই, সকলোতেই আধুনিকতাই গা-কৰি উঠিছে। ইয়াৰ পৰিণতিতেই যে নানা ধৰণৰ ৰোগৰ সৃষ্টি হৈ মানুহ অকালতে শয্যাগত আনকি মৃত্যু পৰ্যন্ত হোৱাও দেখা যায়। পৰ্যাপ্ত অৰ্থ উপাৰ্জনৰ দ্বাৰা নানা বৈদ্যুতিক যন্ত্ৰ ব্যৱহাৰ কৰি বহুতো কৰ্ম সমাধা কৰিবলৈ ল’লে। নিজৰ হাত-ভৰি, শাৰীৰিক-মানসিক আদি দিশত আমি নিজেই অক্ষমতা অৰ্জন কৰি লৈছো, গতিকে আমাৰ অকালতে দেহত ৰোগৰ সৃষ্টি হোৱাটো স্বাভাৱিক। অৱশ্যে সকলোৱে এনেবোৰ সুবিধাৰ দ্বাৰা উপকৃত হোৱাৰ চেষ্টা নকৰে যদিও বহুসংখ্যকৰ ক্ষেত্ৰতেই দেখা যায়- এও এক ফেশ্বনত পৰিণত হৈছে। বৰ্তমান প্ৰায়ভাগেই বনকৰা মানুহৰ পৰাহে ঘৰৰ যাৱতীয় কাম আদায় কৰে। আজিৰ মানুহে পৰিশ্ৰমৰ নামত আনকি নিজৰ বাৰীখনৰ পৰাও শাক এডাল আনি খাবলৈ ইচ্ছা নকৰে, বিধে-বিধে শাক-পাচলিৰ খেতি কৰাটো দূৰৰে কথা, ইয়াৰ পৰিৱৰ্তে বজাৰৰ নানা ঔষধ প্ৰয়োগ কৰা শাক-পাচলিৰেই ঘৰ ভৰি থাকে। আজিৰ মানুহে সকলো ক্ষেত্ৰতে ধনেই সৰ্বস্ব বুলি ভাবে, কিন্তু ধন-সম্পদ সেইদৰেই থাকিব, মানুহৰ জীৱনহে ক্ষন্তেকীয়া। নিজ হাতেৰে কাম কৰাৰ আনন্দ আৰু আনৰ দ্বাৰা উপকৃত হোৱা আনন্দৰ মাজত বহু পাৰ্থক্য থাকে। জ্যেষ্ঠসকলে সকলো প্ৰয়োজনীয় কৰ্মৰ প্ৰতি আগ্ৰহী হৈ সজ গুণেৰে, সজ উপদেশৰ ব্যক্ত হ’ব পাৰিলে, উঠি অহা প্ৰজন্মৰো জীৱনত সেই প্ৰভাৱ পৰাটো নিশ্চিত আৰু তেওঁলোক এটি সুস্বাস্থ্যৰো গৰাকী হৈ উঠিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা হোৱাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ সকলো ফালৰ অসুস্থ পৰিৱেশেও মানুহক পংগু কৰি তোলে। শেষত ইয়াকে কওঁ, কিছু প্ৰাথমিক চিকিৎসা, কঠোৰ পৰিশ্ৰম, মনৰ আনন্দ আৰু মনৰ দৃঢ়তাই সুখী আৰু নিৰোগী কৰি ৰখাত বহু পৰিমাণে অৰিহণা যোগায়। (উৎসঃ অসমীয়া খবৰ, বিৰজা পূজাৰী)।