যদি পৰিয়ালৰ কোনো আত্মীয়ই ডিম্বাশয় বা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে, তেন্তে মহিলাগৰাকীৰ এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব।ডিম্বাশয়(অ’ভেৰী) মহিলাৰ প্ৰব্ৰজন যন্ত্ৰৰ এটা অংগ। মহিলাৰ শৰীৰৰ তলপেটত জৰায়ুৰ(ইউটেৰাছ) দুইফালে দুটা ডিম্বাশয় থাকে। ডিম্বাশয় দেখাত বগা আৰু আকাৰত এটা চীনাবাদামৰ সমান। ডিম্বাশয় মহিলাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ অংগ। প্ৰতিমাহতে ডিম্বাশয়ৰ এটা ডিম্বাণু (এগ) উৎপন্ন হয়। এই ডিম্বাণু পুৰুষৰ শুক্ৰকীটৰ(স্পাৰ্ম) লগত মিলিলে মহিলাই গৰ্ভধাৰণ কৰে। ইয়াৰ উপৰি ডিম্বাশয়ৰ পৰা হৰম’ন উৎপন্ন হয় যি মহিলাৰ শৰীৰৰ গঠন নিয়ন্ত্ৰণ কৰে। এই হৰম’নবোৰেই মহিলাৰ ঋতুস্ৰাৱ আৰু গৰ্ভ অৱস্থা নিয়ন্ত্ৰণ কৰে। ঋতুস্ৰাৱ বন্ধ হোৱাৰ পাছত ডিম্বাশয়ৰ আকাৰ সৰু হৈ যায় আৰু হৰ’মনবোৰো কমি আহে।

ডিম্বাশয়ৰ কৰ্কট ৰোগ -

ডিম্বাশয়ৰ কৰ্কট ৰোগ এটা ভয়ংকৰ ৰোগ। স্ত্ৰীৰোগৰ আনবোৰ কৰ্কট ৰোগ যেনে- জৰায়ু, জৰায়ুৰ মুখ(ছাৰভিকছ) আৰ্হিতকৈ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ মৃত্যুৰ সংখ্যা আটাইতকৈ বেছি। ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২২,৪৪০ গৰাকী মহিলা এই ৰোগত আক্ৰান্ত হৈছে। তাৰ ভিতৰত ১৪,০৮০ গৰাকী মহিলা মৃত্যুমুখত পৰিব বুলি আশংকা কৰা হৈছে। আমাৰ দেশত জৰায়ুমুখ আৰু স্তনৰ কৰ্কট ৰোগৰ পাছত ডিম্বাশয়ৰ কৰ্কট ৰোগ তৃতীয় স্থানত আছে। যোৱা ২০ বছৰত এই ৰোগৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰা কাৰকসমূহ হ’ল -

১)বংশগত:

যদি পৰিয়ালৰ কোনো আত্মীয়ই ডিম্বাশয় বা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে, তেন্তে মহিলাগৰাকীৰ গেই ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব।

২)বয়স:

ঋতুস্ৰাৱ বন্ধ(মেন’পজ) হোৱাৰ পাছত এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বিশেষকৈ ৬০ বছৰৰ ওপৰত মহিলাৰ।

৩)প্ৰজনন:

যিসকল মহিলাই এবাৰ বা এবাৰতকৈ বেছি সন্তান জন্ম দিছে, বিশেষকৈ ২৬ বছৰ বয়সৰ আগতে, সেইসকল মহিলাৰ এই ৰোগৰ সম্ভাৱনা কম। যিমানবাৰ সন্তান জন্ম দিব, সিমানেই সম্ভাৱনা কমি যাব। সন্তানক স্তনপান কৰালেও সম্ভাৱনা হ্ৰাস পায়।

৪)জন্ম নিয়ন্ত্ৰণ:

জন্ম নিৰোধক(ব্যৰ্থ কন্ট্ৰ’ল) পিল ব্যৱহাৰ কৰা মহিলাৰ এই ৰোগৰ সম্ভাৱনা কম।

৫)স্বাভাৱিকভাৱে গৰ্ভৱতী নোহোৱা মহিলাই গৰ্ভৱতী হ’বলৈ ব্যৱহাৰ কৰা ঔসধ(ফাৰটিলিটি ড্ৰাগছ)সমূহে ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। বিশেষকৈ যিসকল মহিলাই এনেধৰণৰ ঔষধ ব্যৱহাৰ কৰাৰ পাছতো গৰ্ভৱতী নহয়। গৰ্ভৱতী নোহোৱা মহিলাৰ এই ৰোগৰ আশংকা বৃদ্ধি পায়।

৬)স্তনৰ কৰ্কট ৰোগ:

যিসকল মহিলাই স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হয়, সেইসকল মহিলাৰ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।

৭)হৰম’ন থেৰাপী:

ঋতুস্ৰাৱ একেবাৰে বন্ধ হৈ যোৱা মহিলাসকলৰ ডিম্বাশয়ত উৎপন্ন হোৱা হৰম’নসমূহৰ মাত্ৰা একেবাৰে কমি যায়। ফলত কিছুমান লক্ষণে দেখা দিয়ে, যিবোৰে মহিলাসকলৰ দৈনন্দিন জীৱন খুব কষ্টকৰ কৰি তোলে। এই লক্ষনসমূহৰ পৰা সকাহ পাবলৈ হৰম’নৰ ঔষধ দি চিকিৎসা কৰা হয়। এনেধৰণৰ চিকিৎসাক হৰম’ন(ৰিপ্লেচমেন্ট) থেৰাপী বুলি কোৱা হয়। এই চিকিৎসা দীৰ্ঘদিনৰ বাবে হ’লে ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা কিছু বৃদ্ধি পায়।

