প্ৰতিবছৰে অক্টোবৰ মাহত স্তন কেঞ্চাৰৰ লগত জড়িত আমেৰিকাৰ দাতব্য অনুষ্ঠানসমূহে এই ৰোগৰ সজাগতা বৃদ্ধিৰ প্ৰচাৰ, গৱেষণা, ৰোগবিধৰ চিনাক্তকৰণ, প্ৰতিৰোধ, চিকিৎসা তথা আৰোগ্যৰ বাবে দান-বৰঙণি সংগ্ৰহ কৰে। সেয়েহে অক্টোবৰ মাহটোক স্তন কেঞ্চাৰ সজাগতা মাহ বুলি কোৱা হয়। ১৯৮৫ চনতে আমেৰিকান কেঞ্চাৰ ছ’চাইটী আৰু ইম্পিৰিয়েল কেমিকেল ছচাইটীৰ ফাৰ্মাচিটিউকেল ডিভিজনৰ মাজত অংশীদাৰিত্বৰ চুক্তিত প্ৰতিষ্ঠা কৰা হয় “নেশ্যনেল ব্ৰেষ্ট কেঞ্চাৰ মান্থ” (এন বি চি এম)। যিহেতু মেমোগ্ৰামৰ দ্বাৰা প্ৰাৰম্ভিক স্তৰতে স্তন কেঞ্চাৰ ধৰা পেলাব পাৰি, সেয়েহে আৰম্ভণিৰে পৰা এন বি চি এম-এ মেমোগ্ৰামক স্তন কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ সবাতোকৈ শক্তিশালী অস্ত্ৰৰূপে থিয় কৰোৱাৰ বাবে পৃষ্ঠপোষকতা কৰি আহিছে। আমাৰ ভাৰতবৰ্ষতো অক্টোবৰ মাহটো স্তন কেঞ্চাৰৰ সজাগতা মাহৰূপে মানুহৰ মাজত এই ৰোগ সম্বন্ধে জ্ঞান বিলাবলৈ এক অভিযান চলোৱা হয়। এই ৰোগ ইমানেই বৃদ্ধি পাইছে যে ই এক সাধাৰণ ৰোগৰ দৰে হৈ পৰিছে। বৰ্তমান সময়ত ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে এই ৰোগ এক ভয়াবহ সমস্যাৰূপে থিয় দিছে। পিছে স্তন কেঞ্চাৰ ভয়াবহ ৰূপে বৃদ্ধি পালেও যুৱতী-মহিলাসকলৰ মাজত সজাগতা আনিব পাৰিলেই আৰম্ভণিতে ৰোগ ধৰা পেলাই চিকিৎসাৰ দ্বাৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পাৰি। পলম হ’লেই এই ৰোগ শৰীৰৰ অন্যান্য অংগ-প্ৰত্যংগলৈ বিয়পিব পাৰে আৰু জীৱনৰ বাবে শংকা কঢ়িয়াই আনিব পাৰে। জানিব পৰা গৈছে যে ভাৰতৰ অন্যান্য ৰাজ্যৰ নগৰ-চহৰৰ তুলনাত অসমৰ নগৰ-চহৰসমূহত স্তন কেঞ্চাৰ ভয়াবহভাৱে বৃদ্ধি পাব ধৰিছে। শতকৰা ৬৮ ভাগ যুৱতী মহিলাই এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে বুলি চিকিৎসকসকলে প্ৰকাশ কৰিছে। তদুপৰি বেছিভাগ আক্ৰান্তৰে বয়স ৫০ বছৰৰ তলৰ। অৱশ্যে বয়সীয়াসকলৰ মাজতো এই ৰোগ বৃদ্ধি পাইছে যদিও কম বয়সীয়াসকলৰ মাজত এই ৰোগে অধিক আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। সেয়েহে আহক স্তন কেঞ্চাৰৰ লক্ষণসমূহ জানি লওঁ আৰু আৰম্ভণিতে ৰোগ ধৰা পেলাই চিকিৎসাৰ দ্বাৰা আৰোগ্য লভি এক কেঞ্চাৰমুক্ত জীৱন যাপনৰ বাবে আনকো সজাগ কৰি তোলোঁ। স্তন কেঞ্চাৰৰ লক্ষণসমূহ- স্তন কেঞ্চাৰ চাৰিওকাষৰ অংশত নাইবা কাষলতিৰ তলত কোনো গোটা বা ডাঠ অংশ থাকিলে। স্তনৰ মূৰৰ পৰা কোনো জুলীয়া পদাৰ্থ ওলালে বা স্তনৰ মূৰটো কোমল বা দুৰ্বল হ’লে। হঠাতে হোৱা স্তনৰ আকাৰ-আকৃতিৰ পৰিৱৰ্তন অৰ্থাৎ স্তন আগতকৈ ডাঙৰ বা সৰু হৈ পৰা। স্তন আৱৰি ৰখা ছালত পোটোকা পৰা বা গাঁতৰ দৰে হোৱা, ছাল কোঁচ খোৱা বা কমলা টেঙাৰ বাকলিৰ দৰে হোৱা। স্তন বা স্তনৰ মূৰত গৰম অনুভৱ হ’লে, ফুলি উঠিলে বা ৰঙা পৰাটো। হঠাতে স্তনৰ মূৰ স্তনৰ ভিতৰলৈ সোমাই গ’লে বা মূৰ ভাঁজ খোৱাটো। উক্ত লক্ষণসমূহৰ যিকোনো এটা চকুত পৰিলেই ভয় নাখাই বা অৱহেলা নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যক। ইয়াৰ উপৰি প্ৰতিগৰাকী ১৮ৰ পৰা ২০ বছৰৰ ওপৰৰ যুৱতী-মহিলাই কোনো চিকিৎসকৰ কাষলৈ নোযোৱাকৈ স্তনৰ নিজে কৰা পৰীক্ষাৰ দ্বাৰা স্তনৰ যিকোনো পৰিৱৰ্তন ধৰা পেলাব পাৰে, যিটো হয়তো স্তন কেঞ্চাৰৰ চিন বা লক্ষণ হ’বও পাৰে। এই পৰীক্ষা কিদৰে কৰিব আৰু স্তন কৰ্কট সম্বন্ধীয় বিভিন্ন তথ্য আৰু অভিজ্ঞতাৰ ভিত্তিত “দুঃসময়ৰ দিনলিপিঃ এগৰাকী স্তন কৰ্কট ৰোগীৰ কথাৰে” শীৰ্ষক মোৰ গ্ৰন্থ এখন শেহতীয়াভাৱে প্ৰকাশ পাইছে। গ্ৰন্থখনৰ দ্বাৰা মহিলাসকল বিশেষভাৱে উপকৃত হ’ব বুলি মই আশাবাদী। গ্ৰন্থখন পোৱা যাব ভবানী বুকছ, ইউ বি প্লাজা, প্ৰথম মহলা পাণবজাৰ, গুৱাহাটীত। (উৎসঃ নিয়মীয়া বাৰ্তা, লেখিকাঃ কুঞ্জলতা মেধী, ফোনঃ ৯৯৫৪৪-৮৫৬৭৬)।