অহংভাব নাৰাখিব: তুমি কিয় এনে কৰিলা, মোক নুসুধিলা কিয়! তাৰমানে ঘৰখনত মোৰ একো মূল্যই নাই নেকি বা তুমি মোক ইয়াৰ বাবে যোগ্য বুলিয়ে নাভাবা নেকি! আচলতে তোমাৰ মোৰ প্ৰতি আপোন ভাবেই নাই! আচলতে তোমাৰ মোৰ প্ৰতি আপোন ভাবেই নাই্! ইত্যাদি ধৰণৰ প্ৰশ্ন যেতিয়া আমি জীৱন সংগীক কৰোঁ, তেতিয়া বুজিব লাগিব ইয়াৰ আঁৰৰ কাৰণ হৈছে, আমাৰ অহংভাব। অহংভাবক প্ৰশ্ৰয় দিলে ক’ব নোৱাৰাকৈয়ে এনে এক অভ্যাস গঢ়ি উঠে। সুস্থ সম্বন্ধৰ মাজত ইয়াত স্থান একেবাৰে নাথাকে। অহংভাব দূৰ কৰি সম্বন্ধটোক সতেজ কৰাৰ প্ৰয়াস কৰক। জীৱন সংগীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক: যদি আপুনি সুখী দাম্পত্য জীৱনৰ কামনা কৰিছে, তেনেহ’লে জীৱন সংগীক অনুভৱ কৰাওক যে তেওঁ আপোনাৰ বাবে মহত্ত্বপূৰ্ণ। এনে স্থলত যিকোনো জৰুৰী সিদ্ধান্ত লোৱাৰ সময়ত তেওঁৰো মতামত অৱশ্যেই লওকি। যদি আপোনি জীৱন সংগীৰ কথা বা পৰামৰ্শক একো মূল্যই নিদিয়ে অথবা সদায় শেষ সিদ্ধান্ত আপোনাৰ হোৱাটোৱে বিচাৰে, তেন্তে নিশ্চিতভাৱে আপোনাৰ বৈবাহিক জীৱনৰ সন্তুলন হেৰাই যাব। জীৱন সংগীৰ বিচাৰ-বিবেচনাকো সিমানেই গম্ভীৰভাৱে গ্ৰহণ কৰক, যিমান আপোনাৰ বিচাৰক গুৰুত্ব দিয়ে। জীৱন সংগীৰ কথা শুনাৰ বাবে কিছু সময় উলিয়াওক আৰু তেওঁক এইটো অনুভৱ কৰাওক যে আপুনি তেওঁৰ খাতিৰ কৰে। হাঁহি-সফূৰ্তিৰ ভাগ দিয়ক: প্ৰাণখোলা হাঁহিয়ে আপোনাৰ সম্বন্ধটো অধিক সুদৃঢ় কৰি তুলিব। যদি আপোনাৰ জীৱন সংগীয়ে কোনো কথা হাঁহে আৰু তেওঁৰ সতে আপুনিও হাঁহে, তেতিয়া সেই সম্বন্ধ অধিক সুখানুভূতিপূৰ্ণ হয়। কিন্তু জীৱন সংগীৰ হাঁহিৰ স’তে দিব নিবিচৰা দম্পতীৰ ক্ষেত্ৰত এনে নহয়গৈ। জীৱন সংগীৰ লগত মুকলিভাৱে হাঁহিব পাৰিলে সম্বন্ধটো বেছি গভীৰ হয় আৰু আপোনত্ব বা নিকট সান্নিধ্য বঢ়োৱাৰ ক্ষেত্ৰত ই এক মহৌষধস্বৰূপ। জীৱন সংগীৰ কথা-বতৰাক গুৰুত্ব দিয়ক: নিজৰ সংগীজনৰ কথা শুনাটো এটা ভাল অভ্যাস। দিনটোৰ কাৰ্যক্ৰমৰ বিষয়ে জীৱন সংগীয়ে কোৱা কথাখিনি মনোযোগেৰে শুনক। সেই সময়ত আপুনি অন্য চিন্তাত বিভোৰ হৈ নাথাকিব। জীৱন সংগীয়ে আপোনাক উদ্দেশ্যি যিখিনি কথা কয়, সেইখিনিৰ প্ৰতি সন্মান জনাব। কথা-বতৰা হৈ থকাৰ সময়ত মোবাইল ফোনটো দূৰত ৰাখিব। কেতিয়াবা একোটা উত্তেজনাপূৰ্ণ দিন পাৰ কৰি অহাৰ পিছত জীৱন সংগীয়ে মনৰ কথা পাতিবলৈ এগৰাকী ব্যক্তিৰ প্ৰয়োজন অনুভৱ কৰে। এটো মনত ৰাখিব। একেলগে আহাৰ গ্ৰহণ কৰক: দাম্পত্য জীৱনত পতি-পত্নী এখন গাড়ীৰে এনে