৮)মেদবহুলতা:

দেহৰ ওজন বৃদ্ধি পালে এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। বডী মাছ ইনডেক্স(বি এম আই) ৩০ৰ বেছো মহিলাসকলৰ ক্ষেত্ৰত এই ৰোগ বেছি দেখা যায়।

৯)জেনেটিকছ:

শৰীৰত থকা বি অকৰ চি এ-১ আৰু বি আৰ চি এ-২ জিনৰ পৰিৱৰ্তন(মিউটেচন) হ’লে ডিম্বাশয় আৰু স্তনৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। বি আৰ চি-১ৰ ক্ষেত্ৰত সম্ভাৱনা ৩৫ৰ পৰা ৭০ শতাংশ আৰু বি আৰ চি-২ৰ ক্ষেত্ৰত সম্ভাৱনা ১০-৩০ শতাংশ বৃদ্ধি পায়।

ডিম্বাশয়ৰ কৰ্কট ৰোগ কেনেকৈ নিৰ্ণয়(ডাইগন’ছিছ) কৰিব -

প্ৰাথমিক অৱস্থাত এই ৰোগ নিৰ্ণয় কৰা কঠিন, কাৰণ এনে অৱস্থাত খুব কম লক্ষণ দেখা দিয়ে আৰু এই লক্ষণসমূহ আন ৰোগৰ লক্ষণসমূহৰ লগত মিলে। যেতিয়া এই লক্ষণসমূহ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ বুলি গণু কৰা হয়। তেতিয়া এই ৰোগ শৰীৰত যথেষ্ট ক্বিয়পি পৰে।

১)চিকিৎসকৰ দ্বাৰা মহিলাৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰা।

২)কোনো লক্ষণ দেখা পালে, চিকিৎসকৰ পৰামৰ্শ লোৱা।

৩)এই ৰোগৰ উপস্থিতি জানিবৰ বাবে দুবিধ পৰীক্ষা কৰা হয়।

৪)ট্ৰেন্সভেজাইনেল আল্ট্ৰাছাউণ্ড- এইবিধ আল্ট্ৰাছাউণ্ড যোনিৰ ভিতৰেদি কৰা হয়।

ডিম্বাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি নেকি?

১)এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰা কাৰকসমূহ এৰাই চলা, যেনে- শৰীৰৰ ওজন স্বাভাৱিক অৱস্থাত ৰখা আৰু হৰম’ন ৰিপ্লেচমেন্ট থেৰাপী নকৰা।

২)জন্ম নিৰোধক পিল ব্যৱহাৰ কৰিলে এই ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। চিকিৎসকৰ পৰামৰ্শ লওক।

৩)কিছুমান স্ত্ৰীৰোগ শল্য চিকিৎসা যেনে- বন্ধ্যাকৰণ বা জৰায়ু উঠাই দিয়া আদিয়ে এই ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

সজাগতা -

ডিম্বাশয়ৰ কৰ্কট ৰোগ এটা ভয়ংকৰ ৰোগ। প্ৰাথমিক অৱস্থাত এই ৰোগ নিৰ্ণয় কৰিব পাৰিলে মৃত্যুৰ পৰা বাচিব পাৰি। ওপৰত উল্লেখ কৰা লক্ষণসমূহ কেইবা সপ্তাহো ধৰি থাকিলে ততালিকে চিকিৎসকৰ(বিশেষকৈ স্ত্ৰীৰোগ বিশেষজ্ঞ) পৰামৰ্শ লওক।

ডিম্বশয়ৰ কৰ্কট ৰোগৰ লক্ষণসমূহ -

প্ৰথম অৱস্থাত এই ৰোগৰ কোনো লক্ষণ দেখা নিদিয়ে। কেতিয়াবা এনে কিছুমান লক্ষণ দেখা দিয়ে, যিবোৰ সাধাৰনতে দৈনন্দিন জীৱনতো হৈ থাকে। সেইবাবে বেছিভাগ মহিলাই এই লক্ষণসমূহ গুৰুত্বসহকাৰে নলয়। ফলত কৰ্কট ৰোগ বহুত বেছি হৈ যায়। প্ৰথম অৱস্থাৰ লক্ষণসমূহ হ’ল-

১)তলপেটত বিষ,

২)কঁকালৰ বিষ,

৩)বদহজম আৰু বুকু জ্বলা,

৪)অলপ খোৱাৰ পাছতেই পেট ভৰ্তি যেন লগা,

৫)সঘনাই আৰু খুব জোৰে প্ৰস্ৰাৱ কৰিব লগা,

৬)যৌনক্ৰিয়াৰ সময়ত বিষ অনুভৱ কৰা,

৭)শৌচৰ পৰিৱৰ্তন যেনে- কোষ্ঠকাঠিন্য।

কৰ্কট ৰোগ বাঢ়ি অহাৰ লগে লগে আন কিছুমান লক্ষণে দেখা দিব।

লক্ষণসমূহ হ’ল -

১)বমি ভাব আহি থকা,

২)শৰীৰৰ ওজন হ্ৰাস হোৱা,

৩)উশাহ ল’বলৈ কষ্ট হোৱা,

৪)ভাগৰ লাগি থকা,

৫)ভোগ নলগা।

বিশেষ মন কৰিবলগীয়া:

কোনো মহিলাই যদি অলপ খালেই পেটফুলা যেন অনুভৱ কৰে বা পেট বা তলপেটত বিষ বা হেঁচা অনুভৱ কৰে আৰু এই লক্ষণসমূহ যদি কেইবা সপ্তাহ থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা একান্ত প্ৰয়োজনীয়।

লেখক: ডাঃ চন্দন বৰুৱা(নিয়মীয়া বাৰ্তা)