মগজুৰ স্মৃতিশক্তি আৰু বিস্মৃতি মানে কি ? আমাৰ শৰীৰৰ চকু, কাণ, নাক, ছাল আৰু জিভা- এই পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা বিভিন্ন উৎসৰ পৰা সংগৃহীত তথ্য মগজুত কেন্দ্ৰীভূত বা জমা হয়। মগজুৱে এনে তথ্যবোৰ জমা কৰি ৰাখিব পৰা আৰু উপযুক্ত সময়ত বিচাৰি উলিয়াব পৰা শক্তিক স্মৃতিশক্তি বোলে। আকৌ বিভিন্ন কাৰণত মগজুৰ স্মৃতিশক্তি বিলুপ্ত বা দুৰ্বল হোৱাকে বিস্মৃতি বোলে। বিস্মৃতিয়ে স্মৃতিশক্তিৰ বিপৰীতে কাম কৰে। স্মৃতিশক্তি বিলুপ্তিৰ কাৰণ কি ? অপুষ্টিকৰ খাদ্য খোৱা বা পুষ্টিহীনতাত ভোগা। মগজুত আঘাতপ্ৰাপ্ত হ’লে। মানসিকভাৱে খুব বেছি আঘাত পালে বা মনত দুঃচিন্তা বেছি হ’লে। সাময়িকভাৱে শৰীৰ দুৰ্বল হ’লে। দীৰ্ঘদিন ধৰি কোনো দুৰাৰোগ্য ৰোগত ভুগি থাকিলে। বীৰ্যস্খলন আৰু অত্যধিক ৰজঃক্ষৰণ হ’লে। ধূমপান আৰু মদ্যপান কৰিলে। অধিক পৰিমাণে চেনি জাতীয় খাদ্য খালে। প্ৰয়োজনতকৈ অধিক ঔষধ সেৱন, ঔষধ ভুলকৈ ব্যৱহাৰ কৰিলে। হিষ্ট’ৰিয়া বা স্বপ্নৰোগত ভুগিলে। উচ্চ চৰ্বিযুক্ত আৰু উচ্চ কেলৰিযুক্ত খাদ্য দৈনিক খালে। বয়স বৃদ্ধি (বৃদ্ধ অৱস্থা)ৰ লগে লগে স্বাভাৱিকভাৱে স্মৃতিশক্তি হ্ৰাস পায়। আমি কেনেদৰে স্মৃতিশক্তিৰ বিকাশ ঘটাব পাৰোঁ- আজিকালি স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে কিছুমান আয়ুৰ্বেদিক ঔষধ, হোমিঅ’পেথিক ঔষধ, এলোপেথিক ঔষধ, য়ুনানি ঔষধ আৰু দোকানত সহজলভ্য বিভিন্ন পেকেজিং খাদ্য নিয়মিতভাৱে খোৱা দেখা যায়। কিন্তু এইবোৰে খুব কম পৰিমাণে কাচিৎহে স্মৃতিশক্তি বিকাশৰ ওপৰত প্ৰভাৱ পেলায়। কোনো ৰসায়ন ব্যৱহাৰ কৰি মগজুৰ স্মৃতিশক্তিক স্থায়ীভাৱে বিকাশ ঘটাব নোৱাৰি। ইয়াৰ বাবে প্ৰয়োজন হয় প্ৰকৃতিৰ মুকলি পৰিৱেশত বসবাস কৰা, প্ৰাকৃতিক চিকিৎসা গ্ৰহণ, দৈনিক প্ৰকৃতিৰ পৰা উপলব্ধ পৰিপূৰক পুষ্টিকৰ খাদ্য গ্ৰহণ। ইয়াৰ বাহিৰেও স্মৃতিশক্তি বঢ়াবলৈ মনৰ স্থিৰতা ধৰি ৰাখি নিজৰ পৰিয়াল, বন্ধুবৰ্গৰ সৈতে হাঁহি-ধেমালিৰে সহানুভূতি বৰ্তাই ৰখা। দুশ্চিন্তামুক্ত জীৱন, ভিটামিন ‘বি’ৰ সঠিক প্ৰয়োগ, আয়’ডিনযুক্ত খাদ্য খোৱা অধিক পৰিমাণত চেনি সেৱন নকৰা আদি দিশবোৰৰ প্ৰতি গুৰুত্ব দিব লাগে। দৈনিক পুৱা-গধূলি প্ৰাৰ্থনা আৰু ধ্যান কৰা, শিশু গ্ৰন্থ, ভক্তি আধাৰিত গ্ৰন্থ, বাতৰিকাকত আদি পঢ়া কোলাহল বা অধিক হাই-উৰুমিপূৰ্ণ সংগীত শুনাৰ পৰা বিৰত থাকি মৃদু আৰু কোমল সংগীতৰ মূৰ্ছনাক মিউজিক থেৰাপী হিচাপে ব্যৱহাৰ কৰি আমাৰ মগজুৰ স্মৃতিশক্তি দীৰ্ঘস্থায়ী কৰিব পাৰোঁ। স্মৃতিশক্তি বিকাশত যোগ আৰু প্ৰাকৃতিক চিকিৎসাই মগজুৰ ওপৰত কিদৰে