দুটি চকা, য’ত এজন নিৰস হ’লেই জীৱন স্থবিৰ হৈ পৰে। এই কাৰণতে নিজৰ ব্যস্ত জীৱনৰপৰা কেইটিমান ক্ষণ ইজনে-সিজনক দিয়ক। ইয়াৰ বাবে মাজে-সময়ে পাকঘৰত জীৱন সংগীৰ স’তে মিলি আহাৰ প্ৰস্তুত কৰক। দুয়োৱে মিলিজুলি আহাৰ ৰন্ধাৰ পিছত একেলগে বহি খোৱাৰ আনন্দই হ’ব সুকীয়া। প্ৰশংসা কৰক/ধেমালি কৰক: আপোনাৰ বিবাহৰ বহু বছৰ পাৰ হৈ গ’লেও ধেমালি কৰিবলৈ নেৰিব। তেওঁক ক’বলৈ নাপাহৰিব যে তেওঁক আপোনাৰ আগৰ নিচিনাই ভাল লাগে আৰু জোকোৱা বা ধেমালি কৰাৰ ফলত যদি কিছুমান সু-অভ্যাস গঢ়ি উঠে, তেতিয়া সময়বোৰ অধিক উপভোগ্য হয়। প্ৰশংসা বা ধেমালি এনে এক কলা, যিয়ে দম্পতীৰ মাজত প্ৰেম ভাব বঢ়াই তুলিব পাৰে। ধেমালিয়ে ব্যক্তিৰ মনৰ হতাশা, উদ্বিগ্নতাও কমায়। আজিকালি যন্ত্ৰ সদৃশ জীৱনৰ বাটত এই ধৰণৰ হতাশা দূৰ কৰিব পৰা অস্ত্ৰৰ বহুত প্ৰয়োজন। বিবাহিত স্বামী-স্ত্ৰীয়ে যেতিয়া এজনে আনজনৰ লগত ধেমালি কৰে বা উভয়ে উভয়ক প্ৰশ্ংসা কৰে, তেতিয়া আমনিদায়ক বিবাহিত জীৱনলৈ পুনৰ সজীৱতা আহে। মতামত প্ৰকাশ কৰক: যদি আপোনাৰ জীৱন সংগীয়ে আপুনি হয় বুলিলে হয় বুলি কৈ থাকে আৰু নিজস্ব মতামত প্ৰকাশ নকৰে, তেন্তে জানিব- এয়া সু-অভ্যাস নহয়। একেটা কথাৰ প্ৰতিয়ে দুয়োৱে নিজস্ব মতামত প্ৰকাশ কৰা দৰকাৰ। আনহাতে, প্ৰত্যেকটো কথাতে দুয়োৰে নিৰ্ণয় এটাই হোৱা উচিত। পিছে কেৱল এজনেই হুকুম চলাই থাকিলে সম্বন্ধটোৰ দূৰত্ব বাঢ়িহে যায়। সকলো কথাতে তৰ্ক-বিতৰ্ক কৰাও ঠিক নহয়। কেৱল আপোনাৰ কথাকে শুনি ৰওক, জীৱন সংগীৰ কথাক কোনো মূল্যই দিয়া নহওক- এনে অভ্যাস এৰাই চলক। অৱসৰ বিনোদন কৰক: যিকোনো এটি সম্বন্ধ দীৰ্ঘদিনলৈ অটুট ৰখাৰ বাবে এইটো জৰুৰী যে তাৰ মাজত নিৰসতাক সমূলি স্থান নিদিব। ইয়াৰ বাবে সম্বন্ধটোৰ মাজত প্ৰেম আন্তৰিকতাৰ ভাব ৰখা উচিত। কোনো সময়ত হঠাতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব লাগে। অকস্মাৎ অফিচৰপৰা সোনকালে ঘৰলৈ আহি যিদৰে জীৱন সংগীক আচৰিত কৰি তোলে, ঠিক একেদৰে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰি জীৱন সংগীক আনন্দিত কৰিবও পাৰে। আমনিদায়ক স্থিতি দূৰ কৰিবলৈ কথা-বতৰা গভীৰ কৰি তোলক, যাৰ ফলত জীৱন সংগীয়ে আপোনাৰ প্ৰতি ৰুচি দেখুৱাব তথা উৎসাহেৰে কথা-বতৰাত আগভাগ ল’ব বিচাৰিব। কোনো ৰোমান্টিক ছবি চোৱাৰ পৰিকল্পনা কৰক। নিকট সান্নিধ্য গঢ় তোলাৰ বাবে মাজে-সময়ে জীৱন সংগীৰ ভাল লগা ঠাইলৈ ‘ডিনাৰ’ কৰিবলৈ যাব পাৰে। লেখিকা: ৰীণা দেৱী(দৈনিক অসম)