ক্ৰিয়া কৰে- প্ৰায় ১৫০০ গ্ৰাম ওজন আৰু ১৪০০ ঘন ছেণ্টিমিটাৰ আয়তনৰ মগজু বা মস্তিষ্কই হ’ল আমাৰ স্মৃতিশক্তিৰ মূল কেন্দ্ৰস্থল। ই অসংখ্য সূক্ষ্ম সূক্ষ্ম কোষ আৰু নিউৰনৰ দ্বাৰা গঠিত। মগজুৰ কোষ আৰু নিউৰনসমূহৰ দ্বাৰাই শৰীৰৰ সকলো কাম পৰিচালিত হয়। মগজুৰ বাহিৰে শৰীৰৰ কিছুমান ঠাইত কোষবোৰ মৰি গলে তাৰ ঠাইত পুনৰ নতুন কোষ প্ৰতিষ্ঠাপিত হয়। কিন্তু মগজুৰ ক্ষেত্ৰত কোষসমূহ এবাৰ মৰি গ’লে তাৰ ঠাইত পৰিপূৰক কোষৰ সৃষ্টি নহয়। গতিকে মগজুৰ প্ৰতিটো কোষ আৰু নিউৰন সজীৱ হৈ থাকিলেহে ই সঠিকভাৱে কাৰ্য পৰিচালনা কৰিব। ইয়াৰ বাবে প্ৰয়োজন হয় মগজুৰ সঠিক পৰিপুষ্টি। মগজুলৈ অহৰহ বিশুদ্ধ তেজ (অক্সিজেনযুক্ত), ভিটামিন বি, খনিজ পদাৰ্থ আদিৰ সঠিক পৰিবহণেই হ’ল মগজুৰ পৰিপুষ্টি। স্মৃতিশক্তি বিকাশৰ বাবে দৈনিক অভ্যাস কৰিবলগীয়া মুদ্ৰা, আসন আৰু প্ৰাণায়াম বিৱৰণ ১ম পৰ্যায় (৭ দিন) ২য় পৰ্যায় (১৫ দিন) ৩য় পৰ্যায় (২২ দিনৰ পিছৰ পৰা) জ্ঞান মুদ্ৰা ৩ মিনিট ৫ মিনিট ১০-১৫ মিনিট পদ্মাসন ৩ মিনিট ৫ মিনিট ১০-১৫ মিনিট অনুলোম-বিলোম ৩ মিনিট ৫ মিনিট ১০-১৫ মিনিট ভ্ৰামৰী ৫ বাৰ ১০ বাৰ ১৫ বাৰ স্মৃতিশক্তি বৰ্ধক প্ৰাণায়াম ৩ বাৰ ৫ বাৰ ৮ বাৰ সৰ্বাংগাসন ১ বাৰ ২ বাৰ ২ বাৰ মৎস্যাসন ১ বাৰ ২ বাৰ ২ বাৰ যোগনিদ্ৰা ৫ মিনিট ১০ মিনিট ১৫-৩০ মিনিট যোগাসন আৰু প্ৰাণায়ামৰ দ্বাৰা মগজুলৈ যোৱা বিশুদ্ধ তেজৰ সোঁত বৃদ্ধি পায়। যাৰ বাবে মগজুৱে সঠিক পৰিমাণত অক্সিজেন, ভিটামিন আৰু খনিজ পদাৰ্থসমূহ লাভ কৰে। মগজুৰ কোষসমূহত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড সহজে নিষ্কাশন হয়। ধ্যান আৰু প্ৰাণায়ামে মগজুৰ ক্ষতিকাৰক পদাৰ্থ ষ্টেৰইডবোৰ উৎপন্ন হোৱাত বাধা দিয়ে। নিয়মিত আসন, প্ৰাণায়াম আৰু প্ৰাকৃতিক চিকিৎসাই মগজুৰ নিউৰনসমূহ সবল আৰু সক্ৰিয় কৰি ৰাখে। আমাৰ মগজুটো প্ৰধানতঃ তিনিটা অংশত বিভক্ত। প্ৰ-মস্তিষ্ক, মধ্যমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। যোগ প্ৰাণায়ামৰ দ্বাৰা প্ৰ-মস্তিষ্কত অৱস্থিত চেৰিব্ৰাম অংশক অধিক সক্ৰিয় কৰি আমাৰ চিন্তা, অনুভূতি, ইচ্ছা, বিচাৰ-বিবেক, স্মৃতিশক্তি আদি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আকৌ প্ৰ-মস্তিষ্কৰ তলতে অৱস্থিত মধ্য মস্তিষ্কৰ হাইপ’থেলামাছ অংশৰ সহায়ত অতি প্ৰয়োজনীয় পিটুইটেৰী গ্ৰন্থিৰ সকলো কাম নিয়ন্ত্ৰণ কৰিব পাৰোঁ। পশ্চাৎ মস্তিষ্কত অৱস্থিত চেৰিবেলাম অংশক সক্ৰিয় কৰি শৰীৰৰ ঐচ্ছিক কাৰ্যবোৰ সঠিকভাৱে পৰিচালনা কৰি ৰাখিব পাৰোঁ। (উৎসঃ নিয়মীয়া বাৰ্তা, ৰংমন ৰংদৈ, ফোনঃ ৯৮৬৪১-৬৯৯০৯)।